দেওবাৰে ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ সীমান্তৱৰ্তী চহৰ ছাব্ৰূমত এগৰাকী ৬৫ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰা হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি মহিলাগৰাকী পাকিস্তানী নাগৰিক। তেওঁ নেপালৰ কাৰাখানাৰ পৰা পলায়ন কৰিছিল। আৰক্ষী জনোৱা মতে, মহিলাগৰাকী ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ সদস্য।
ছাব্ৰূম আৰক্ষী থানাৰ বিষয়া নিত্যানন্দ সৰকাৰে জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ নাম লুইচ নিঘাট আখতাৰ ভানো।
প্ৰথমে ৰেল আৰক্ষীৰ এটা দলে ছাব্ৰুম ষ্টেচনত মহিলাগৰাকীক আটক কৰিছিল। পিছত তেওঁক সোধা-পোছাৰ বাবে স্থানীয় আৰক্ষী থানাত গতাই দিয়া হয়।
আাৰক্ষীৰ মতে, “মহিলাগৰাকীয়ে সম্ভৱতঃ সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। বৰ্তমান জেৰা চলি আছে। আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাই তেওঁৰ গতিবিধি আৰু উদ্দেশ্যৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।”
প্ৰাথমিক তদন্তত মহিলাগৰাকী নেপালৰ এখন কাৰাগাৰৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে। পাকিস্তানৰ সৈতেও মহিলাগৰাকীৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ভানো নামৰ মহিলাগৰাকী পাকিস্তানৰ শ্বেইখুপুৰাৰ বাসিন্দা মহম্মদ গোলাফ ফৰাজৰ পত্নী। প্ৰায় ১২ বছৰ পূৰ্বে তেওঁ পাকিস্তানী পাছপ’ৰ্ট ব্যৱহাৰ কৰি নেপালত প্ৰৱেশ কৰি তাতে ড্ৰাগছ সৰবৰাহ আৰম্ভ কৰিছিল।
২০১৪ চনত নেপাল আৰক্ষীয়ে ১ কিলোগ্ৰাম ব্ৰাউন চুগাৰসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। পিছত আদালতে ১৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কিন্তু যোৱা মাহত নেপালত হোৱা বৃহৎ গণ অভ্যুত্থানৰ সময়ত কাৰাগাৰৰ পৰা তেওঁ পলায়ন কৰে।





