আজিকালি সৰুৰে পৰা কিতাপ ভৰ্তি বেগ কঢ়িয়াই স্কুললৈ যওৱা শিশুৰ ডিঙি আৰু কান্ধৰ বিষ হয়। প্ৰতিযোগিতাৰ যুগত ল’ৰা-ছোৱালী দৌৰি ফুৰোতে ভাগৰুৱা হৈ পৰে। আৰু অভিভাৱকসকলেও নিজৰ সন্তানক প্ৰতিযোগিতাৰ যুগৰ সৈতে বিকশিত কৰিবলৈ অতিৰিক্ত জোৰ দিয়ে। অৱশ্যে এই সকলোবোৰৰ ভিতৰত শিশুৰ স্বাস্থ্যৰ যত্নও অতি গুৰুত্বপূৰ্ণ। যিটো আমি পাহৰি যাওঁ।
শিশুসকলক প্ৰতিদিনে ষ্ট্ৰেচিঙৰ অভ্যাস কৰাওক। তেতিয়া তেওঁলোকৰ উচ্চতা বৃদ্ধি পাব, তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, যাৰ বাবে শিশুৱেও সংক্ৰামক ৰোগৰ পৰা আঁতৰি থাকিব।
ষ্ট্ৰেচিঙে শৰীৰক নমনীয় কৰি তোলে, পেশীবোৰ শিথিল কৰে আৰু সামগ্ৰিক শাৰীৰিক ফিটনেছ উন্নত কৰে, যিয়ে পৰোক্ষভাৱে সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
শিশুৱে দৰাচলতে কেনেধৰণৰ ষ্ট্ৰেচিং কৰিব পাৰে চাওঁ আহক:
* প্ৰথমে আৰ্ম চাৰ্কোল। এবাৰ ঘড়ীৰ কাঁটাৰ দিশত আৰু তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এটা হাত কান্ধৰ পৰা ১০ বাৰ ওপৰলৈ-তললৈ ঘুৰাব লাগে।
* ইয়াৰ পিছত শ্বোল্ডাৰ চাৰ্কোল। পোনে পোনে থিয় হৈ কান্ধ দুটা ঘড়ীৰ কাঁটাৰ দিশত ১০ বাৰ আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ১০ বাৰ ঘূৰাই দিব।
* এই দুটা ষ্ট্ৰেচে শৰীৰৰ জড়তা হ্ৰাস কৰিব। ইয়াৰ পিছত পোনে পোনে থিয় হৈ চাইড বেণ্ডিং, বেক বেণ্ডিং আৰু ফ্ৰন্ট বেণ্ডিং ১০ বাৰ কৰক। শৰীৰটো এবাৰ বাওঁফালে, এবাৰ সোঁফালে আৰু তাৰ পিছত তললৈ হেলনীয়া কৰি ভৰিৰ আঙুলি দুহাতেৰে স্পৰ্শ কৰক।
* বাটাৰফ্লাই পোজ কৰিব পাৰে। শিশুৰ বাবে এটা অতি ভাল ষ্ট্ৰেচিং। মজিয়াত বহি ভৰি দুখন একেলগে ৰাখক। এইবাৰ ভৰিৰ পতাত দুহাতেৰে ধৰি আঁঠু দুটা ওপৰলৈ আৰু তললৈ নমাব। এই ব্যায়ামটো ১০ টা ছেটত তিনিবাৰ কৰক।
* শিশুৰ বাবে আন এটা ভাল ষ্ট্ৰেচিং হ’ল পেলভিক টিল্ট। প্ৰথমে চিত হৈ শুই থাকক। এইবাৰ কঁকালটো মাটিত ৰাখি ভৰি দুখন মাটিৰ পৰা তুলি কঁকালৰ লগত সমান কোণত দহ ছেকেণ্ডৰ বাবে ৰাখিব। হাত দুখন শৰীৰৰ দুয়োফালে থাকিব। এইবাৰ সোঁ আৰু বাওঁ ভৰি দুখন পৰ্যায়ক্ৰমে তুলি একে অৱস্থাতে ৰাখিব লাগিব। এই ব্যায়ামৰ ফলত পেটত চাপ পৰিব। ইয়াৰ ফলত চৰ্বি কমাত সহায়ক হ’ব।
ষ্ট্ৰেচিঙৰ কি কি উপকাৰ হ’ব পাৰে চাওঁ আহক:
*উচ্চতা বৃদ্ধি: ষ্ট্ৰেচিঙে অংগ-প্ৰত্যংগৰ পেশী আৰু হাড়ৰ স্বাভাৱিক বিকাশত সহায় কৰে, যিয়ে উচ্চতা বৃদ্ধিত সহায় কৰে।
* একাগ্ৰতা বৃদ্ধি: নিয়মিতভাৱে ষ্টেচিঙে মানসিক চাপ কমোৱা আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। ই শিশুসকলক অধ্যয়ন আৰু অন্যান্য কামত অধিক মনোনিৱেশ কৰাত সহায়কৰে।
*ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : ষ্ট্ৰেচিং আৰু শাৰীৰিক ব্যায়ামে শৰীৰৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই সংক্ৰামক বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।
* শাৰীৰিক ফিটনেছ: ষ্ট্ৰেচিঙে শৰীৰৰ নমনীয়তা বৃদ্ধি কৰে আৰু পেশীবোৰ শিথিল কৰে, যাৰ বাবে শিশুৱে খেলা-ধূলা আৰু অন্যান্য কামৰ সময়ত অধিক আৰাম অনুভৱ কৰে।
সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে পৰামৰ্শ:
*সুষম খাদ্যঃ শিশুৰ উচ্চতা আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ যেনেকৈ ষ্ট্ৰেচিং কৰাটো প্ৰয়োজনীয়, ঠিক তেনেদৰে সুষম আৰু পুষ্টিকৰ খাদ্যও অতি গুৰুত্বপূৰ্ণ।
*পৰ্যাপ্ত টোপনিঃ শিশুৰ বাবে পৰ্যাপ্ত টোপনিয়েও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
* শাৰীৰিক ব্যায়াম: ষ্ট্ৰেচিঙৰ উপৰিও শিশুৱে নিয়মিতভাৱে আন আন শাৰীৰিক ব্যায়াম, যেনে দৌৰা, খেলা-ধূলা আদি কৰিব লাগে।





