এগৰাকী প্ৰতিযোগিতা মূল পৰীক্ষাৰ প্ৰাৰ্থীক হত্যা কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী ২১ বছৰীয়া যুৱতীক। জানিব পৰা মতে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো একেলগে বসবাস কৰিছিল। গ্ৰেপ্তাৰ হোৱা যুৱতীগৰাকী ফৰেনচিক বিজ্ঞানৰ ছাত্ৰী।
অভিযোগ অনুসৰি, ফৰেনচিক বিজ্ঞানৰ জ্ঞান আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰি এই হত্যাকাণ্ডক প্ৰমাণহীন কৰি তাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে যুৱতীগৰাকীয়ে। অৱশ্যে হত্যাৰ তিনি সপ্তাহৰ পিছত আৰক্ষীৰ জালত পৰে যুৱতীগৰাকী।
আৰক্ষীয়ে জনোৱা মতে, মৃত ৩২ বছৰীয়া যুৱকজনৰ নাম ৰামকেশ মীনা। তেওঁৰ লিভ ইন পাৰ্টনাৰ অমৃতা চৌহান আৰু অমৃতাৰ প্ৰাক্তন প্ৰেমিক সুমিত কাশ্যপৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উঠিছে। অমৃতাৰ লগতে সুমিতকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই হত্যাকাণ্ডত সুমিতৰ বন্ধু সন্দীপ কুমাৰো জড়িত আছিল বুলি আৰক্ষীয়ে জানিব পাৰিছে। আটাইকেইজন অভিযুক্ত মোৰাদাবাদৰ বাসিন্দা।
চলিত মাহৰ আৰম্ভণিতে দিল্লীৰ গান্ধী বিহাৰৰ এটা ফ্লেটত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৰামকেশ। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰামকেশ আৰু অমৃতাই প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণিৰ পৰাই একেলগে বাস কৰিছিল। ইয়াৰ মাজতে অমৃতাৰ প্ৰাক্তন প্ৰেমিক সুমিত পুনৰ অমৃতাৰ জীৱনলৈ ঘূৰি আহে। ইয়াৰ পিছত অমৃতা আৰু সুমিতে ৰামকেশক হত্যা কৰাৰ পৰিকল্পনা কৰে।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। তেওঁলোকে ৰামকেশক ডিঙি চেপি হত্যা কৰা বুলি সৈ কাঢ়িছে।





