• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশলৈ বিতাড়িত পৰিয়াল দুটাক ঘূৰাই অনাৰ নির্দেশৰ বিৰুদ্ধে কেন্দ্ৰৰ আবেদন উচ্চতম ন্যায়ালয়ত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 8:36 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ বীৰভূম জিলাৰ দুটা দৰিদ্ৰ প্ৰব্ৰজিত শ্ৰমিক পৰিয়ালক বাংলাদেশলৈ বিতাড়িত, নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰী বুলি অভিযোগ কৰা দুটা প্ৰব্ৰজিত শ্ৰমিক পৰিয়ালক ঘূৰাই আনিবলৈ কলিকতা উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি, বিতাড়িত পৰিয়াল দুটাক চাৰি সপ্তাহৰ ভিতৰত ঘূৰাই আনিবলৈ কলিকতা উচ্চ ন্যায়ালয়ে ২৬ ছেপ্টেম্বৰত দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেন্দ্ৰই আবেদন দাখিল কৰিছে। উক্ত আদেশত উচ্চ ন্যায়ালয়ে আঠ মাহীয়া গৰ্ভৱতী সুনালী খাতুনকে ধৰি ছয়জন লোকৰ বিতাৰনৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি তেওঁলোকক ভাৰতলৈ ঘূৰাই আনিবলৈ নিৰ্দেশ দিছিল।

Apply Now

২২ অক্টোবৰত কেন্দ্ৰীয় গৃহ মন্ত্রালয় আৰু দিল্লী আৰক্ষীয়ে যৌথভাৱে উচ্চতম ন্যায়ালয়ত এই আদেশ প্ৰতিৰোধৰ বাবে আবেদন দাখিল কৰে। আবেদনত যুক্তি দৰ্শাইছে যে, একেধৰণৰ দুইখন আবেদন ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন থাকোতে কলিকতা উচ্চ ন্যায়ালয়ে এই গোচৰ গ্ৰহণ কৰা ন্যায়সংগত নহয়।

উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত অতিৰিক্ত ছলিচিটৰ জেনেৰেল অশোক কুমাৰ চক্ৰৱৰ্তীয়ে অভিযোগ উত্থাপন কৰে যে সুনালী খাতুনৰ পিতৃ ভোডু শ্বেখে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ বন্দী প্ৰত্যক্ষীকৰণ (হাবিয়াছ কৰ্পাছ)ৰ অধীনত আবেদন দাখিলৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ত একেই বিষয়ৰ শুনানি চলি থকাৰ কথা গোপন কৰা হৈছিল। এই বিষয়টো আদালতৰ পৰা লুকুৱাই ৰখা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

ইফালে,কলিকতা উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ পৰা বিতাড়নৰ প্ৰক্ৰিয়া সম্পৰ্কে বিস্তাৰিত তথ্য আৰু শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰই শপতনামাত বিতাড়িত লোকসকল “বাংলাদেশী নাগৰিক” বুলি উল্লেখ কৰে।

প্ৰাসংগক্ৰমে মে’ মাহৰ পৰা বিজেপি শাসিত কেইবাখনো ৰাজ্যত হাজাৰোধিক বঙালী ভাষাভাষীক বিদেশী সন্দেহত আটক কৰাৰ ঘটনা চর্চা লাভ কৰিছে।

প্ৰব্ৰজিত শ্ৰমিকক গোট খুৱাই তেওঁলোকক ভাৰতীয় নাগৰিক তথা নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰী নহয় বুলি প্ৰমাণ কৰিবলৈ কোৱা হৈছে। বহু ক্ষেত্ৰত নথিপত্ৰ থকা স্বত্বেও বহু নাগৰিকক বিদেশী ঘোষণাৰে বাংলাদেশলৈ বিতাড়িত কৰাৰো অভিযোগ উঠিছে।

সুনালী খাতুনৰ পৰিয়ালৰ দাবী অনুযায়ী, জুন মাহত দিল্লীৰ পৰা আটক কৰি সীমান্ত পাৰ হোৱাৰ বাবে বাধ্য কৰা ছয়জনৰ ভিতৰত সুনালী, তেওঁৰ স্বামী দনিছ শ্বেখ আৰু তেওঁলোকৰ আঠ বছৰীয়া কন্যা উপস্থিত আছিল। আনটো পৰিয়াল আছিল বীৰভূমৰ ৩২ বছৰীয়া ছুইটি বিবি আৰু তেওঁৰ দুজন পুত্ৰ (বয়স ৬ আৰু ১৬ বছৰ)।

এই গোচৰক লৈ এতিয়া ৰাজনৈতিক মহলতেও তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিছে। মানবাধিকাৰ সংগঠনসমূহে এই ঘটনাক “আইনবহিৰ্ভূত বিতাড়ন” বুলি বৰ্ণনা কৰি কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সন্দেহজনক বুলিও মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd