এগৰাকী আইপিএল খেলুৱৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা ক্ৰিকেটাৰে। তেওঁ খেলুৱৈজনৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ আৰু শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ আনিছে। এই অভিযোগত অভিযুক্ত আইপিএল খেলুৱৈজনৰ নাম বিপ্ৰজ নিগম বুলি উল্লেখ কৰা হৈছে।
হায়দৰাবাদৰ নিবাসী, কিন্তু বৰ্তমান নয়ডাৰ এটা পিজি (PG)ত থকা ভুক্তভোগী মহিলা ক্ৰিকেটাৰগৰাকীৰ মতে, ২০২৫ চনৰ মে‘ মাহত তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে আইপিএল খেলুৱৈ বিপ্ৰজ নিগমক লগ পাইছিল।
চিনাকী হোৱাৰ পাছত দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু সেই সম্পৰ্ক পিছলৈ প্ৰেমলৈ ৰূপান্তৰিত হয়। খেলুৱৈজনে তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে, ২০২৫ চনৰ ২৯ জুলাইত বিপ্ৰজ নিগমে তেওঁক নয়ডাৰ ছেক্টৰ ১৩৫ ৰ এখন হোটেললৈ মাতি নিছিল আৰু তাত বিয়াৰ প্ৰলোভন দি তেওঁক ধৰ্ষণ কৰিছিল।
তেওঁ যেতিয়া খেলুৱৈজনক বিয়াৰ কথা কয়, তেতিয়া তেওঁ যুৱতীগৰাকীক মাৰপিট কৰি হোটেলৰ পৰা উলিয়াই দিয়ে।
৩০ জুলাইত ভুক্তভোগীয়ে খেলুৱৈজনৰ প্ৰেমিকা বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰ পৰা ফোন লাভ কৰে, য‘ত তেওঁক হত্যাৰ ভাবুকি দিয়া হয়। লগতে ব্যক্তিগত ফটো আৰু ভিডিঅ‘ ভাইৰেল কৰাৰ ভাবুকিও দিয়া হয়। এই ভাবুকি একাধিক নম্বৰৰ পৰা আহিছিল।
ভুক্তভোগীয়ে ২০২৫ চনৰ ১৩ অক্টোবৰত নয়দা আৰক্ষীৰ ওচৰত ঘটনাৰ সবিশেষ জনাই এজাহাৰ দাখিল কৰিছিল।
তেওঁ অভিযোগ কৰিছে যে নয়দা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ এইবাৰ ন্যায়ৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰক্ষী মুখ্য কাৰ্যালয়লৈ গৈ জ্যেষ্ঠ আৰক্ষী বিষয়াক সাক্ষাৎ কৰিছে।
ইফালে, আইপিএলৰ খেলুৱৈ বিপ্ৰজ নিগমেও মহিলা ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে প্ৰতি-অভিযোগ দাখিল কৰিছে। ২০২৫ চনৰ ৮ নৱেম্বৰত তেওঁ যুৱতীগৰাকীৰ বিৰুদ্ধে ব্লেকমেইল আৰু ভাবুকি দিয়াৰ গোচৰ ৰুজু কৰিছে।
বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।





