• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চম সন্তান জন্মৰ পিছতে এয়া কি কৰিলে মাতৃয়ে? নৱজাতকৰ মুখ দেখি শিয়ঁৰি উঠিল আত্মীয়-স্বজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 10:39 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্ম হোৱাৰ কেইঘণ্টামান পিছতে মাতৃৰ হাততে এক কৰুণ পৰিণতি ঘটিল নৱজাত সন্তানৰ। চিকিৎসালয়ত নৱজাত শিশুটিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মাতৃৰ বিৰুদ্ধে। সন্তানটো জন্ম হোৱাৰ কেইঘণ্টামান পিছতে মাতৃগৰাকীয়ে ডিঙি চেপি হত্যা কৰে। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাত। শনিবাৰে আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চুৰু জিলাৰ এখন চৰকাৰী চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা গুদ্দু দেৱী নামৰ এগৰাকী ৪০ বছৰীয়া মহিলাই পঞ্চম সন্তানৰ জন্ম দিয়ে। নৱজাতকৰ মুখ চাই পৰিয়ালৰ আত্মীয়ই চিকিৎসালয়খনৰ আন এটা ৱাৰ্ডত জিৰণি লৈ আছিল। ইয়াৰ মাজতে মাতৃগৰাকীয়ে নৱজাত শিশুটিক ডিঙি চেপি হত্যা কৰে।

Apply Now

আৰক্ষী বিষয়া সুখৰাম চোতিয়াই কয় যে গুড্ডু দেৱীয়ে আৰ্থিকভাৱে জুৰুলা হৈ আছিল। পৰিয়ালৰ খৰছ পূৰাবলৈ তেওঁৰ সামৰ্থ্য নাছিল। এই কথাত তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। তদুপৰি গুড্ডু দেৱীৰ স্বামী তৰাচান্দ বহুদিন পক্ষাঘাতগ্ৰস্ত হৈ বিচনাত পৰি আছিল। পঞ্চম সন্তান জন্ম হোৱাৰ পিছত আত্মীয়ক কয় যে তেওঁৰ হাতত আন এটা সন্তানৰ যত্ন ল’ব পৰাকৈ আৰ্থিক সামৰ্থ্য নাই।

শুকুৰবাৰে পুৱা গুড্ডুৰ ভগ্নী মাইনা দেৱী নৱজাতকক চাবলৈ গৈছিল। তেওঁ লগে লগে লক্ষ্য কৰিলে যে নৱজাতকটো লৰচৰ কৰা নাই। কোনো সঁহাৰি নাপালে। ডিঙিত আঘাত পোৱাৰ চিন আছিল। তেওঁ খৰধৰকৈ ডাক্তৰক খবৰ দিলে। নৱজাতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তাক ডিঙি চেপি হত্যা কৰা হৈছে। ইয়াৰ পিছতে হত্যাকাৰী মাতৃৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ হ’লেহে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।

যোৱা ছেপ্টেম্বৰ মাহতো সংঘটিত হৈছিল আন এক নৃশংস হত্যাকাণ্ড। পুত্ৰৰ আৰু এজনী কন্যা সন্তান হৈছিল! একেৰাহে দুজনী কন্যা সন্তান জন্ম দিয়াৰ পিছত আইতাক অসন্তুষ্ট আছিল। বুঢ়ীয়ে নাতিৰ আশা কৰিছিল। যেতিয়া তেওঁৰ আশা পূৰণ নহ’ল, তেতিয়া তেওঁ চাৰিমহীয়া নাতিনীক হত্যা কৰিলে। নাতিনীয়েকক গোপনে ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰো কৰিছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাত। আৰক্ষীৰ সূত্ৰ অনুসৰি বৰখেদী গাঁৱত এগৰাকী বৃদ্ধাই নিজৰ চাৰি মহীয়া নাতিনীক ডিঙি চেপি হত্যা কৰে। তেওঁ নাতিনীয়েকক পছন্দ কৰা নাছিল। তেওঁ বিচাৰিছিল পৰিয়ালটোলৈ নাতি এটা আহিব। সেইবাবেই বুঢ়ীয়ে নাতিনীক হত্যা কৰে।

তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে বৃদ্ধাগৰাকীৰ নাম মীনাবাই আছোৱাৰ। যোৱা শুকুৰবাৰে ঘৰৰ পিছফালে দোলনাত টোপনি আহিছিল চাৰি মহীয়া কেঁচুৱা ছোৱালীজনী। শুই থকা কেঁচুৱা কন্যাৰ মুখত টাৱেল এখন ধৰি বুঢ়ীয়ে ডিঙি চেপি হত্যা কৰিলে। সেই সময়ত কেঁচুৱা ছোৱালীজনীৰ মাক ঘৰৰ ভিতৰত কামত ব্যস্ত আছিল।

কেঁচুৱা ছোৱালীজনীক হত্যা কৰাৰ পিছত বুঢ়ীয়ে মৃতদেহটো এটা মোনাত ভৰাই শুকান কুঁৱা এটাত পেলাই দিয়ে। কিছুসময়ৰ পাছতে কেঁচুৱা ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ খবৰ পাই গাঁৱত হুলস্থুলৰ সৃষ্টি হয়। পৰিয়াল আৰু গাঁওবাসীয়ে খৰধৰকৈ আৰক্ষীক খবৰ দিয়ে। ছোৱালীজনীক বিচাৰি ফুৰোতে ককাকে কুঁৱাটোত এটা বেগ পাইছিল। কিন্তু সেই সময়ত বুঢ়ীয়ে স্বামীক বিষয়টো আওকাণ কৰিবলৈ অনুৰোধ কৰে। তেওঁ কয় যে বেগটোত ঋতুস্ৰাৱৰ লেতেৰা কাপোৰ আছিল।

তিনিদিন পিছত আৰক্ষীয়ে কুঁৱাৰ পৰা বেগটো উদ্ধাৰ কৰি ছোৱালীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে মৃত ছোৱালীজনীৰ পিতৃয়ে জনোৱা মতে, হত্যাকাণ্ডৰ তিনিদিন পিছত বুঢ়ীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁৱো কঠোৰ শাস্তিৰ দাবী জনায়। আৰক্ষীৰ জেৰাৰ সময়ত বৃদ্ধাগৰাকীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd