দুটাকৈ হত্যাকাণ্ডক কেন্দ্ৰ কৰি গোৱাত চাঞ্চল্য। দুগৰাকী ৰাছিয়ান মহিলাৰ কৰুণ পৰিণতি। কাষৰীয়া দুখন গাঁৱত আছিল তেওঁলোক। যোৱা ১৪ আৰু ১৫ জানুৱাৰীত তেওঁলোকৰ মৃত্যু হয়। দুৰ্বৃত্তই তেওঁলোকৰ ডিঙি কাটি পেলায়।
অৱশেষত হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৱো ৰাছিয়াৰ নাগৰিক। জানিব পৰা মতে, মহিলা দুগৰাকী তেওঁৰ বান্ধৱী আছিল।
অভিযুক্তৰ নাম আলেক্সেই লিঅ’নভ। উত্তৰ গোৱাৰ আৰামবোল আৰু মৰ্জিম গাঁৱত গৈ তেওঁ দুই বান্ধৱীক হত্যা কৰাৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, মৃত ৰাছিয়ান মহিলা দুগৰাকীৰ বয়স ৩৭ বছৰ। আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্ত লিঅ’নভ ১৪ জানুৱাৰীত এলেনা ভানিভাৰ ঘৰলৈ গৈছিল। তাৰ পিছত তেওঁ নিশা ১১ বজাৰ পিছত এলেনা ভানিভাৰ ডিঙি কাটি হত্যা কৰি পলায়ন কৰিছিল।
সেইদৰে, পিছদিনা আৰামবোলত উপস্থিত হৈ সন্ধিয়া প্ৰেমিকা এলেনা কাস্তানোভাৰ ঘৰলৈ যায়। প্ৰথমে তেওঁক ৰছীৰ দৰে কিবা এডালেৰে বান্ধি পেলায়। তাৰ পিছত তেওঁৰ ডিঙিটো কাটি পেলায়।
আনহাতে, ১৬ জানুৱাৰীত দুয়োটা মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ বিষয়টো চালিজাৰি চোৱা হৈছে। তদন্ত আৰম্ভ কৰা হৈছে। ধৃত ব্যক্তিজনক সোধা-পোছা কৰা হৈছে।
এই হত্যাকাণ্ডৰ কাৰণৰ বিষয়ে এতিয়াও কোনো ধাৰণা কৰিব পৰা নাই তদন্তকাৰীয়ে। এই ঘটনাৰ লগত আৰু কোনো লোক জড়িত আছিল নেকি সেয়াও তদন্ত কৰি চোৱা হ’ব।





