• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদনৰ সপ্তাহচেৰেক পাছতে বিজেপিক ৭৫৮ কোটি টকাৰ চান্দা টাটা গ্ৰুপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2025 4:37 pm
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুহেজাৰ চৌবিশ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই তিনিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদন জনায়। ইয়াৰে দুটা ছেমিকণ্ডাক্টৰ ইউনিটৰ নেতৃত্বত আছিল টাটা গ্ৰুপ। কেন্দ্ৰই প্ৰকল্প দুটাৰ বাবে ৪৪,২০৩ কোটি টকা ৰাজসাহায্য হিচাপে প্ৰদান কৰি ইউনিট নিৰ্মাণৰ আধা খৰচৰ বহন কৰিবলৈ সন্মত হয়।

এই কেবিনেট অনুমোদনৰ চাৰি সপ্তাহৰ পাছত টাটা গ্ৰুপে ভাৰতীয় জনতা পাৰ্টিলৈ ৭৫৮ কোটি টকা অনুদান হিচাপে আগবঢ়ায়। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোলৈ আগবঢ়োৱা এয়া সৰ্ববৃহৎ অনুদান। মুঠতে টাটা গ্ৰুপৰ ১৫টা কোম্পানীয়ে ২০২৪-’২৫ চনৰ ভিতৰত সংস্থাটোৰ প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্টৰ জৰিয়তে প্ৰায় ৯১৫ কোটি টকা ৰাজনৈতিক অনুদান আগবঢ়াইছিল, কেৱল টাটা ছন্স প্ৰাইভেট লিমিটেডে ৩০৮ কোটি টকা আগবঢ়াইছিল। বিজেপিৰ পিছত কংগ্ৰেছে ৭৭.৩ কোটি টকা লাভ কৰাৰ বিপৰীতে আন আঠটা দলে ১০ কোটি টকাকৈ লাভ কৰে।

Apply Now

উল্লেখ্য যে অনুদান প্ৰদান কৰা টাটা গ্ৰুপেই একমাত্ৰ প্ৰতিষ্ঠান নহয়। ফেব্ৰুৱাৰী মাহত অনুমোদিত তৃতীয়টো ছেমিকণ্ডাক্টৰ ইউনিট তামিলনাডুস্থিত মুৰুগাপ্পা গ্ৰুপে লাভ কৰিছিল। প্ৰতিষ্ঠানটোৱে ৩,৫০১ কোটি টকাৰ চৰকাৰী ৰাজসাহায্য লাভ কৰিছিল। অনুমোদন পোৱাৰ কিছু সময়ৰ পাছতে মুৰুগাপ্পা গ্ৰুপে বিজেপিক ১২৫ কোটি টকাৰ অনুদান আগবঢ়ায়। একেদৰে কায়নেছ টেকন’লজিৰ ৰমেশ কুঁহিকান্ননে, যাৰ প্ৰতিষ্ঠানে পিছত গুজৰাটত ছেমিকণ্ডাক্টৰ ইউনিটৰ বাবে অনুমোদন লাভ কৰিছিল, তেওঁ ২০২৩-’২৪ চনত বিজেপিক ১২ কোটি টকাৰ অনুদান আগবঢ়াইছিল।

লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে ২০২৪ চনৰ এপ্ৰিল মাহত বিজেপিলৈ ৭৫৮ কোটি টকা হস্তান্তৰ নোহোৱালৈকে ২০২১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত টাটা গ্ৰুপৰ প্ৰগ্ৰেছিভ ইলেক্টৰেল ট্ৰাষ্টে কোনো ৰাজনৈতিক অনুদান আগবঢ়োৱা নাছিল। ট্ৰাষ্টে ২০২৪ চনৰ ২ এপ্ৰিলত ১৫ টা টাটা কোম্পানীৰ পৰা ৯১৫ কোটি টকা লাভ কৰিছিল আৰু উক্ত দিনটোতে দহটা ৰাজনৈতিক দলক ৯১৪.৯ কোটি টকা বিতৰণ কৰা হৈছিল, যাৰ ৮২% (৭৫৭.৬ কোটি টকা) বিজেপিলৈ গৈছিল।

অনুমোদিত টাটা প্ৰকল্পসমূহৰ ভিতৰত আছে টাইৱানৰ পাৱাৰচিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্পৰেশ্যনৰ সহযোগত গুজৰাটৰ ধোলেৰাত সম্পূৰ্ণ ইন্টিগ্ৰেটেড চাৰ্কিট উৎপাদন প্ৰকল্প আৰু অসমৰ মৰিগাঁৱত খোলা এছেম্বলি, টেষ্টিং, আৰু পেকেজিং প্ৰকল্প। এই দুটা ইউনিটত টাটা গ্ৰুপে ১.১৮ লাখ কোটি টকা বিনিয়োগ কৰিছে, যাৰ ফলত ৪৬,০০০ পৰ্যন্ত চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে, মূলধনী ব্যয়ৰ আধা অংশ কেন্দ্ৰীয় ৰাজসাহায্য আৰু অসম চৰকাৰৰ অতিৰিক্ত ব্যয়ৰ দ্বাৰা সামৰি লোৱা হৈছে।

স্বতন্ত্ৰ সংবাদ মাধ্যম স্ক্ৰলে টাটা ছন্স আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ অনুদানৰ সময় সম্পৰ্কে প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am
সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am
সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd