• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাননী অবিহনে ৫০০ কৰ্মচাৰীক অব্যাহতি: প্ৰতিবাদত ব্যাহত ১০৮ এম্বুলেন্স সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2025 11:55 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰি নিয়মীয়াকৰণ আৰু অন্যান্য প্ৰাপ্য বিচাৰি সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট তথা কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলত ৰাজ্যজুৰি জৰুৰীকালীন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা ব্যাহত হৈ পৰিছে। চালক, ইমাৰ্জেন্সি ৰেছপনছ চাৰ্ভিছ আৰু ইমাৰ্জেন্সি মেডিকেল টেকনিচিয়ান (EMT)কে ধৰি প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়ে প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত এম্বুলেন্স নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে।

ব্যাহত হৈ পৰা জৰুৰীকালীন সেৱাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে জিলা আয়ুক্তসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত মিলিত হয়। ভিদিঅ‘ কনফাৰেন্সৰ মাধ্যমেৰে অনুষ্ঠিত এই সভাত মন্ত্ৰীগৰাকীয়ে এম্বুলেন্স সেৱা এটা জৰুৰীকালীন সেৱা বুলি উল্লেখ কৰি কয় যে মানুহৰ জীৱন-মৃত্যুৰ কথা জড়িত হৈ থকাৰ বাবে এই সেৱা কোনো কাৰণতে ব্যাহত হ’বলৈ দিয়া নহ’ব।

Apply Now

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালকে জনোৱা মতে, বৰ্তমান ৰাজ্যত জি ভিকে ই এম আৰ আইৰ অধীনত থকা ৭৯৯ খন এম্বুলেন্সৰ ভিতৰত মাত্ৰ ৩৫৭ খনেহে সেৱা আগবঢ়াই আছে। এই পৰিস্থিতিত মন্ত্ৰী সিংহলে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে যে তেওঁলোকে স্থানীয়ভাৱে চালক নিয়োগ কৰি হ’লেও সকলো এম্বুলেন্স চলোৱাৰ ব্যৱস্থা কৰক আৰু এই ব্যৱস্থা কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। তেওঁ জি ভিকে ই এম আৰ আই কৰ্তৃপক্ষকো নতুন চালক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

আনহাতে, সেৱা পৰিচালনা কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছে দাবী কৰে যে তেওঁলোকে ১০৮ মৃত্যুঞ্জয় সেৱা বন্ধ হ’বলৈ দিয়া নাই। এইচ আৰ হেড সিদ্ধাৰ্থ লস্কৰে কৰ্মচাৰীৰ অতিৰিক্ত সময়ৰ মজুৰি (Overtime) নোপোৱাৰ অভিযোগ অস্বীকাৰ কৰি কয় যে প্ৰচলিত শ্ৰম আইন আৰু নিযুক্তিপত্ৰৰ চৰ্তাৱলী অনুসৰি EMT আৰু চালকসকলে নিয়মিত মজুৰিৰ উপৰিও নূন্যতম মজুৰিৰ দুগুণ হাৰত অতিৰিক্ত সময়ৰ মজুৰি লাভ কৰি আহিছে। তেওঁ উল্লেখ কৰে যে এই সংক্ৰান্তত দাখিল কৰা লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। তেওঁ লগতে জনায় যে আন্দোলনকাৰীসকলে কৰ্তব্যলৈ ঘূৰি নহাৰ বাবে ই এম আৰ আয়ে নতুন কৰ্মচাৰী নিয়োগ, প্ৰশিক্ষণ আৰু সংস্থাপনৰ কাম ৰাজ্যজুৰি আৰম্ভ কৰিছে।

ইফালে, গুৱাহাটীৰ চচলত প্ৰতিবাদ অব্যাহত ৰখা পাঁচ শতাধিক কৰ্মচাৰীক জি ভিকে ই এম আৰ আই কৰ্তৃপক্ষই চাকৰিৰ পৰা অব্যাহতি দিয়া বুলি জানিব পৰা গৈছে। কোনো আগতীয়া জাননী নিদিয়াকৈ ৫০০ ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ এই কাৰ্যক আন্দোলনকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ সংগঠনে তীব্ৰ বিৰোধিতা কৰিছে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে প্ৰাপ্য অধিকাৰ, সমকামৰ সম অধিকাৰ, মানসন্মত মজুৰি আৰু বীমাৰ অধিকাৰ বিচাৰি কৰা প্ৰতিবাদৰ বুজ নোলোৱাকৈ চৰকাৰে দমনৰ পথ গ্ৰহণ কৰিছে আৰু তেওঁলোক বছৰ বছৰ ধৰি বঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ আহিছে। কৰ্মচাৰীসকলে GVK ৰ পৰা চৰকাৰৰ স্বাস্থ্য বিভাগে দায়িত্বভাৰ উভতাই লোৱাৰো দাবী জনাইছে।

চচলত কৰ্মচাৰীসকলে কাহী-বাটি বজাই কৰা প্ৰতিবাদৰ মাজতে চৰকাৰৰ এই পদক্ষেপক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। আন্দোলনকাৰী পক্ষই প্ৰশ্ন উত্থাপন কৰিছে যে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ আহ্বানতে এইসকল কৰ্মচাৰীক খেদাই নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে নেকি। তেওঁলোকে অভিযোগ কৰিছে যে স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এনেদৰে ভয় ভাবুকি আৰু চাকৰিৰ পৰা অব্যাহতি দি অসমীয়া যুৱক-যুৱতীৰ মুখ বন্ধ কৰি ৰাখিবলৈ বিচাৰিছে। চৰকাৰে আলোচনাৰ পথ নোলোৱাকৈ বৃহৎ সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰ সিদ্ধান্তই ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd