• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আগশাৰীত কিয় নহয়?’ গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাহুল গান্ধীৰ আসনকলৈ ক্ষোভ উজাৰিলে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 12:26 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ আসনৰ ব্যৱস্থাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছ নেতাসকলে প্ৰট’কল ভংগ কৰি তেওঁক সন্মুখৰ শাৰীত ৰখাৰ পৰিৱৰ্তে পিছফালে ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

কৰ্তব্য পথৰ পৰা সম্প্ৰচাৰিত দূৰদৰ্শনৰ ফুটেজত দেখা গৈছে যে বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান সন্মুখৰ শাৰীত বহি থকাৰ বিপৰীতে ৰাহুল গান্ধী তৃতীয় শাৰীত আছে। এই বিষয়টোৱে গণতান্ত্ৰিক ৰীতি আৰু ৰাষ্ট্ৰীয় অনুষ্ঠানত বিৰোধীৰ মৰ্যাদাক লৈ নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।

Apply Now

কংগ্ৰেছৰ সাংসদ তাৰিক আনোৱাৰে কয় যে গণৰাজ্য দিৱসৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানত দেশৰ মূল বিৰোধী নেতা ৰাহুল গান্ধীক সন্মুখৰ শাৰীত বহিব নিদিয়াটো “অত্যন্ত দুৰ্ভাগ্যজনক”। তেওঁ দাবী কৰে যে বিৰোধী দলৰ নেতাজনৰ বিশেষ প্ৰট’কলৰ মৰ্যাদা আছে।

ব্ৰিটিছ সংসদীয় ব্যৱস্থাৰ সৈতে তুলনা কৰি আনোৱাৰে কয় যে এই পদটোক প্ৰায়ে ‘ছেডো প্ৰধানমন্ত্ৰী’ৰ সমতুল্য বুলি গণ্য কৰা হয়। তেওঁৰ মতে, গণতান্ত্ৰিক ভাৰসাম্য বজাই ৰখা আৰু সাংবিধানিক পদৰ মৰ্যাদা বজাই ৰখাৰ বাবেই এনে প্ৰথা।

আনোৱাৰে অভিযোগ তুলি কয়, ‘এই প্ৰট’কল সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে। এনে বৃহৎ ৰাষ্ট্ৰীয় অনুষ্ঠানত মূল বিৰোধী দলৰ নেতাক দ্বিতীয় বা তৃতীয় শাৰীত বহি থকাটো অভূতপূৰ্ব৷

আনোৱাৰে লগতে কয় যে ঐতিহাসিকভাৱে ভাৰতে ৱেষ্টমিনিষ্টাৰ শৈলীৰ বহু সংসদীয় পদ্ধতি অনুসৰণ কৰি আহিছে, য’ত বিৰোধী নেতাসকলক যথাযথ সন্মান দিয়াও আছে। কিন্তু শেহতীয়া বছৰবোৰত এই প্ৰথা ক্ৰমান্বয়ে ভাঙি গৈ আছে বুলি তেওঁ দাবী কৰে।

এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ সাংসদগৰাকীয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে দীৰ্ঘদিনীয়া গণতান্ত্ৰিক নীতি-নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে, সংসদৰ ভিতৰত বিৰোধী দলৰ কথা কোৱাৰ সুযোগ যিদৰে কমি আহিছে, ঠিক তেনেদৰে ৰাষ্ট্ৰীয় অনুষ্ঠানতো তেওঁলোকক ক্ৰমান্বয়ে একাষৰীয়া কৰা হৈছে। আনোৱাৰে দাবী কৰে যে বিৰোধী নেতাগৰাকীক সংসদত পৰ্যাপ্ত সময় দিয়া নহয় আৰু চৰকাৰী অনুষ্ঠানত তেওঁক যথাযথ মৰ্যাদা দিয়া নহয়। তেওঁৰ মতে, ইয়াৰ দ্বাৰা দেশৰ গণতন্ত্ৰৰ স্বাস্থ্য সম্পৰ্কে ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছে।

পেৰেডৰ ফুটেজত শিৱৰাজ সিং চৌহানক ৰাহুল গান্ধীৰ সন্মুখৰ শাৰীত বহি থকা দেখা পোৱাত বিতৰ্ক তীব্ৰতৰ হৈ পৰে। ইয়াৰ পিছত কংগ্ৰেছ নেতাসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণৰ দাবী জনাইছে। ১৯৫০ চনত সংবিধান বলবৎ হোৱাৰ উপলক্ষে গণৰাজ্য দিৱস ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান।প্ৰতি বছৰে এই পেৰেডত দেশৰ শীৰ্ষ সাংবিধানিক বিষয়া, ৰাজনৈতিক নেতা আৰু বিদেশী অতিথি উপস্থিত থাকে আৰু বহাৰ ব্যৱস্থা সাধাৰণতে প্ৰট’কল অনুসৰি সিদ্ধান্ত লোৱা হয়।

গণৰাজ্য দিৱসৰ আসনৰ ব্যৱস্থাক লৈ বিৰোধীয়ে আপত্তি দাঙি ধৰাটো প্ৰথম নহয়। ২০১৮ চনতো কংগ্ৰেছে অভিযোগ কৰিছিল যে তদানীন্তন দলৰ নেতা ৰাহুল গান্ধীক সন্মুখৰ শাৰীৰ সলনি চাৰিৰ পৰা ছয় নম্বৰ শাৰীত বহিবলৈ দিয়া হৈছিল। সেই সময়ত কংগ্ৰেছ নেতৃত্বই বিষয়টোক “সস্তীয়া ৰাজনীতি” বুলি অভিহিত কৰিছিল। ইয়াৰ পিছৰ বছৰ অৰ্থাৎ ২০১৯ চনত গণৰাজ্য দিৱসৰ দিনা ৰাহুল গান্ধীক পুনৰ আগশাৰীত বহিবলৈ দিয়া হয়, যিটো পূর্বৰ বছৰত হোৱা বিতর্কৰ পাছত আয়োজকসকলৰ “শুধৰণীমূলক পদক্ষেপ” বুলি বহুতে কয়৷

২০২৪ চনত দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ সময়তো একেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল, তেতিয়া ৰাহুল গান্ধীক অলিম্পিকৰ পদক বিজয়ী খেলুৱৈৰ সৈতে পিছৰ শাৰীৰ ওচৰত বহি থকা দেখা গৈছিল। এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত এক নতুন ৰাজনৈতিক বিতৰ্কৰ সূচনা হয়।

প্ৰসংগক্ৰমে ২০২৫ চনৰ ১৫ আগষ্টত ৰাহুলে লালকিল্লাৰ উদযাপনত উপস্থিত নাছিল। সেই সময়ত তেওঁ বিদেশ ভ্ৰমণত আছিল আৰু তাৰ বাবে বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd