• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০৮ কৰ্মচাৰীৰ কৰ্ম বিৰতি, আন্দোলন অব্যাহত : নতুনকৈ নিযুক্তি ৭০০ কৰ্মচাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 9:07 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পাঁচদিন ধৰি সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই কৰ্মবিৰতিৰে আন্দোলন অব্যাহত ৰখাৰ ফলত ৰাজ্যৰ জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা গুৰুতৰভাৱে ব্যাহত হৈ পৰিছে। এই আন্দোলনৰ ফলত সাধাৰণ জনতা জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে।

এই পৰিস্থিতিৰ মাজতে ১০৮ সেৱা পৰিচালনা কৰা ই এম আৰ আই (EMRI) গ্রীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰিবলৈ কঠোৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে।

Apply Now

ই এম আৰ আই কৰ্তৃপক্ষই ৰাজ্যজুৰি ৭০০ৰো অধিক স্থানীয় যুৱক-যুৱতীক চালক (EMT Pilot) আৰু জৰুৰীকালীন সঁহাৰি বিষয়া (ERO) হিচাপে নতুনকৈ নিযুক্তি দিছে। ই এম আৰ আইৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধার্থ লস্কৰে জানিবলৈ দিয়া মতে, স্থানীয় বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ২,০০০ ৰো অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে।

ই এম আৰ আইয়ে স্পষ্ট কৰি দিছে যে, ধাৰাবাহিকভাৱে আহ্বান জনোৱাৰ পিছতো সেৱালৈ ঘূৰি নহা আন্দোলনকাৰী কৰ্মচাৰীসকলৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ তেওঁলোক বাধ্য হৈছে। লস্কৰে কয় যে, এসপ্তাহৰ পৰা ১০ দিনৰ ভিতৰত বৃহৎ সংখ্যক চালক, ERO, আৰু EMT-ক নিযুক্তি আৰু প্ৰশিক্ষণৰ বাবে সাজু কৰা হ’ব, যাৰ দ্বাৰা ২৪ ঘণ্টাই এম্বুলেন্স সেৱা নিশ্চিত কৰা হ’ব। নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছত কোনো আন্দোলনকাৰী কৰ্মচাৰীক পুনৰ ঘূৰাই লোৱা নহ’ব বুলিও মেনেজমেণ্টে স্পষ্ট কৰি দিছে।

ই এম আৰ আইয়ে জনাই যে, অবৈধ ধৰ্মঘটৰ চতুৰ্থ দিনা প্ৰায় ৬০০ খন এম্বুলেন্স সফলতাৰে পৰিচালনা কৰা হৈছিল আৰু অহা দুদিনৰ ভিতৰত সকলো এম্বুলেন্স ২৪ ঘণ্টাই কাৰ্যকৰী হ’ব।

ইফালে, এ আই চি চি টি ইউৰ (AICCTU) অসম ৰাজ্যিক সমিতিয়ে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এক বিবৃতিত ইউনিয়নৰ সভাপতি বীৰেন কলিতা আৰু সম্পাদক বলিন্দ্ৰ শইকীয়াই চৰকাৰৰ জনবিৰোধী আৰু শ্ৰমিকবিৰোধী নীতিৰ তীব্ৰ গৰিহণা দিছে।

তেওঁলোকে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে নতুনকৈ কৰ্মচাৰী নিযুক্তি দিয়াৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দি “জুইৰ লগত খেলা নকৰিবলৈ” সকীয়াই দিয়ে।

২০০৮ চনৰে পৰা ৩,০০০ৰো অধিক দক্ষ কৰ্মচাৰীক পি এফ, গ্ৰেচুইটি, আৰু নূন্যতম মজুৰীৰ দৰে আইনী অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।

জৰুৰীকালীন সেৱাক ব্যক্তিগত কোম্পানী GVK EMRI-ৰ অধীনত ৰাখি কৰ্মচাৰীসকলক শোষণ কৰিবলৈ মুকলি অনুজ্ঞাপত্ৰ দিয়া হৈছে।

চৰকাৰে শোষণ বন্ধ কৰি এই সেৱা চৰকাৰৰ অধীনলৈ নি কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ দাবী মানি লোৱা নাই।

এ আই চি চি টি ইউৱে ১০৮ কৰ্মচাৰীৰ ন্যায্য দাবী পুৰণ কৰিবলৈ চৰকাৰক দাবী জনায় আৰু অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd