• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এদিনতে ৫৫০তকৈ অধিক ফ্লাইট বাতিল! ২০ বছৰৰ ইতিহাসত ইণ্ডিগ’ৰ অভুতপূৰ্ব অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2025 9:10 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বৃহত্তম ব্যক্তিগত বিমান সংস্থা ইণ্ডিগ’ (Indigo) একেৰাহে তৃতীয় দিনাও অধিক বিশৃংখলতাৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে এদিনতে ৫৫০তকৈ অধিক ফ্লাইট বাতিল কৰা হৈছে – যিটো ২০ বছৰৰ ইতিহাসত এক নজিৰবিহীন ঘটনা। সংস্থাটোৰ মতে, ক্ৰু ৰোষ্টাৰ সমস্যা, প্ৰযুক্তিগত জটিলতা আৰু নতুন কৰ্মনীতি মিলি সমগ্ৰ দেশতে বিমান পৰিচালনা ব্যাহত হৈছে।

ইণ্ডিগ’ই দৈনিক প্ৰায় ২,৩০০খন ফ্লাইট পৰিচালনা কৰে আৰু দীৰ্ঘদিন ধৰি সময়ৰ ডেডলাইন বজাই ৰখাটোৱেই তেওঁলোকৰ পৰিচয়। কিন্তু বৃহস্পতিবাৰে এই হাৰ মাত্ৰ ১৯.৭ শতাংশলৈ হ্ৰাস পায়, য’ত মংগলবাৰৰ হাৰ আছিল ৩৫ শতাংশ। পৰিস্থিতি চম্ভালিবলৈ সংস্থাটোৱে আগন্তুক দুই-তিনি দিনত আৰু অধিক ফ্লাইট বাতিলৰ সম্ভাৱনা থকাৰ কথা পূৰ্বেই জনাই দিছে।

Apply Now

বৃহস্পতিবাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় আৰু ডিজিসিএ -ই ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত বহে। ইয়াৰ পিছত জনোৱা হয় যে পৰিচালনা স্বাভাৱিক কৰিবলৈ দ্ৰুত ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্ছ-য়ে কৰ্মচাৰীসকলক জনাইছে যে পুনৰ সেৱা সম্পূৰ্ণৰূপে সক্ৰিয় কৰাটো এক ‘অতি কঠিন লক্ষ্য’ হ’ব।

যোৱা কেইদিনমানত দেশৰ বিভিন্ন বিমানবন্দৰত বিমন বাতিল হোৱাৰ সংখ্যা এনেধৰণৰ:

মুম্বাই: ১১৮

বেংগালুৰু: ১০০

হায়দৰাবাদ: ৭৫

কলকাতা: ৩৫

চেন্নাই: ২৬

গোৱা: ১১

ইণ্ডিগ’ই স্বীকাৰ কৰিছে যে নতুন ফ্লাইট ডিউটি ​​টাইম লিমিটেশ্বন (FDTL)–ৰ দ্বিতীয় পৰ্যায় কাৰ্যকৰী হোৱাৰ পিছত সংস্থাৰ ক্ৰু-চাহিদা বৃদ্ধি পাইছে। আদালতৰ নিৰ্দেশত ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা নতুন নিয়মানুসৰি, নিশাৰ ডিউটিৰ  সংজ্ঞা সলনি হোৱা আৰু পাইলটসকলৰ ডিউটি সময়ৰ কঠোৰ সীমাবদ্ধতাই ৰোষ্টাৰৰ ওপৰত অধিক হেঁচা পেলাইছে।

সংস্থাৰ সূত্ৰ অনুসৰি, ফেজ–২ আৰম্ভ হোৱাৰ পিছত বিশেষকৈ নিশাৰ বিমান পৰিচালনাত অতিৰিক্ত পাইলটৰ প্ৰয়োজনীয়তা বহু পৰিমাণে বৃদ্ধি পাইছে, য’ত স্লট কম আৰু ডিউটি-ৰুলছ অধিক কঠোৰ।

ইফালে, প্ৰযুক্তিগত সমস্যাইও বিপদ বৃদ্ধি কৰিছে। সংস্থাৰ অভ্যন্তৰীণ সূত্ৰই জনোৱা মতে, প্ৰযুক্তিগত সমস্যাই ৰোষ্টাৰিংৰ অভাৱো বৃদ্ধি কৰিছে। ইয়াৰ ফলত পূৰ্বনিৰ্ধাৰিত ফ্লাইট সূচী স্বাভাৱিক ৰাখিবলৈ বাৰে বাৰে পৰিৱৰ্তন কৰিবলগীয়া হৈছে।

কিন্তু ফেডাৰেচন অফ ইণ্ডিয়া পাইলটছ (FIP)-য়ে পোনপটীয়াকৈ ইণ্ডিগ’ৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ বক্তব্য, ইণ্ডিগ’ই দীৰ্ঘদিন ধৰি নিযুক্তি বন্ধ কৰি ৰাখিছে। ‘অস্বাভাৱিকভাৱে কম’ কৰ্মী আছে। ইয়াৰ উপৰিও সংস্থাই পাইলটসকলৰ দৰমহা স্থগিত কৰি ৰাখিছে। তেওঁলোকৰ বক্তব্য যে এই সকলোবোৰৰ ফলতেই আজি বিমান পৰিচালনা ব্যাহত হৈছে।

যদিও ইণ্ডিগ’ই কৈছে যে পৰিচালনা স্থিতিশীল নোহোৱালৈকে সূচীৰ সামঞ্জস্য কৰি চলিব। যাত্ৰীসকলৰ বাবে আপডেট জাৰি কৰিবলৈ সংস্থাই অতিৰিক্ত হেল্পডেস্ক আৰু জাননী ব্যৱস্থা আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd