অতিৰিক্ত ওজন বা মেদবহুলতা আজিৰ জীৱনত এটা ডাঙৰ স্বাস্থ্যজনিত সমস্যা। বহুতে ভাবে যে মেদবহুলতাই কেৱল হৃদযন্ত্ৰ, হৰম’ন বা বিপাকীয় ক্ৰিয়াতহে প্ৰভাৱ পেলায়। কিন্তু বাস্তৱত ওজন আৰু ছালৰ স্বাস্থ্যৰ মাজত গভীৰ সম্পৰ্ক আছে। যদি আপুনি মেদবহুল হয় তেন্তে ছালৰ প্ৰাকৃতিক ভাৰসাম্য নষ্ট হয়। ফলত সংক্ৰমণ, ক’লা দাগ আৰু বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ সৃষ্টি হয়।
আচলতে মেদবহুলতাৰ অৰ্থ হ’ল শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা। যিয়ে কেৱল ৰূপ সলনি কৰাই নহয়, ছালৰ কোষ, ৰক্ত সঞ্চালন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও প্ৰভাৱিত কৰে। বিশেষজ্ঞসকলৰ মতে, শৰীৰত চৰ্বি জমা হ’লে ৰক্তবাহী নলীৰ কাৰ্যক্ষমতা কমি যায়, যাৰ ফলত ছালত অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থৰ যোগান বাধাগ্ৰস্ত হয়। ইয়াৰ ফলত ঘাঁ ভাল হ’বলৈ বেছি সময় লাগে আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
মেদবহুলতাৰ ফলত ছালৰ কি কি সমস্যা হয়
১️) ফাংগাল বা ভেঁকুৰৰ সংক্ৰমণঃ শৰীৰত চৰ্বি বেছি হ’লে ছালৰ ভাঁজ বেছি হয়, য’ত আৰ্দ্ৰতা জমা হয়। এই আৰ্দ্ৰ পৰিৱেশ ভেঁকুৰ বা বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে আদৰ্শ স্থান। ফলত ছালত খজুৱতি, ৰঙা ফোহা, বেয়া গোন্ধ আদি হ’ব পাৰে।
২️) ষ্ট্ৰেচ মাৰ্ক বা দাগ: ওজন বৃদ্ধি হ’লে ছালখন দ্ৰুত প্ৰসাৰিত হয়, যাৰ ফলত মাজৰ স্তৰটো মিহিকৈ ফাটি যায়। ইয়াৰ ফলত ৰঙা বা বগা দাগ সৃষ্টি হয় যিবোৰ প্ৰায়ে স্থায়ী হয়।
৩️) ঘাঁ ভাল হোৱাত পলম হয়: মেদবহুল লোকৰ শৰীৰত বিশেষকৈ ভৰি আৰু তলপেটত ৰক্ত সঞ্চালন লেহেমীয়া হয়। ফলত ঘাঁবোৰ শুকাবলৈ বা ভাল হ’বলৈ বেছি সময় লাগে।
৪️) ক’লা দাগ: যদি আপোনাৰ ওজন বেছি হয় তেন্তে ডিঙিত, বাহুত, স্তনৰ তলত বা কৰঙণত ডাঠ, ক’লা মুগাৰ দৰে দাগ দেখা পাব পাৰে। সাধাৰণতে ই ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ লক্ষণ।
৫️) ছালৰ টেগ: ডিঙি বা কান্ধত অতিৰিক্ত ছালৰ সৰু সৰু গোট গঠন হয়। দেখাত সৰু সৰু ওলমি থকা মাংসপিণ্ডৰ দৰে, যিবোৰ সাধাৰণতে হৰম’নৰ ভাৰসাম্যহীনতা বা ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ বাবে হয়।
৬️) লিম্ফেডিমা বা ভৰিৰ ফুলা: অতিৰিক্ত ওজনৰ ফলত শৰীৰত লিম্ফ তৰল পদাৰ্থৰ সঞ্চালনত বাধাৰ সৃষ্টি হয়। বিশেষকৈ ভৰিত এইটো দেখা যায়। ইয়াৰ ফলত ছাল ফুলি, কঠিন হৈ পৰে আৰু সংক্ৰমণ হ’ব পাৰে।
ছালৰ যত্নৰ বাবে কি কৰিব লাগে
*প্ৰতিদিনে গা ধোৱাৰ পিছত ছালখন ভালদৰে শুকুৱাই লওক, বিশেষকৈ ভাঁজবোৰ।
* চিকিৎসকৰ পৰামৰ্শ মতে পাতল এন্টিফাংগেল পাউদাৰ ব্যৱহাৰ কৰিব পাৰে।
* শ্বাস-প্ৰস্বাস লোৱাত অসুবিধা নোহোৱা পাতল কাপোৰ পিন্ধক।
* নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ দ্বাৰা ওজন নিয়ন্ত্ৰণত ৰাখক।
* ডিঙিত বা কান্ধত যদি ক’লা দাগ, খজুৱতি বা ঘা দেখা যায় তেন্তে পলম নকৰি ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক।





