উত্তৰ প্ৰদেশত নিৰ্বাচন আয়োগৰ শেহতীয়া ‘বিশেষ নিবিড় সংশোধন’ (Special Intensive Revision – SIR) প্ৰক্ৰিয়াৰ অন্তত মঙলবাৰে প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ পৰা প্ৰায় ২.৮৯ কোটি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১৮.৭০ শতাংশ। ভোটাৰ তালিকাৰ পৰা ইমান বিশাল পৰিমাণৰ নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে শীৰ্ষত আছে।
ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া (CEO) নৱদীপ ৰিণৱাই এখন সংবাদ মেলত জনোৱা মতে, পূৰ্বে তালিকাভুক্ত ১৫.৪৪ কোটি ভোটাৰৰ বিপৰীতে এতিয়া খচৰা তালিকাত ১২.৫৫ কোটি ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। এই খচৰা ভোটাৰ তালিকাত ৰাজ্যখনৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে।
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, মৃত্যু, স্থায়ী প্ৰব্ৰজন বা একাধিক ঠাইত নাম পঞ্জীয়ন হোৱাৰ বাবেই এই ২.৮৯ কোটি ভোটাৰৰ নাম খচৰা তালিকাৰ পৰা বাদ পৰিছে। ইয়াৰ বিতং তথ্যসমূহ এনেধৰণৰ:
মৃত্যু: ৪৬.২৩ লাখ ভোটাৰ (২.৯৯ শতাংশ)।
স্থায়ী প্ৰব্ৰজন বা অনুপস্থিতি: ২.৫৭ কোটি ভোটাৰ (১৪.০৬ শতাংশ)।
একাধিক পঞ্জীয়ন: ২৫.৪৭ লাখ ভোটাৰ (১.৬৫ শতাংশ)।
উল্লেখ্য যে ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ এমাহৰ বাবে আপত্তি আৰু দাবী দাখিলৰ সময়সীমা ধাৰ্য কৰা হৈছে। এই সময়ছোৱাত ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভুক্তিকৰণ, সংশোধন বা যিকোনো আপত্তি উত্থাপন কৰিব পাৰিব।
নিৰ্বাচন আয়োগে ঘৰে ঘৰে গৈ ভোটাৰ গণনাৰ এক অভিযান চলাইছিল, য’ত ভোটাৰ বা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ স্বাক্ষৰ সম্বলিত প্ৰপত্ৰ (Form) জমা লোৱা হৈছিল। প্ৰথম অৱস্থাত এই কাম ১১ ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল যদিও প্ৰায় ২.৯৭ কোটি ভোটাৰ বাদ পৰাৰ সম্ভাৱনা দেখি ৰাজ্য চৰকাৰে অতিৰিক্ত ১৫ দিনৰ সময় বিচাৰিছিল। ফলত এই প্ৰক্ৰিয়া ২৬ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।
আনহাতে, নতুন নিয়ম অনুসৰি প্ৰতিটো ভোটকেন্দ্ৰত ১৫০০ ভোটাৰৰ পৰিৱৰ্তে এতিয়া ১২০০ ভোটাৰৰ সীমাবদ্ধতা (Cap) নিৰ্ধাৰণ কৰা হৈছে। নিৰ্বাচনী ব্যৱস্থাক অধিক কাৰ্যক্ষম কৰিবৰ বাবে ৰাজ্যজুৰি প্ৰায় ১৫,০৩০টা নতুন ভোটকেন্দ্ৰ সৃষ্টি কৰিবলগীয়া হৈছে। তথ্য সংৰক্ষণ বা ‘ডাটা মাইগ্ৰেচন’ৰ কামৰ বাবে খচৰা তালিকা প্ৰকাশৰ দিন ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ পিছুৱাই দিয়া হয়।
এই বিশাল কাৰ্যসূচীত ১,৭২,৪৮৬টা বুথৰ বিষয়া আৰু স্বেচ্ছাসেৱকসকলে কাম কৰিছিল। ইয়াৰ উপৰিও স্বীকৃত ৰাজনৈতিক দলসমূহৰ দ্বাৰা নিযুক্ত ৫,৭৬,৬১১ জন বুথ পৰ্যায়ৰ এজেণ্টে (BLA) সমগ্ৰ প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াইছে।





