• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰলুইত প্ৰডাকচনছৰ অসমীয়া বোলছবি ‘ডিফলু’ৰ পোষ্টাৰ মুকলি; ২১ আগষ্টত মুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 7:27 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চুটি ছবিজগতৰ অন্যতম চৰ্চিত প্ৰযোজনাগোষ্ঠী বৰলুইত প্ৰডাকচনছে আগন্তুক ২১ আগষ্টত মুক্তি লাভ কৰিবলগীয়া তেওঁলোকৰ প্ৰথমখন অসমীয়া কাহিনী চিত্ৰ ‘ডিফলু’ৰ অফিচিয়েল পোষ্টাৰ মুকলি কৰিছে। তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ইতিমধ্যে কেইবাখনো বঁটা বিজয়ী চুটি ছবি উপহাৰ দিয়া এই প্ৰডাকচন হাউচটোৰ নতুন নিৰ্মাণক লৈ এতিয়া দৰ্শকৰ মাজত ব্যাপক কৌতুহলৰ সৃষ্টি হৈছে।

সদ্য মুকলি কৰা এই পোষ্টাৰখনে ছবিখনৰ দৃশ্যগত শৈলীৰ এক সুন্দৰ আভাস দাঙি ধৰিছে। বৰলুইত প্ৰডাকচনৰ শিপাৰ সৈতে জড়িত কাহিনী কথনৰ পৰম্পৰা ৰক্ষা কৰি এই পোষ্টাৰত ছবিখনৰ শক্তিশালী অভিনয় শিল্পীসকলৰ লগতে অসমৰ গ্ৰাম্য পটভূমিক অতি নিপুণভাৱে ফুটাই তোলা হৈছে।

Apply Now

নেকিবৰ পৰিচালনা আৰু জেকিভৰ প্ৰযোজনাৰে নিৰ্মিত ‘ডিফলু’ত সমন্বয় ঘটিছে এজাক সুদক্ষ প্ৰতিভা আৰু দক্ষ কলা-কুশলীৰ। এই ছবিখনৰ অভিনয় শিল্পীৰ তালিকাখনত আছে অমৃতা গগৈ, সুব্ৰত দেউৰী, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা, ৰাজীৱ দুৱৰী, জ্যোতিষ্মান বৰা, কনিকা নাথ, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, ড০ হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, প্ৰিয়াংশী কাশ্যপ আৰু দিব্য জ্যোতি বৰাৰ দৰে জনপ্ৰিয় নাম। ইয়াৰোপৰি প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱাইও ছবিখনৰ এক বিশেষ অতিথি চৰিত্ৰত ভূমুকি মাৰিব।

ছবিখনৰ সৃজনশীল আৰু কাৰিকৰী দিশত কাম কৰি লেখক, পৰিচালক তথা সম্পাদনাৰ গুৰু দায়িত্ব পালন কৰিছে নেকিবে। আনহাতে চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে দেৱজিৎ বৰাই। চিত্ৰগ্ৰহণৰ যাদুৰে দৃশ্যসমূহ সজাই তুলিছে উত্তম কলিতাই আৰু ছবিখনৰ সংগীত তথা আৱহ সংগীতৰ পৰিচালনা কৰিছে প্ৰযোজক জেকিভেয়ে নিজেই। নেপথ্য কণ্ঠশিল্পী হিচাপে জুবিন গাৰ্গ, ৰাকেশ ৰিয়ান, ৰূপালী কাশ্যপ, গায়ত্ৰী হাজৰিকা আৰু মণ্টুমণি শইকীয়াৰ সুমধুৰ কণ্ঠই ছবিখনৰ গীতসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

বিশেষভাৱে উল্লেখনীয় যে, ছবিখনত আধুনিক অসমীয়া সংগীতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গে কণ্ঠদান কৰা দুটা অতি বিৰল দ্বৈত গীত অন্তৰ্ভুক্ত কৰা হৈছে- ইয়াৰে এটা ৰূপালী কাশ্যপৰ সৈতে আৰু আনটো জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ সৈতে।

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত চিৰবিদায় লোৱা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই গীতকেইটা তেওঁৰ অন্তিম পৰ্যায়ৰ কিছু অপ্ৰকাশিত আৰু অমূল্য সৃষ্টিৰ অন্যতম। আধুনিক অসমৰ কণ্ঠস্বৰ হিচাপে খ্যাত জুবিনৰ সংগীতে যুগে যুগে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁ আজিও কোটি কোটি অনুৰাগীৰ হৃদয়ত অমৰ হৈ আছে। গায়ত্ৰী হাজৰিকাৰ সৈতে গোৱা দ্বৈত গীতটোৰো এক গভীৰ আৱেগিক তাৎপৰ্য আছে, কাৰণ ২০২৫ চনৰ ১৬ মে’ত তেওঁৰ মৃত্যুৰ পূৰ্বে ই আছিল তেওঁৰ দ্বাৰা বাণীবদ্ধ কৰা অন্তিম কেইটামান সৃষ্টিৰ ভিতৰত অন্যতম। একাধিক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত গায়ত্ৰী হাজৰিকা তেওঁৰ সুমধুৰ কণ্ঠ আৰু অসমীয়া সংগীত-সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা আজীৱন অৱদানৰ বাবে চিৰনমস্য।

প্ৰয়াত কিংবদন্তি শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি পৰিচালক নেকিবে কয়, “জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী নাছিল, তেওঁ আছিল অসমৰ প্ৰতিজন মানুহৰ হৃদস্পন্দন। তেওঁৰ বিয়োগে সমাজত এক এনে শূন্যতাৰ সৃষ্টি কৰি থৈ গ’ল যি কেতিয়াও পূৰণ কৰিব পৰা নাযাব। আমাৰ ছবিখনত তেওঁৰ অন্তিম গীতসমূহৰ এটা অন্তৰ্ভুক্ত কৰাটো সমগ্ৰ দলটোৰ বাবে এক আৱেগিক মুহূৰ্ত আৰু আমি এই বিৰল সন্মানক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিম।”

ছবিখনৰ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে আৰু উদয় শংকৰে। আনহাতে পংকজ সোৰামে একচন দৃশ্যসমূহ অতি নিপুণভাৱে পৰিচালনা কৰিছে। সাজ-সজ্জাৰ দায়িত্বত জুৰি কলিতা থকাৰ বিপৰীতে পিজুমণি শৰ্মাই ৰূপসজ্জাৰ মুৰব্বী হিচাপে কাম কৰিছে। নেকিব আৰু গাৰ্গী ভট্টাচাৰ্যই গীতৰ কথা ৰচনা কৰাৰ লগতে জিতুল ৰাজবংশী আৰু অনুপম বৈশ্যই মুখ্য সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰিছে, য’ত তেওঁলোকক সহায় কৰিছে দেৱাশীষ ডেকা, আফিৰন নেচা আৰু প্ৰাঞ্জল হালৈয়ে।

ছবিখনৰ নিৰ্মাণ পৰিচালনাৰ দিশটো উৎপল কলিতা আৰু হিৰক জ্যোতি শালৈয়ে চোৱাচিতা কৰাৰ বিপৰীতে ডিআই কালাৰিষ্ট হিচাপে আছে ধনজিৎ দাস। জিতুমণি হাজৰিকাই কমিউনিটি ষ্টিল তথা বিটিএছৰ দায়িত্ব পালন কৰিছে। গুৱাহাটীৰ আগশাৰীৰ জনসংযোগ প্ৰতিষ্ঠান ‘লাইফছ পাৰ্পল’-এ ছবিখনৰ প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ সক্ৰিয়কৰণৰ সমগ্ৰ কাম-কাজ পৰিচালনা কৰিছে।

ছবিখনৰ আনুষ্ঠানিক ঘোষণাৰ সন্দৰ্ভত প্ৰযোজক জেকিভে কয়, “ডিফলু অসমৰ প্ৰাণৰ এক আন্তৰিক যাত্ৰা। ছবিখনৰ প্ৰতিটো ফ্ৰেমত আমাৰ পৰিচয়, আমাৰ হাস্যৰস আৰু আমাৰ সপোনবোৰ জীপাল হৈ উঠিছে। সংগীতৰ পৰা দৃশ্যশৈলীলৈকে, প্ৰতিটো দিশতে আমি আমাৰ হৃদয়েৰে কাম কৰিছোঁ যাতে ছবিখনত মৌলিকতা অটুট থাকে। পোষ্টাৰখন কেৱল আমি মৰম আৰু উদ্দেশ্যৰে গঢ়ি তোলা পৃথিৱীখনৰ এটা সৰু আভাসহে। আমি আশাবাদী যে ডিফলুৱে প্ৰতিজন অসমীয়াৰ হৃদয়ৰ লগতে দেশৰ আন প্ৰান্তৰ লোককো আকৰ্ষিত কৰিব।”

‘ৰং – দ্য কালাৰ’ আৰু ‘আকাশ বিচাৰি – ইনটু দ্য স্কাই’ৰ দৰে চুটি ছবিত সফলতা লাভ কৰাৰ পিছত ‘ডিফলু’ৰ জৰিয়তে বৰলুইত প্ৰডাকচনছে পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ জগতত এক বলিষ্ঠ খোজ পেলাইছে। স্থানীয় ৰুচি, শৈল্পিক সততা আৰু চিনেমেটিক আকৰ্ষণেৰে সমৃদ্ধ এই ছবিখনে দৰ্শকক এক নতুন আমোদ দিব।

অহা ২১ আগষ্টত সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন নিৰ্বাচিত চহৰৰ প্ৰেক্ষাগৃহত ছবিখনে মুক্তি লাভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd