বেংগালুৰুত এক অতি মৰ্মান্তিক আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কেৱল এটা ক্ৰিকেট মেচৰ ফলাফল আৰু এটা চিগাৰেটৰ লাইটাৰক লৈ হোৱা সামান্য তৰ্কই শেষত ভয়ংকৰ ৰূপ ল’লে। মদ্যপান কৰি থকাৰ মাজতে দুজন বন্ধুৰ মাজত হোৱা এই সামান্য কাজিয়াৰ পৰিণতিত এজন যুৱকে নিজৰ বন্ধুক গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ মতে এই ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে এজনৰ মৃত্যু হয়।
এই ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজনৰ নাম প্ৰশান্ত বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স প্ৰায় ৩৩ বছৰ। আনহাতে অভিযুক্ত ৩৭ বছৰীয়া ৰোশন হেগড়ে পেছাত এজন তথ্য প্ৰযুক্তি কৰ্মী। আৰক্ষীয়ে জনোৱা অনুসৰি বেংগালুৰুৰ ইলেক্ট্ৰনিক চিটীৰ এখন খেলপথাৰত ক্ৰিকেট টুৰ্ণামেণ্ট শেষ হোৱাৰ পিছত দুয়ো এটা মলৰ পিছফালে বহি বিয়েৰ খাই আছিল। সেই সময়তে এখন ক্ৰিকেট মেচক লৈ তেওঁলোকৰ মাজত কথাৰ কটা-কটি আৰম্ভ হয়। ইয়াৰ পিছতে চিগাৰেট জ্বলাবলৈ লাইটাৰ বিচাৰি নোপোৱাত তেওঁলোকৰ খং আৰু বেছি বাঢ়ি যায়।
প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰথমে দুয়োৰে মাজত কথাৰ যুঁজ আৰম্ভ হৈছিল যদিও অতি কম সময়ৰ ভিতৰতে ই হাতাহাতিৰ ৰূপ লয়। মদ্যপান কৰি থকাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু দুয়োজনে হাতত বিয়েৰৰ বটল লৈ ইজনে সিজনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। এই হুলস্থুলৰ মাজতে ৰোশন হেগড়েৰ জিভাত গুৰুতৰ আঘাট লাগে। ইয়াৰ পিছতে ৰোশনে খঙতে নিজৰ টাটা চাফাৰী গাড়ীখন লৈ সেই ঠাইৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে।
কিন্তু পৰিস্থিতি ইমানতে শান্ত হোৱা নাছিল। প্ৰশান্তই গাড়ীখনক বাধা দিবলৈ চেষ্টা কৰি চলন্ত গাড়ীখনৰ সন্মুখৰ ফালে থকা ফুটৰেষ্টত উঠি পৰে। সেই অৱস্থাতে ৰোশনে গাড়ীৰ গতি তীব্ৰ কৰি দিয়ে আৰু অতি নিষ্ঠুৰভাৱে পথৰ কাষত থকা এজোপা গছ আৰু এখন দেৱালত গাড়ীখন সজোৰে খুন্দা মাৰি দিয়ে। এই ভয়ংকৰ সংঘৰ্ষৰ ফলত প্ৰশান্তৰ মূৰ আৰু বুকুত গুৰুতৰ আঘাত লাগে আৰু তেওঁৰ থিতাতে মৃত্যু হয়।
গোটেই ঘটনাটো গাড়ীখনত থকা ডেশ্ব কেমেৰাত ৰেকৰ্ড হৈ আছিল। সেই ফুটেজৰ সহায়তে আৰক্ষীয়ে অতি সোনকালে অভিযুক্ত ৰোশন হেগড়েক চিনাক্ত কৰিবলৈ সক্ষম হয়। ঘটনাৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ৰোশনক গ্ৰেপ্তাৰ কৰাৰ লগতে অপৰাধত ব্যৱহৃত গাড়ীখনো জব্দ কৰে। বৰ্তমান ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(১) ধাৰাত তেওঁৰ বিৰুদ্ধে খুনের গোচৰ ৰুজু কৰা হৈছে। মদ্যপ অৱস্থাত থকাৰ বাবে সামান্য তৰ্কই কেনেকৈ এনে এক ভয়াৱহ পৰিণতি ল’ব পাৰে, এই ঘটনাই তাকেই আকৌ এবাৰ প্ৰমাণ কৰিলে।





