আমাৰ দৈনন্দিন জীৱনত অতি পৰিচিত এটা বস্তু হৈছে চফগুটি। প্ৰায়ে চাহ বা আহাৰ গ্ৰহণ কৰাৰ পিছত বহুতে মুখ সতেজ কৰিবলৈ চফগুটি ব্যৱহাৰ কৰে। বৰ্তমান সময়ত সমাজত তামোল-পাণৰ সমান্তৰালভাৱে চফগুটিয়েও এক বিশেষ স্থান দখল কৰিছে। কিন্তু কেৱল সোৱাদৰ বাবেই নহয়, চফগুটিৰ মাজত লুকাই আছে বহুতো ঔষধি গুণ যি আমাৰ শৰীৰৰ বিভিন্ন জটিল সমস্যা সমাধানত সহায় কৰিব পাৰে। চিকিৎসকসকলৰ মতে পেটৰ যিকোনো সমস্যাৰ বাবে চফগুটি অত্যন্ত উপকাৰী। বিশেষকৈ পেট ফুলা আৰু বদহজমৰ দৰে সমস্যাত ভোগা লোকসকলৰ বাবে ই এক সহজ আৰু ঘৰুৱা সমাধান।
চফগুটিত থকা এণ্টিমাইক্ৰ’বিয়াল গুণে মুখৰ দুৰ্গন্ধ দূৰ কৰি মুখখন সতেজ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও স্বাস্থ্যৰ বাবে ইয়াৰ আন বহুতো যোগাত্মক দিশ আছে। পানীৰ সৈতে চফগুটি মিহলাই খালে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হৈ যায়, যাৰ ফলত শৰীৰৰ ওজন সঠিককৈ ৰখাত সহজ হয়। চফগুটিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু আইৰণ পোৱা যায়। এই উপাদানবোৰে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি কোনো ব্যক্তিৰ কফ বা পানীলগাৰ দৰে সমস্যা হয়, তেন্তে চফগুটি মৌৰ সৈতে মিহলাই খালে সোনকালে উপশম পোৱা যায়।
কেৱল আভ্যন্তৰীণ স্বাস্থ্যই নহয়, বাহ্যিক সৌন্দৰ্য্যৰ ক্ষেত্ৰতো চফগুটিৰ অৱদান অতুলনীয়। ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে চুলি মজবুত কৰাত বিশেষ সহায় কৰে। যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেওঁলোকৰ বাবে চফগুটি অতি ফলপ্ৰসূ। ইয়াৰ উপৰিও চকুৰ দৃষ্টিশক্তি উন্নত কৰিবলৈ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ চফগুটি খোৱাৰ অভ্যাস কৰাটো ভাল। বৰ্তমান সময়ত স্বাস্থ্য সচেতন লোকসকলৰ মাজত শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ চফগুটিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে প্ৰতিজন ব্যক্তিৰ পাকঘৰত থকা এইবিধ সাধাৰণ বস্তুৱে প্ৰকৃততে এক ডাঙৰ ঔষধৰ কাম কৰে।





