মধ্যপ্ৰদেশৰ চিহোৰ জিলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হোৱা ছাত্ৰ নিৰ্যাতনৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যাতখেড়াৰ চেন্ট এঞ্জেল স্কুলৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগ অনুসৰি, হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে কিশোৰ ছাত্ৰ-ছাত্ৰীক চৰম অমানৱীয় শাস্তি প্ৰদান কৰা হৈছিল।
অভিভাৱকসকলে অভিযোগ কৰিছে যে একাংশ শিক্ষাৰ্থীক কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল আৰু প্ৰচন্ড শীতৰ মাজত তেনে অৱস্থাতে থিয় কৰাই থোৱা হৈছিল।
ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় চৌহদ চাফা কৰা, মজিয়া মচা আৰু গছত পানী দিয়াৰ দৰে শাৰীৰিক শ্ৰমৰ কামো জোৰকৈ কৰিবলৈ বাধ্য কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে।
ছাত্ৰ-ছাত্ৰীসকলে কাপোৰ নোহোৱাকৈ থিয় হৈ থকাৰ কিছুমান ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ভুক্তভোগীৰ পৰিয়ালৰ লগতে বজৰং দল আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে বিদ্যালয়খনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰিবলগীয়া হয়।
জিলা শিক্ষা বিষয়াগৰাকীয়ে এই বিষয়ত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়খনৰ অধ্যক্ষ আৰু এজন গাড়ী চালকক পদৰ পৰা অপসাৰণ কৰাৰ নিৰ্দেশ দিয়ে। লগতে শিশু সুৰক্ষাৰ নিয়ম উলংঘা কৰাৰ বাবে বিদ্যালয়খনৰ ওপৰত ১ লাখ টকাৰ জৰিমনাও বিহা হৈছে।
শিক্ষা বিভাগৰ বিষয়াসকলে শিক্ষাৰ্থীসকলৰ সৈতে পৃথকে কথা পাতি এটা বিতং তদন্ত আৰম্ভ কৰিছে যাতে তেওঁলোকে নিৰ্ভয়ে সকলো কথা ক’ব পাৰে। স্থানীয় আৰক্ষী থানাত এই সন্দৰ্ভত এক স্মাৰকপত্ৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে এই ঘৃণনীয় কাৰ্যৰ সৈতে জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে।
এই ঘটনাই সমগ্ৰ দেশতে বিদ্যালয়সমূহৰ ভিতৰত শিশুৰ নিৰাপত্তা আৰু অনুশাসনৰ নামত চলি থকা পাশৱিক নিৰ্যাতনৰ ওপৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।





