• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমি পিছুৱাই গৈছো?’ UGC-ৰ নতুন নিয়মত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2026 2:14 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা নতুন নিয়মক লৈ (UGC Equity Rules Stayed By Court) দেশজুৰি প্ৰতিবাদৰ মাজতে উচ্চতম ন্যায়ালয়ে সেই নিয়ম কাৰ্যকৰী কৰাত সাময়িকভাৱে স্থগিতাদেশ দিছে। ইয়াৰ লগতে শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে সেই নিয়মসমূহৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা পুনৰ পৰীক্ষা কৰা উচিত।

ইউ জি চিৰ অধিসূচনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমি জাতিভিত্তিক বিভাজনৰ পথলৈ উভতি যোৱা সমাজৰ দিশে আগবাঢ়িছোনে? জাতিহীন সমাজ গঢ়িবলৈ আমি যিখিনি অৰ্জন কৰিছো সেয়া তেন্তে হেৰাই যাব?”

Apply Now

উচ্চ শিক্ষানুষ্ঠানসমূহত জাতিভিত্তিক বৈষম্য ৰোধৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ ঘোষণা কৰা নতুন নিৰ্দেশনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন গোট, বিশেষকৈ সাধাৰণ বা তথাকথিত ‘উচ্চ বৰ্ণ’ শ্ৰেণীয়ে এই নিয়ম একপক্ষীয়ভাৱে আৰু প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

ইতিমধ্যে এই নিয়মৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। দেশৰ বিভিন্ন প্ৰান্তত ক্ষোভ, প্ৰতিবাদ, আনকি এজন প্ৰশাসনিক বিষয়াৰ পদত্যাগেও এতিয়া ইউজিচিৰ নতুন ‘ইকুইটি ৰেগুলেচন’ক ৰাষ্ট্ৰীয় ৰাজনৈতিক আৰু সামাজিক বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাখিছে।

২০২৬ চনৰ ১৩ জানুৱাৰীত ইউজিচিয়ে এখন ‘ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিছন নিয়মাৱলী, ২০২৬’ অধিসূচনা জাৰি কৰে। ইয়াৰ দ্বাৰা ২০১২ চনৰ জাতি বৈষম্য বিৰোধী নিয়ম সংশোধন কৰা হয়। নতুন নিয়মত ‘জাতিভিত্তিক বৈষম্য’ৰ সংজ্ঞা দিয়া হৈছে যে কেৱল অনুসূচিত জাতি (SCs), অনুসূচিত জনজাতি (STs) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ সদস্যৰ বিৰুদ্ধেহে বৈষম্য কৰা হয়। অৰ্থাৎ সংজ্ঞাৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ বা শিক্ষকক কাৰ্যতঃ বাদ দিয়া হৈছে।

এই নিয়ম অনুসৰি প্ৰতিখন কলেজ আৰু বিশ্ববিদ্যালয়ে বৈষম্য ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ ভিতৰত হেল্পলাইন আৰম্ভ কৰা, নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা, ইউজিচিলৈ নিয়মীয়াকৈ প্ৰতিবেদন প্ৰেৰণ কৰা আদি অন্তৰ্ভুক্ত।

এই ব্যৱস্থাৰ দায়িত্ব প্ৰত্যক্ষভাৱে প্ৰতিষ্ঠানসমূহৰ মুৰব্বীৰ ওপৰত জাপি দিয়া হৈছে। উপাচাৰ্য আৰু অধ্যক্ষসকলে ব্যক্তিগতভাৱে নিয়ম মানি চলাটো নিশ্চিত কৰিব লাগিব। যদি কোনো প্ৰতিষ্ঠানে এই নিৰ্দেশনাসমূহ পালন নকৰে তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। যেনে, নতুন পাঠ্যক্ৰমৰ অনুমোদন বন্ধ কৰা, বিভিন্ন ইউজিচি আঁচনিৰ পৰা বাদ দিয়া বা আনকি প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰত্যাহাৰ কৰা।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আহিছে এই নতুন নিয়ম। ৰাধিকা ভেমুলা আৰু আবেদা চেলিম তাদভিয়ে ২০১২ চনৰ ইউ জি চি এণ্টি ডিচক্ৰিমিনেচন ৰেগুলেচন কাৰ্যকৰীভাৱে ৰূপায়ন হোৱা নাই বুলি অভিযোগ কৰি উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ তৰিছিল। হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক ৰোহিত ভেমুলাৰ মাতৃ ৰাধিকা ভেমুলা। আৰু আবেদা তাদভি মুম্বাইৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ পায়াল তাদভিৰ মাতৃ। ৰোহিত আৰু পায়াল দুয়োজনেই জাতিভিত্তিক বৈষম্যৰ বাবে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছে। এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ইউজিচিক নতুন, শক্তিশালী নিয়ম প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছিল। সেই আদেশৰ পিছত ইউজিচিয়ে ২০২৬ চনৰ নতুন ইকুইটি ৰেগুলেচন জাৰি কৰে।

নতুন নিয়মৰ ওপৰত মূল আপত্তি আহিছিল সংজ্ঞাৰ সৈতে। সমালোচকৰ মতে ইউজিচিয়ে ‘জাতিভিত্তিক বৈষম্য’ৰ সংজ্ঞা যিদৰে দিছে, সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক সম্পূৰ্ণৰূপে সুৰক্ষাৰ বাহিৰত ৰাখিছে। তেওঁলোকে দাবী কৰে যে যিকোনো দিশৰ পৰা বৈষম্য হ’ব পাৰে। কিন্তু নতুন নিয়মত কেৱল সংৰক্ষিত শ্ৰেণীৰ লোকক ‘ভুক্তভোগী’ হিচাপে গণ্য কৰা হৈছে। ফলস্বৰূপে সাধাৰণ শ্ৰেণীৰ কোনোবা এজনৰ প্ৰতি যদি বৈষম্যৰ সৃষ্টি হয়, তেন্তে তেওঁলোকৰ অভিযোগৰ সমাধানৰ কোনো ফলপ্ৰসূ উপায় নাথাকিব।

তদুপৰি অভিযোগ কৰা হৈছে যে এই নিয়মে ‘মিছা অভিযোগ’ বা ভুৱা গোচৰৰ বিৰুদ্ধে কোনো সুৰক্ষা প্ৰদান নকৰে। আৰম্ভণিৰে পৰাই অভিযুক্তক অপৰাধী বুলি ধৰি লোৱাৰ প্ৰৱণতা থাকিব, যাৰ ফলত কেম্পাছত আতংক আৰু অনাস্থাৰ পৰিৱেশৰ সৃষ্টি হ’ব।

এই বিতৰ্কই উচ্চতম ন্যায়ালয় পোৱাৰ লগে লগে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে অসন্তুষ্টি প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে ইউজিচিৰ নিয়ম কাৰ্যকৰী কৰাৰ ওপৰত সাময়িকভাৱে স্থগিতাদেশ দিছে । কেৱল সেয়াই নহয়, আজি ৰেগিং প্ৰসংগটো লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে দেশৰ দক্ষিণ বা উত্তৰ-পূবৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সংস্কৃতি লৈ পঢ়া-শুনা কৰিবলৈ আহে। কিন্তু বহু ক্ষেত্ৰত অচিনাকি মানুহে সেই সংস্কৃতিক সমালোচনা কৰে। এতিয়া আকৌ পৃথক হোষ্টেলৰ প্ৰস্তাৱ, “হে ভগৱান”।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আজিৰ সমাজত অসবৰ্ণ বিবাহো হৈ আছে। নিজৰ ছাত্ৰ জীৱনৰ অভিজ্ঞতাৰ কথা তুলি ধৰি তেওঁ কয়, “আমিও হোষ্টেলত আছিলোঁ, য’ত সকলোৱে একেলগে আছিল।” এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ১৯ মাৰ্চত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd