• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাযায় আছু, নাযায় জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা : SIT ৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সাজু অতনু ভূঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2025 8:24 am
159
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে এখন বৈঠকৰ বাবে নিমন্ত্ৰণ জনাইছে ৰাজ্যৰ ১৩ গৰাকীকৈ বিশিষ্ট ব্যক্তিক। মঙলবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব এই বৈঠক।

এই বৈঠকলৈ নিমন্ত্ৰণ জনোৱা ব্যক্তি সকল হৈছে মনোজ কুমাৰ গোস্বামী, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, ডাঃ হিতেশ বৰুৱা, ৰাহুল গৌতম শৰ্মা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, সঞ্জীৱ ফুকন, ৰামানুজ দত্ত চৌধুৰী, শ্যামন্তক গৌতম, উৎপল শৰ্মা, জাৰিৰ হুছেইন, ৰাজদ্বীপ বাইলুং বৰুৱা আৰু অতনু ভূঞা।

Apply Now

অৱশ্যে তদন্তকাৰী দলে এই বৈঠক কি কাৰণে অনুষ্ঠিত কৰিব খুজিছে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। কিন্তু এই বৈঠকৰ বিষয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে।  এছ আই টিয়ে কি কাৰণত এই বৈঠক অনুষ্ঠিত কৰিবলৈন ওলাইছে আৰু কিহৰ ভিত্তিত এই ১৩ গৰাকী ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

সামাজিক মাধ্যমত এই বিষয়ে চলা ব্যাপক চৰ্চাৰ মাজতে এই নিমন্ত্ৰণ প্ৰত্যাখান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এই বৈঠকত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই অংশ নলয় বুলি পত্ৰযোগে জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

ইফালে, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই সামাজিক মাধ্যমত লিখিছে, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছৰে পৰা এগৰাকী দায়বদ্ধ সংবাদকৰ্মী হিচাপে আমি নিৰন্তৰ ন্যায়প্ৰাপ্তিৰ যুঁজখনৰ ওপৰত চকু ৰাখিছোঁ আৰু সকলো দিশৰ ওপৰত আইনী বিশেষজ্ঞ,চিকিৎসক,সমালোচক আৰু দল-সংগঠন তথা পৰিয়ালৰ লোকসকলৰ কথাবোৰ ND24ৰ জৰিয়তে দৰ্শকৰ সন্মুখলৈ লৈ আহিছোঁ৷আমি কোনো আইনী পৰামৰ্শদাতাও নহয়,স্বাস্থ্য বিশেষজ্ঞও নহয় অথচ কাইলৈ অনুষ্ঠিতব্য SITৰ এখন বৈঠকলৈ আমাক আমন্ত্ৰণ জনোৱা হৈছে৷ কিন্তু কি ‘যোগ্যতা’ৰ ভিত্তিত সেয়া আমি নাজানোঁ৷ এই বৈঠকলৈ আমি যোৱাৰ কোনো অৱকাশ বিচাৰি পোৱা নাই৷গতিকে নাযাওঁ৷ আইনৰ ওপৰত আমাৰ আস্থা আছে৷আইনে নিজৰ বাট বোলক৷ আমাৰ সিদ্ধান্ত একান্তই ব্যক্তিগত৷’’

জুবিন গাৰ্গৰ মুখাগ্নি কৰা ৰাহুল গৌতম শৰ্মায়ো এছ আই টিৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰিছে। ৰাহুল গৌতম শৰ্মাই লিখিছে, “জুবিন গাৰ্গক ন্যায় দিয়ক। তদন্তকাৰী সংস্থাই আদালতত নিখুঁত প্ৰতিবেদন দাখিল কৰক। তাৰ বাহিৰে বেলেগ কথা আমি নেপাতো দিয়ক। চৰকাৰী চাহ-চিংৰা পাছলে’ থাকক।”

ঠিক একেদৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়েও এই নিমন্ৰণ প্ৰত্যাখান কৰিছে।

আনহাতে সাংবাদিক অতনু ভূঞাই এই বৈঠকলৈ যাম বুলি উল্লেখ কৰিছে। তেওঁ লিখিছে, “কাইলৈ SITএ মোকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৫ জন ব্যক্তিক জুবিন গাৰ্গৰ মৃত্যু ৰহস্য তদন্তৰ বিষয়ে অৱগত কৰিবলৈ এখন বৈঠকৰ আহ্বান কৰিছে৷ এই বৈঠকলৈ যাবলৈ মোৰ সৎ সাহস আছে৷  মই কোনো নিজা ৰায় নোহোৱাকৈ এজন সাংবাদিক হিচাপে যাম৷ সমগ্ৰ অসমবাসীয়ে জুবিনৰ মৃত্যু ৰহস্যৰ বিষয়ে জানিবলৈ অতি উদগ্ৰীৱ হৈ আছে৷  মই অসমবাসীৰ প্ৰতিনিধি নহ’লেও জুবিনৰ অন্তৰংগ বন্ধু হিচাপে SITএ জনাব খোজা কথাখিনি শুনি সেয়া অসমবাসীক অৱগত পৰাৰ চেষ্টা কৰিম৷ ৰাইজৰ উৎকণ্ঠাৰ অৱসান ঘটাব পৰা কথাখিনি ৰাইজক জনোৱাটো সাংবাদিক হিচাপে মোৰ দায়িত্ব আৰু কৰ্তব্য৷ SITৰ সন্মুখত উপস্থিত হ’ব নোৱাৰাকৈ মই কাপুৰুষ নহয়৷’’

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়েও সামাজিক মাধ্যমত লিখিছে এইদৰে,  “এই সকলনো কিয় বিশিষ্ট ব্যক্তি ? মই অন্তত: মোৰ নামৰ আগত বিশিষ্ট নিলিখিবলৈ পূৰ্বতে পোষ্ট দি থৈছোঁ ৷ বিশিষ্ট নিলিখিবলৈ কোৱা মোৰ লেখাটো এইবাৰ গ্ৰন্থ-মেলাত প্ৰকাশ পাবলগীয়া কিতাপ এখনতো সন্নিবিষ্ট কৰা হৈছে যাতে বিশিষ্ট লিখিলে আদালতলৈ যাব পাৰোঁ ভৱিষ্যতে ৷৷ʼʼ

যি কি নহওক, এই বৈঠকত কেইবাজনো লোকেই যে অংশ নলয় সেয়া স্পষ্ট হৈ পৰিছে। এই বৈঠক কিয় আয়োজন কৰা হৈছে, কি কাৰণে এই সকল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে বা বৈঠকত কি তথ্য দিয়া হ’ব সেয়া পৰৱৰ্তী সময়ত হয়তো লক্ষনীয় হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd