• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চৰকাৰে আমাক পুটিনৰ সৈতে দেখা কৰিব নিদিয়ে’, পৰম্পৰাৰ কথা সোঁৱৰাই দিলে ক্ষুব্ধ ৰাহুলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2025 5:42 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নতুন দিল্লী ভ্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ আপত্তি উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰখনে ইচ্ছাকৃতভাৱে বিদেশী প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সংসদীয় পৰম্পৰা ভংগ কৰিছে, যিটো পৰম্পৰা দীৰ্ঘদিন ধৰি বৰ্তি আহিছে।

সংসদৰ বাহিৰত সাংবাদিকৰ সন্মুখত ৰাহুলে কয়, “বাজপেয়ীজীৰ পৰা মনমোহন সিঙৰ সময়লৈকে এই পৰম্পৰা আছিল। বিদেশী নেতা আহিলে বিৰোধী নেতাক লগ কৰিছিল। আজিকালি চৰকাৰে নিজেই বিদেশী অতিথিক কয় – বিৰোধী নেতাক লগ নকৰিব। কিন্তু আমিও ভাৰতৰ প্ৰতিনিধি।”

Apply Now

ৰাহুলে দাবী কৰে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই এক প্ৰকাৰৰ হেঁচা সৃষ্টি কৰে যাতে অতিথিসকলে বিৰোধী শিবিৰক সাক্ষাৎ নকৰে। তেওঁৰ ভাষাত, “এয়া আতংকৰ ৰাজনীতি, তেওঁলোকে নিবিচাৰে যে ভাৰতৰ প্ৰতি আমাৰ ভিন্ন মতামত কোনোৱে জানক।”

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ নৈশ আহাৰৰ আয়োজন কৰা হৈছে। চৰকাৰী সূত্ৰই দাবী কৰিছে যে এই আতিথ্য যোৱা বছৰ মোডীৰ মস্কো ভ্ৰমণৰ প্ৰতিদান।

ইপিনে, ১৯৫৫ চনত ছোভিয়েট নেতা নিকোলাই বুলগানিন আৰু নিকিতা খ্ৰুছেভৰ ভাৰত ভ্ৰমণৰ ঐতিহাসিক ভ্ৰমণৰ উদ্ধৃতি দি কংগ্ৰেছে ভাৰতৰ সৈতে ৰাছিয়াৰ দীৰ্ঘদিনীয়া কূটনৈতিক সম্পৰ্কৰ ধাৰাবাহিকতাৰ ব্যাখ্যা আগবঢ়াইছে। কংগ্ৰেছৰ সৈতে দীৰ্ঘদিন ধৰি সংঘাতত লিপ্ত হোৱা থিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰে এই বিষয়ত ৰাহুল গান্ধীক সমৰ্থন জনাইছে। চৰকাৰে ইয়াৰ প্ৰতি সঁহাৰি জনাব লাগে বুলিও তেওঁ কয়।

শশী থাৰুৰে কয় যে বিদেশী অতিথিসকলে দেশৰ গণতান্ত্ৰিক প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব পাৰে। ইয়াত কোনো বাধা নাই। ৱায়ানাদৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়েও ৰাহুলৰ পক্ষত তীব্ৰ যুক্তি আগবঢ়ায়। বিদেশী অতিথিয়ে বিৰোধীৰ নেতাক লগ পোৱাটো প্ৰট’কল বুলিও কয় তেওঁ। কিন্তু এই প্ৰট’কল ভংগ কৰি আছে চৰকাৰে, তেওঁলোকে কাৰোবাক মুখ খুলিবলৈ দিবলৈ ভয় কৰে। কাৰো পৰামৰ্শ শুনিবলৈ অনিচ্ছুক। ভগৱানে জানে সিহঁতে কিহৰ বাবে ইমান ভয় কৰে!

দলৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, “ঠিক ৭০ বছৰ পূৰ্বে ছোভিয়েট ইউনিয়নৰ শীৰ্ষ দুগৰাকী নেতা ভাৰতলৈ আহিছিল। সেই ১৯ দিনীয়া ভ্ৰমণে ভাৰতৰ সৈতে ছোভিয়েট সম্পৰ্কৰ ভেটি আৰু অধিক শক্তিশালী কৰি তুলিছিল। ইয়াৰ পিছত মিগ বিমান নিৰ্মাণৰ বাবে প্ৰযুক্তি হস্তান্তৰ, অ’এনজিচিৰ জন্ম আৰু আইডিপিএলকে ধৰি কেইবাটাও চৰকাৰী উদ্যোগৰ উত্থান সম্ভৱ হৈ উঠিছিল।” ১৯৫৫ চনত সেই ভ্ৰমণৰ এটা ভিডিঅ’ও তেওঁ শ্বেয়াৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd