• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈৰ পৰা আৰম্ভ হ’ব COP30 জলবায়ু সন্মিলন…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 5:29 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিলৰ বেলেমত ১০ নৱেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হ‘ব ৰাষ্ট্ৰসংঘৰ ৩০ সংখ্যক জলবায়ু পৰিৱৰ্তন সন্মিলন, এই সন্মিলনক COP30 নামেৰেও জনাজাত। ৩০ নৱেম্বৰলৈকে এই সন্মিলন আমাজন বৰ্ষাৰণ্যৰ মাজমজিয়াত অনুষ্ঠিত হ‘ব।

আয়োজক দেশ ব্ৰাজিলে আলোচনাত নতুন প্ৰতিশ্ৰুতি দিয়াৰ সলনি পুৰণি প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাত গুৰুত্ব দিয়াৰ পোষকতা কৰিছে। প্ৰথমবাৰৰ বাবে, বিশ্ব নেতাসকলে স্বীকাৰ কৰিছে যে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাত বাধা দিবলৈ বিশ্ব ব্যৰ্থ হৈছে। জলবায়ুৰ আটাইতকৈ ভয়াৱহ ক্ষতিৰ পৰা হাত সাৰিবলৈ ২০১৫ চনত ১৯৭ খন দেশে স্বাক্ষৰ কৰা পেৰিছ চুক্তিৰ জড়িয়তে এই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।

Apply Now

শেহতীয়াকৈ COP29 ৰ প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষটো এতিয়ালৈকে হোৱা আটাইতকৈ উষ্ণ বছৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰসংঘৰ মূৰব্বী এণ্টনিঅ’ গুটেৰেছে এক সাক্ষাৎকাৰত কয় যে উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ গ‘লে বতৰৰ চৰম পৰিৱৰ্তন, বানপানী, খৰাং আৰু সাগৰৰ পানী বৃদ্ধি হ‘ব পাৰে। কাৰ্য্যত বিলম্ব কৰিলে বিপজ্জনক “টিপিং পইণ্ট” অৰ্থাৎ বিপদ সীমা পাৰ হোৱাৰ ভয় থাকে। এনে পৰিস্থিতি আহিলে পৃথিৱীৰ অপূৰণীয় ক্ষতি হ’ব, যিটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, যেনে আমাজন বৰ্ষাৰণ্য শুকান ঘাঁহনিলৈ পৰিণত হোৱা। “অনতিপলমে ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰাটো এতিয়া অনিবাৰ্য আৰু ইয়াৰ পৰিণতি ধ্বংসাত্মক হ’ব,” বুলি মত প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ মূৰব্বী গৰাকীয়ে।

COP30 ত প্ৰায় প্ৰতিখন দেশৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই সন্মিলনত ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ জলবায়ু চুক্তি স্বাক্ষৰ কৰা দেশসমূহ একত্ৰিত হয়। ইয়াত অন্তৰ্ভুক্ত গোটসমূহ হ‘ল: উন্নয়নশীল দেশসমূহৰ জি৭৭+চীন গোট, ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ গোট (যিটো বৃদ্ধি পোৱা সাগৰৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত) BASICৰ দেশসমূহ: ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, ভাৰত, আৰু চীন।

শেহতীয়াকৈ নেতৃত্বৰ ভূমিকাৰ পৰা পিছুৱাই গৈছে আমেৰিকা। এতিয়া চীন আৰু ব্ৰাজিলৰ দৰে দেশসমূহে আলোচনাৰ পথ প্ৰদৰ্শনৰ বাবে আগবাঢ়িছে।

COP30 ৰ মূল বিষয়সমূহৰ ভিতৰত আছে:

জীৱাশ্ম ইন্ধনৰ ওপৰত পুৰণি প্ৰতিশ্ৰুতি: কয়লা, তেল আৰু গেছৰ ব্যৱহাৰ ক্ৰমান্বয়ে বন্ধ কৰাৰ বাবে দেশসমূহে COP28 ৰ পৰিকল্পনা মানি চলিব লাগে।

বনাঞ্চল সুৰক্ষা: জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আমাজন আৰু অন্যান্য বনাঞ্চলসমূহ অতি গুৰুত্বপূৰ্ণ। ইহঁতে কাৰ্বন জমা কৰি জীৱন ৰক্ষা কৰে। কিন্তু কাঠ কটা, খনন, কৃষি, তেল খনন আদিয়ে ইহঁতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

দুৰ্বল লোকসকলক সহায় কৰা: এই সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত খিলঞ্জীয়া গোট আৰু অন্যান্যসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ‘ব। কেৱল আমাজনতে ৪০০ৰো অধিক খিলঞ্জীয়া সম্প্ৰদায়ৰ বাসস্থান, যিয়ে অঞ্চলটোৰ জনসংখ্যাৰ প্ৰায় ১০% প্ৰতিনিধিত্ব কৰে। বেলেমক এই গুৰুত্বপূৰ্ণ বৰ্ষাৰণ্যখনৰ “দ্বাৰ” বুলি গণ্য কৰা হয়।

COP30 এ কেনেকৈ কাম কৰে?

দুসপ্তাহ ধৰি চলিব লগা এই অনুষ্ঠানৰ প্ৰথম সপ্তাহত প্ৰতিখন দেশৰ আলোচনাকাৰীয়ে কি কি বিষয়ত প্ৰথমে প্ৰাধান্য দিব নিৰ্ধাৰণ কৰাৰ লগতে নিজৰ নিজৰ ধাৰণাসমূহ তুলি ধৰিব। চৰকাৰ আৰু ব্যৱসায়ীসকলে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ পৰিকল্পনা আৰু আৰ্থিক প্ৰতিশ্ৰুতি ঘোষণা কৰিব।

দ্বিতীয় সপ্তাহত মন্ত্ৰীসকলে আলোচনা কৰি চুক্তিত উপনীত হ‘ব। তেওঁলোকৰ লক্ষ্য হ‘ব, বৈঠক শেষ হোৱাৰ আগতে চূড়ান্ত পদক্ষেপৰ ওপৰত একমত হোৱা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd