ভাৰতীয় সংবাদ জগতৰ তদাৰকী সংস্থা ‘প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া’ (PCI) বৰ্তমান এক নজিৰবিহীন সংকটৰ মুখামুখি হৈছে। প্ৰতিষ্ঠানখনৰ সাৰে তিনি দশকৰ ইতিহাসত এইয়া প্ৰথমবাৰৰ বাবে ঘটিছে যে গুৰুত্বপূৰ্ণ অধ্যক্ষৰ পদটো সম্পূৰ্ণৰূপে খালী হৈ আছে। যোৱা বৰ্ষৰ ১৬ ডিচেম্বৰত প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত তেওঁক অষ্টম দৰমহা আয়োগৰ দায়িত্ব অৰ্পণ কৰা হয়, কিন্তু তাৰ পাছৰে পৰা কাউন্সিলৰ নতুন অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়া স্তব্ধ হৈ পৰিছে। নিয়ম অনুসৰি প্ৰতিটো কাউন্সিলৰ কাৰ্যকাল তিনি বছৰীয়া হোৱা স্বত্বেও এনে শূন্যতাই সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা আৰু গণতান্ত্ৰিক দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন উত্থপিত কৰিছে, যাৰ বাবে বিভিন্ন ৰাজ্যৰ সংবাদ সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দ্ৰুত হস্তক্ষেপৰ অনুৰোধ জনাইছে।
উল্লেখ্য যে ১৯৭৮ চনৰ সংবাদ মাধ্যমৰ স্বাধীনতা সংক্ৰান্তীয় আইনৰ ভিত্তিত ১৯৭৯ চনত প্ৰতিষ্ঠা হৈছিল প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া। চাৰে তিনি দশকৰ ইতিহাসত এই বিধিবদ্ধ তথা অৰ্ধ-ন্যায়িক প্ৰতিষ্ঠানটো কেতিয়াও অধ্যক্ষহীন হোৱা নাছিল। ইতিমধ্যে সমগ্ৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি যৌথ বিবৃতি জাৰি কৰিছে মুম্বাই, অসম, পশ্চিমবঙ্গ, ওড়িশা, পঞ্জাব আৰু চণ্ডীগড়ৰ সংবাদ প্ৰতিষ্ঠানসমূহে।
সংবাদ সংগঠনসমূহে জাৰি কৰা বিবৃতিটোত উল্লেখ কৰা হৈছে যে, ১৪ তম প্ৰেছ কাউন্সিলৰ কাৰ্যকাল শেষ হোৱা এবছৰতকৈও অধিক সময় পাৰ হ’ল যদিও আজিলৈকে ১৫ তম কাউন্সিলখন পূৰ্ণাংগ ৰূপত গঠন কৰিব পৰা হোৱা নাই। বিশেষকৈ, গুৰুত্বপূৰ্ণ অধ্যক্ষৰ পদটো আজিও খালী হৈ আছে। উল্লেখ্য যে, অধ্যক্ষসহ প্ৰেছ কাউন্সিলৰ মুঠ সদস্যৰ সংখ্যা ২৯ জন, কিন্তু ১৫ তম কাউন্সিলত এতিয়ালৈকে মাত্ৰ ১৪ জনকহে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ, অধ্যক্ষসহ এতিয়াও ১৫ জন সদস্যৰ নিযুক্তি প্ৰক্ৰিয়া বাকী আছে। ইফালে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতান্ত্ৰিক আন্তঃগাঁথনিৰ সুৰক্ষাৰ ক্ষেত্ৰত এনে স্থবিৰতাক সচেতন মহলে অত্যন্ত ‘উদ্বেগজনক’ আখ্যা দিছে।





