চাকৰিৰ বজাৰৰ মন্দাৱস্থাৰ মাজতেই অভাবনীয় সাফল্য অর্জন কৰি ইতিহাস সৃষ্টি কৰিলে আইআইটি হায়দৰাবাদৰ এজন ছাত্ৰই। প্ৰতিষ্ঠানখনৰ কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ এডৱাৰ্ড নাথান ভাৰ্গিছে চলিত বৰ্ষৰ প্লেচমেণ্টত ২.৫ কোটি টকাৰ অভিলেখসংখ্যক পেকেজ লাভ কৰিছে।
২০০৮ চনত প্ৰতিষ্ঠা হোৱা আইআইটি হায়দৰাবাদৰ ইতিহাসত এয়া এতিয়ালৈকে সৰ্বাধিক দৰমহাৰ অফাৰ। নেদাৰলেণ্ডস্থিত ট্ৰেডিং সংস্থা ‘অপটিভাৰ’ত চফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি লাভ কৰা ভাৰ্গিছে অহা জুলাই মাহত নেদাৰলেণ্ডৰ কাৰ্যালয়ত যোগদান কৰিব।
২১ বছৰীয়া ভাৰ্গিছৰ এই অভূতপূৰ্ব সফলতাৰ আঁৰত আছিল তেওঁৰ দুমহীয়া গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ। উক্ত সংস্থাত ইণ্টাৰ্নশ্বিপ কৰাৰ সময়তে তেওঁৰ কামত সন্তুষ্ট হৈ কৰ্তৃপক্ষই তেওঁক এই প্ৰি-প্লেচমেণ্ট অফাৰ প্ৰদান কৰে।
হায়দৰাবাদত জন্মগ্ৰহণ কৰা আৰু পৰৱৰ্তী সময়ত বেংগালুৰুত শিক্ষা গ্ৰহণ কৰা ভাৰ্গিছে প্ৰথম বৰ্ষৰ পৰাই কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ সৈতে জড়িত আছিল আৰু দেশৰ শীৰ্ষ ১০০ গৰাকী প্ৰগ্ৰেমাৰৰ ভিতৰত স্থান লাভ কৰিছিল। তেওঁৰ মতে, আইআইটিৰ নমনীয় পাঠ্যক্ৰম আৰু নিজৰ প্ৰতি থকা আত্মবিশ্বাসে এই কঠিন লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে।
ভাৰ্গিছৰ এই সাফল্যৰ সমান্তৰালকৈ আইআইটি হায়দৰাবাদৰ সামগ্ৰিক প্লেচমেণ্টৰ ছবিখনো যথেষ্ট আশাব্যঞ্জক হৈ পৰিছে। চলিত বৰ্ষত আন এজন ছাত্ৰই ১.১ কোটি টকাৰ পেকেজ লাভ কৰাৰ বিপৰীতে প্ৰতিষ্ঠানখনৰ গড় পেকেজ ২০.৮ লাখ টকাৰ পৰা ৩৬.২ লাখ টকালৈ বৃদ্ধি পাইছে।
ইয়াৰ পূৰ্বে ২০১৭ চনত সৰ্বোচ্চ পেকেজ আছিল প্ৰায় ১ কোটি টকা। বৰ্তমানৰ প্লেচমেণ্ট ছিজনত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় অফাৰৰ লগতে ক’ৰ ইঞ্জিনিয়াৰিং আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ আগ্ৰহে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। যোৱা তিনি বছৰৰ তুলনাত এইবাৰৰ ২.৫ কোটি টকাৰ পেকেজে আইআইটি হায়দৰাবাদৰ বিদ্যায়তনিক যাত্ৰাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।





