• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

চুবুৰীয়া ৰাজ্যত নিপাহ ভাইৰাছত আক্ৰান্ত দুগৰাকী নাৰ্ছ; ইয়াৰ প্ৰভাৱ মাৰাত্মক, কি কি লক্ষণ চাই জানিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2026 1:26 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নিপাহ ভাইৰাছৰ আতংক। সোমবাৰে নিপাহ ভাইৰাছত আক্ৰান্তৰ সন্দেহযুক্ত দুজন লোকৰ সন্ধান পোৱা গৈছে।

আইচিএমআৰৰ ভাইৰাছ ৰিচাৰ্চ এণ্ড ডায়েগনষ্টিক লেবৰেটৰীয়ে এইমছ কল্যাণীত পৰীক্ষা চলোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে। এই খবৰ পোৱাৰ পিছতে ৰাজ্য চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় যৌথ প্ৰাদুৰ্ভাৱ সঁহাৰি দল।

Apply Now

ইতিমধ্যে কেন্দ্ৰই নিৰীক্ষণ আৰম্ভ কৰিছে, সংস্পৰ্শলৈ অহা লোকৰ সন্ধান উলিওৱা হৈছে আৰু কুইক ৰেচপন্স টিম সক্ৰিয় কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য বিষয়াসকলে কয় যে তেওঁলোকে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। নিপাহ বৰ বেছি সাধাৰণ ৰোগ নহয় যদিও দেখা দিলে ইয়াক সহজভাৱে ল’ব নোৱাৰি।

উল্লেখ্য যে ১৯৯৮-৯৯ চনত মালয়েছিয়াত প্ৰথমবাৰৰ বাবে নিপাহ ভাইৰাছ চিনাক্ত কৰা হৈছিল। মূলতঃ গাহৰি পালকসকলৰ মাজত এই সংক্ৰমণ বিয়পি পৰিছিল। সেই প্ৰাদুৰ্ভাৱত এশৰো অধিক লোকৰ মৃত্যু হৈছিল। তেতিয়া স্পষ্ট হৈ পৰিল যে নিপাহ মাৰাত্মক, মৃত্যুৰ হাৰ বেছি আৰু পৰিস্থিতি অতি সোনকালে বেয়া হ’ব পাৰে।

ভাৰতত নিপাহৰ উপস্থিতি বিৰল যদিও ভয়ানক। ২০০১ আৰু ২০০৭ চনত পশ্চিম বংগত নিপাহ সংক্ৰমণৰ ৰোগী ধৰা পৰে। পিছলৈ কেৰেলা সংক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ২০১৮ চনত যেতিয়া এই ভাইৰাছ আমাৰ দেশত বৃহৎ পৰিসৰত বিয়পি পৰিছিল, তেতিয়া কঠোৰ কণ্টেইনমেণ্ট ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছিল।

ইয়াৰ পিছত যদিও কেৰালাত সৰু সৰু থুপ আৰু পৃথক সংক্ৰমণ দেখা গৈছিল, তথাপিও অধিকাংশ ৰোগীক দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছিল। সংখ্যাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু ছবিখন একেই, ঘটনা কম, ফলাফল ভয়ংকৰ।

দৰাচলতে নিপাহ ভাইৰাছ এক জুনোটিক সংক্ৰমণ। অৰ্থাৎ প্ৰাণীৰ পৰা মানুহলৈ বিয়পি পৰে। ফলাহাৰী বাদুলি এই ভাইৰাছৰ প্ৰাকৃতিক বাহক। বাদুলি নিজেই অসুস্থ নহ’লেও দূষিত খাদ্য, আক্ৰান্ত জীৱ-জন্তু বা সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে এই ভাইৰাছ বিয়পাব পাৰে।

নিপাহৰ কোনো বিশেষ এন্টিভাইৰেল চিকিৎসা নাই। লগতে কোনো অনুমোদিত ভেকচিনো নাই। গতিকে চিকিৎসা মূলতঃ লক্ষণসমূহ নিয়ন্ত্ৰণ আৰু শৰীৰক সহায় কৰাতে সীমাবদ্ধ। এই কাৰণেই আগতীয়া সতৰ্কতা আৰু আগতীয়াকৈ ধৰা পেলোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।

নিপাহৰ লক্ষণ

প্ৰথম অৱস্থাত নিপাহৰ লক্ষণবোৰ প্ৰায়ে সাধাৰণ চৰ্দি বা ফ্লুৰ দৰে দেখা যায়। যেনে-

• জ্বৰ,

• মূৰৰ বিষ,

• পেশীৰ বিষ,

• ভাগৰ।

সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে লক্ষণসমূহ হ’ব পাৰে—

• মূৰ ঘূৰোৱা,

• বিভ্ৰান্তি

• উশাহ লোৱাত অসুবিধা

• এনকেফেলাইটিছ।

গুৰুতৰ ক্ষেত্ৰত ৰোগীৰ অৱস্থা কেইদিনমানৰ ভিতৰতে দ্ৰুতগতিত অৱনতি ঘটিব পাৰে। বাচি যোৱা বহুতৰে দীৰ্ঘদিনীয়া স্নায়ুজনিত সমস্যা হ’ব পাৰে।

নিপাহৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে

স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে—

বাদুলিয়ে কামোৰা বা দূষিত হোৱা ফল নাখাব

• কেঁচা খেজুৰৰ ৰস পৰিহাৰ কৰক,

• ফল-মূল ভালদৰে ধুব লাগে,

• নিয়মিতভাৱে হাত ধুব লাগে,

• আক্ৰান্ত ব্যক্তিৰ বেছি ওচৰলৈ নাহিব

• যদি আপুনি কোনো ৰোগীৰ যত্ন লৈ আছে তেন্তে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰক।

সম্ভাৱ্য সংস্পৰ্শৰ পিছত যদি লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে।

ভাৰতৰ বাহিৰত সৰ্বাধিক নিপা সংক্ৰমণ দেখা গৈছে বাংলাদেশত। ২০০০ চনৰ আৰম্ভণিৰ পৰাই তাত প্ৰায় প্ৰতি বছৰে কিছুমান ঘটনা পোহৰলৈ আহিছে, বেছিভাগেই দূষিত খাদ্যৰ বাবে। দক্ষিণ-পূব এছিয়াৰ কিছুমান অঞ্চলতো ড্ৰপলেট সংক্ৰমণৰ দৃষ্টান্ত দেখা গৈছে। বিশ্বজুৰি মুঠ সংক্ৰমণৰ সংখ্যা কম যদিও ইয়াৰ আশংকা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd