পত্নী আৰু দুগৰাকী নাবালিকা কন্যাক হত্যা কৰি আত্মহত্যা কৰিলে এজন ব্যৱসায়ীয়ে। পঞ্জাৱৰ ফিৰোজপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে পৰিয়ালটোৰ চাৰিজন সদস্যৰ মৃতদেহ। ব্যৱসায়ীজনে পত্নী আৰু দুই কন্যাক গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইয়াৰ পিছত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে গুলিয়াই আত্মহত্যা কৰে। এই ঘটনাৰ কাৰণৰ তদন্ত চলি থকা বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ব্যৱসায়ীজনৰ নাম অমনদীপ সিং (৪২)। তেওঁ পৰিয়ালৰ সৈতে ফিৰোজপুৰৰ হৰমন নগৰ অঞ্চলত বাস কৰিছিল। তেওঁ সম্পত্তি ক্ৰয়-বিক্ৰয় আৰু আৰ্থিক লেনদেনৰ ব্যৱসায়ত জড়িত আছিল।
আত্মহত্যাৰ পূৰ্বে পত্নী যশবীৰ কৌৰ, কন্যা মনবীৰ কৌৰ (১০) আৰু পৰমীত কৌৰ (৬) গুলীয়াই হত্যা কৰে। যশবীৰৰ এখন বিউটি পাৰ্লাৰ আছিল। তেওঁলোকৰ মৃতদেহৰ কাষতে পৰি আছিল আগ্নেয়াস্ত্ৰটো।
জানিব পৰা মতে, বৃহস্পতিবাৰে গৃহকৰ্মীগৰাকীয়ে কামলৈ আহি ঘৰৰ বাহিৰৰ দুৱাৰত তলা লগোৱা দেখিছিল। ঘৰৰ দুৱাৰখনো ভিতৰৰ পৰা তলা মাৰি থোৱা আছিল। তাই কেইবাবাৰো মাতি কোনো উত্তৰ নাপাই ওচৰ-চুবুৰীয়াক খবৰ দিলে। দুৱাৰখনো খুলিবলৈ চেষ্টা কৰে। কোনো সঁহাৰি নোপোৱাত তেওঁলোকে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত মৃত অৱস্থাত পৰি থকা চাৰিওজন লোকক উদ্ধাৰ কৰে। চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।
সূত্ৰ অনুসৰি পৰিয়ালটোৰ লোকসকলে চুবুৰীয়া আৰু সকলোৰে সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিছিল। চুবুৰীয়া মানুহবোৰো এনে ঘটনাত আচৰিত হৈ পৰিছে।
জানিব পৰা মতে, বুধবাৰে সন্ধিয়া পৰিয়ালৰ লোককেইজন বাহিৰলৈ ওলাই গৈছিল। নিশা ১১ মান বজাত উভতি আহিছিল। ফিৰোজপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভূপিন্দৰ সিঙে কয় যে প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা গৈছে যে ব্যৱসায়ীজনে পৰিয়ালৰ আন সদস্যক হত্যা কৰি আত্মহত্যা কৰিছিল। এই ঘটনাৰ আঁৰৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে। এই চৰম পদক্ষেপ লোৱাৰ আঁৰৰ ৰহস্য কি সেয়া জানিবলৈ চেষ্টা কৰা হৈছে।





