• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছত যোগদান নকৰে শংকৰজ্যোতি বৰুৱাই, সামাজিক মাধ্যমযোগে দিলে স্পষ্টীকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2026 8:03 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দুৰ্ভাগ্যজনক পৰিস্থিতিত অব্যাহতি লোৱাৰ পাছত শংকৰজ্যোতি বৰুৱাই নিজৰ ৰাজনৈতিক ইনিংছ আৰম্ভ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল। বিশেষকৈ নিজৰ গৃহ সমষ্টি দুলীয়াজানত তেওঁ যোৱা কিছুদিন ধৰি বিভিন্ন সামাজিক কাম-কাজত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল। কোনো দলত আনুষ্ঠানিকভাৱে যোগদান নকৰিলেও তেওঁৰ এই তৎপৰতাই স্পষ্ট কৰি দিছিল যে তেওঁ আগন্তুক নিৰ্বাচনৰ বাবে কুজকাৱাজ আৰম্ভ কৰিছে। চৰ্চা অনুসৰি তেওঁ প্ৰথমে শাসকীয় বিজেপি আৰু আৰ এছ এছৰ নেতৃত্বৰ সৈতেও যোগাযোগ কৰিছিল যদিও তাৰ পৰা কোনো সেউজ সংকেত লাভ নকৰিলে। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শনিবাৰে তেওঁ কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছিল যদিও শেষ মুহূৰ্তত দলটোৰ ভিতৰচৰাতে লাগিল কেনা।

শংকৰজ্যোতি বৰুৱাক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰাক লৈ দলটোৰ শীৰ্ষ পৰ্যায়ৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে তীব্ৰ বিৰোধিতাৰ সৃষ্টি হৈছে। দুলীয়াজান সমষ্টিৰ মণ্ডল কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে তেওঁৰ যোগদানৰ বিৰুদ্ধে সৰৱহৈ উঠিছে। ইয়াৰ মূল কাৰণটো হ’ল দুলীয়াজান সমষ্টিত কংগ্ৰেছৰ টিকটৰ প্ৰবল দাবীদাৰ ধ্ৰুৱজ্যোতি গগৈ। ধ্ৰুৱজ্যোতি গগৈৰ সমৰ্থনত দলটোৰ বহুতো জ্যেষ্ঠ নেতা থকাৰ বাবে শংকৰজ্যোতিয়ে দলত সোমালে ধ্ৰুৱজ্যোতিৰ ৰাজনৈতিক ভৱিষ্যত সংকটত পৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত দলটোৰ ভিতৰৰ বাধাৰ বাবে শংকৰজ্যোতিয়ে কংগ্ৰেছত যোগদানৰ সিদ্ধান্তৰ পৰা ১০ খোজ পিছুৱাই যাবলৈ বাধ্য হয়। এই বিবাদৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে তেওঁ ছচিয়েল মিডিয়াযোগে স্পষ্ট কৰি দিছে যে বৰ্তমান তেওঁৰ কোনো ৰাজনৈতিক দলত যোগদানৰ সিদ্ধান্ত নাই আৰু ভৱিষ্যতে তেনে সিদ্ধান্ত ল’লে নিজেই জনাই দিব।

Apply Now

অকল শংকৰজ্যোতি বৰুৱাই নহয়, শেহতীয়াকৈ আমছুৰ পৰা বিদায় লোৱা ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছত যোগদানক লৈও অনুৰূপ সমস্যাৰ সৃষ্টি হৈছে। বঙাইগাঁও জিলা কংগ্ৰেছ আৰু সৃজনগ্ৰাম মণ্ডল কংগ্ৰেছে ৰেজাউল কৰিম সৰকাৰৰ যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছে। জিলা কংগ্ৰেছৰ তৰফৰ পৰা প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰা পত্ৰত অভিযোগ কৰা হৈছে যে সৃজনগ্ৰাম সমষ্টিত তেওঁৰ কোনো গণভিত্তি নাই। তদুপৰি লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দলৰ স্থানীয় নেতা-কৰ্মীসকলে এনে নেতাক দলত গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দিয়াত ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক ভৱিষ্যতো এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd