অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) আৰু ৰাজ্যৰ ভোটাৰ তালিকা সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। তেওঁ অভিযোগ কৰিছে যে ব্যাপক অনিয়মৰ সুযোগ লৈ প্ৰায় ৮০ লাখ বিদেশী নাগৰিকক ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেৱে অসমৰ বৰ্তমানৰ ভোটাৰ তালিকাক “ভুল” আখ্যা দিয়ে বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে। তেওঁ দাবী কৰে যে, “প্ৰায় ৮০ লাখ বাংলাদেশী মুছলমানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে।” প্ৰাক্তন বিধায়কগৰাকীয়ে লগতে কয় যে এনআৰচি প্ৰক্ৰিয়াই এই লোকসকলক চিনাক্ত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বাবে ইয়াক অক্ষম কৰি তুলি কৰি তুলিছে।
২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশিত চূড়ান্ত এনআৰচিত ভুল নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, “অসমৰ এনআৰচি ত্ৰুটিৰে ভৰি আছে।
এনআৰচিক “অতি ত্ৰুটিপূৰ্ণ” আৰু বাস্তৱতাক প্ৰতিফলিত নকৰা বুলি অভিহিত কৰি শিলাদিত্য দেৱে এখন নতুন, অধিক স্বচ্ছ দেশজোৰা NRCৰ দাবী উত্থাপন কৰে। তেওঁ কয়, “অসমৰ NRC প্ৰক্ৰিয়া ভাৰতৰ বাবে এক শিক্ষা হ‘ব লাগে। আমাক এটা শক্তিশালী পৰীক্ষণ ব্যৱস্থাৰে এখন ব্যাপক ৰাষ্ট্ৰীয় এনআৰচি লাগে।”
ৰাজনৈতিক দূৰদৰ্শিতাৰ অভাৱৰ অভিযোগ উত্থাপন কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বকো তীব্ৰ সমালোচনা কৰে। আৰু “অসমৰ কংগ্ৰেছ সভাপতিজনে ৰাজনীতি বুজি নাপায়—এয়া কেৱল শিশুৰ খেল বুলি কটাক্ষ কৰে।
উল্লেখ্য যে, ৩১ আগষ্ট, ২০১৯ত প্ৰকাশিত চূড়ান্ত এনআৰচিৰ তালিকাত ৩.৩ কোটিৰো অধিক আবেদনকাৰীৰ ভিতৰত প্ৰায় ১৯ লাখ আবেদনকাৰীক বাদ দিয়া হৈছিল। এই তালিকাৰ শুদ্ধতাক লৈ কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বাৰে বাৰে এই তালিকাখনক “ত্ৰুটিপূৰ্ণ” বুলি অভিহিত কৰি নথিখনৰ পুনৰ পৰীক্ষণৰ দাবী জনাই আহিছে।




