• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ হাজাৰ টকা দি বিহাৰ জয়ৰ পিছতে ৰূপ সলনি বিজেপিৰ; নিৰ্মলাৰ মতে বিনামূলীয়া উপহাৰৰ ৰাজনীতি ক্ষতিকাৰক

ৰাজেন শৰ্মা, গুৱাহাটী by ৰাজেন শৰ্মা, গুৱাহাটী
December 7, 2025 1:45 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই প্ৰৱণতা অৱশ্যে নতুন নহয়। বিজেপি যেতিয়া বিৰোধী দল আছিল, তেতিয়া তেওঁলোকেই আটাইতকৈ জিএছটিৰ বিৰোধিতা কৰিছিল। বিশেষকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই। কিন্তু আকৌ কেন্দ্ৰত ক্ষমতাত অহাৰ পিছত সেই জিএছটিয়ে নিজেই আৰম্ভ কৰি জয়গান গাই আছে।

এই স্থিতি সলনিৰ তালিকা দীঘলীয়া। কেইবছৰমান আগতে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে, প্ৰলোভন সংস্কৃতি পৰিত্যাগ কৰা উচিত। অৰ্থাৎ, নিৰ্বাচনত জয়ী হ’বলৈ ৰাজ্য চৰকাৰসমূহে যিদৰে প্ৰকল্পৰ নামত ধন বিতৰণ কৰিছে, বা নানা ধৰণৰ উপহাৰ দিছে, সেয়া অৰ্থনীতিৰ বাবে অত্যন্ত ক্ষতিকাৰক।

Apply Now

অথচ সেই প্ৰধানমন্ত্ৰীয়েই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ বা দিল্লী— সকলো ঠাইতে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত গৈ ক’ৰবাত ১৫০০ টকা, ক’ৰবাত আকৌ ২৫০০ টকা মহিলাক ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে। সেই প্ৰৱণতাৰেই এয়া পুনৰাবৃত্তি।

সদ্যসমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএৰ জয়ৰ অন্যতম কাৰণ হ’ল— মহিলাক ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য। এই দাবী বিজেপিয়েই কৰি আহিছে। বিহাৰৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই জনসভাত এই ১০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছিল।

বিহাৰত চৰকাৰ গঠন হোৱাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে এতিয়া সেই মোদী চৰকাৰৰে বিত্তমন্ত্ৰীয়ে কৈছে, ‘টকা-পইচা বিতৰণ কৰি ভোটৰ ৰাজনীতি কৰাটো অতি বিপজ্জনক আৰু ক্ষতিকাৰক প্ৰৱণতা।’

শনিবাৰে এটা অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাবী কৰে, ‘যি ধৰণে বিভিন্ন ৰাজ্যই জনতাক মুক্তহস্তে উপহাৰ দিছে, সেয়া আমাৰ বাবে যথেষ্ট উদ্বেগজনক। ঋণ লৈ এই সকলোবোৰ ধন দিয়া হয়। এইদৰেটো ৰাজ্য চৰকাৰসমূহ ঋণেৰে ডুব গৈ আছে!’

এই উদ্বেগৰ পটভূমি কি? প্ৰশান্ত কিশোৰৰ এটা অভিযোগ— বিশ্ব বেংকৰ পৰা লোৱা ১৪ হাজাৰ কোটি টকাৰ ঋণ খৰচ কৰিয়েই নীতিশ কুমাৰে মহিলাৰ একাউণ্টত ১০ হাজাৰকৈ টকা দিলে। এই ধন আন কামত ব্যৱহাৰ কৰাৰ কথা আছিল। মন কৰিবলগীয়া কথাটো হ’ল, প্ৰশান্ত কিশোৰৰ অভিযোগৰ প্ৰতিবাদ এতিয়ালৈকে বিহাৰ চৰকাৰ বা কেন্দ্ৰ কোনেও কৰা নাই।

এই সন্দৰ্ভত স্বয়ং বিত্তমন্ত্ৰীও নীৰৱ। অথচ শনিবাৰে তেওঁ কি ক’লে? ‘মই বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীক কৈছোঁ যে, এইদৰে ঋণ লৈ ভোটৰ উপহাৰ বিতৰণ নকৰিব। অৰ্থনীতি ডুব যাব। মই ৰাজ্যসমূহক কৈছোঁ যে, ঋণৰ গাঁথনি এতিয়াই সংস্কাৰ কৰিব পাৰি। কিছু ৰাজ্যই আগ্ৰহ দেখুৱাইছে। বাকীসকলেও এয়াই কৰিব লাগিব। কিন্তু সকলোতকৈ আগতে ঋণ লৈ টকা বিতৰণ কৰাটো বন্ধ কৰিব লাগিব।’

প্ৰশ্ন হয়, মাত্ৰ এমাহ আগতে য’ত নৰেন্দ্ৰ মোদীৰ পৰা অমিত শ্বাহলৈকে বিহাৰৰ প্ৰচাৰত ১০ হাজাৰ টকাৰ উপহাৰৰ ৰাজনীতিৰ জয়গান গাইছিল, তেনেস্থলত হঠাৎ নিৰ্মলাই কিয় ধন বিতৰণৰ তীব্ৰ বিৰোধিতা কৰিছে? এইটো কেৱল মোদী চৰকাৰৰ এটা ৰণনীতি নেকি? নে চৰকাৰৰ ভিতৰৰ সমন্বয়হীনতা পোহৰলৈ আহিছে?

কিন্তু বিজেপি শাসিত ৰাজ্যসমূহে এই ধাৰণা সলনি কৰাৰ প্ৰৱণতা দেখুৱাইছেনে? অসমতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ঋণৰ পিছত ঋণ লৈ ৰাইজক বিনামূলীয়া উপহাৰ দিয়াৰ দৌৰত নামি পৰিছে। এটাৰ পিছত এটাকৈ বিনমূলীয়া আঁচনি আনি ভোটাৰক আকৃষ্ট কৰাৰ কৌশল প্ৰস্তুত কৰিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰখনেও এনে কাৰ্যক উৎসাহিত কৰি আহিছে। ৰাইজৰ কৰৰ টকাৰে ৰাইজৰ ওপৰতে ঋণৰ বোজা জাপি দিছে।

স্বাভাৱিকতে উৱাদিহ নোপোৱা সাধাৰণ ৰাইজে বিনামূলীয়া উপহাৰৰ প্ৰলোভনত পৰি চৰকাৰৰ জয়গান গাইছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এনে বিনামূলীয়া আঁচনি তথা উপহাৰৰ চমক আৰু বাঢ়িবলৈ লৈছে। পৰিতাপৰ কথা, ৰাইজে বিয়াগোম সমস্যাসমূহ পাহৰি এই প্ৰলোভনৰ জালত ভৰি দিছে। এতিয়া দেশৰ বিত্তমন্ত্ৰীগৰাকীয়ে দিয়া সতৰ্কবাণীক গুৰুত্ব দিলে গণভিত্তি হেৰুওৱাৰ শংকা!

দৰাচলতে, ছলে-বলে শাসনত থকাৰ নীতিৰ আগত বিত্তমন্ত্ৰীয়ে অনুভৱ কৰা কঠোৰ বাস্তৱতাৰ কিবা মূল্য আছেনে? হয়তো নাই। স্বয়ং চৰকাৰখনেই এনে নীতিৰ পোষকতা কৰি অহাৰ পিছত ৰাইজে এনে নীতিসমূহকে স্বাভাৱিক বুলি ধৰি লোৱাৰ লগতে এই বিনামূলীয়া উপহাৰৰ মোহৰ পৰা মুক্ত হোৱাটোও কঠিন হৈ পৰে।   

ৰাজেন শৰ্মা, গুৱাহাটী

ৰাজেন শৰ্মা, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

মহাকাশত নিস্তব্ধ নাছাৰ ‘মেভেন’! মঙল গ্ৰহৰ কক্ষপথত এক দশকৰো অধিক কালৰ গৱেষণাৰ সামৰণি

June 4, 2026 9:18 am
ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

ব্যৱস্থাৰ লেহেমীয়া গতি: ২০ বছৰৰ আগতে দিয়া পৰীক্ষাৰ নিযুক্তিপত্ৰ আহিল ৬০ বছৰ বয়সত

June 4, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

ইৰাণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্ৰণালী, জনালে ডনাল্ড ট্ৰাম্পে

June 4, 2026 9:48 am
ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

ব্ৰিটেইনত নতুন প্ৰস্তুতি: কাৰাগাৰৰ দায়িত্ব ল’ব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, কয়দীৰ ওপৰত ৰাখিব চোকা নজৰ

June 4, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd