• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত বিএনপিৰ নিৰংকুশ জয়; অহা সপ্তাহত প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানৰ শপত গ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 8:17 am
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঢ়ৈ দশকৰ পাছত বাংলাদেশত পুনৰ চৰকাৰ গঠন কৰিবলৈ ওলাইছে বিএনপিয়ে। ইয়াৰ লগতে ৩৫ বছৰৰ পাছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ আগবাঢ়িছে এজন পুৰুষ প্ৰধানমন্ত্ৰী।

শুকুৰবাৰে পুৱালৈকে বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত বিএনপি মিত্ৰজোঁটে ২১২খন আসন লাভ কৰিছে। চৰকাৰ গঠন কৰিবলৈ ১৫১খন আসনত জয়ৰ প্ৰয়োজন আছিল। বিএনপিৰ মূল প্ৰতিদ্বন্দ্বী জামাত মিত্ৰজোঁটে ৭০খন আসন লাভ কৰে। আনসকলে ৬খন আসনত জয়লাভ কৰে।

Apply Now

অৱশ্যে অধিকাংশ সমষ্টিৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে কয় যে ৰিটাৰ্নিং বিষয়াসকলে যেতিয়ালৈকে লিখিতভাৱে আয়োগক ফলাফল অৱগত নকৰে তেতিয়ালৈকে চূড়ান্ত ফলাফল ঘোষণা কৰা নহয়।

দেশখনত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ সমান্তৰালকৈ গণভোট অনুষ্ঠিত হয়। গণভোটৰ ফলাফলত দেখা গৈছে যে ‘হয়’ (যেছ) ভোটে জয়লাভ কৰিছে। অৰ্থাৎ বাংলাদেশৰ জনসাধাৰণে সংবিধান, প্ৰশাসন, ন্যায়পালিকা আদিৰ সৰ্বাংগীন সংস্কাৰৰ সপক্ষে ভোটদান কৰিছে।

এতিয়ালৈকে পোৱা খবৰ অনুসৰি ২,৫০,০০০,৪৫৮ জন ভোটাৰে ‘হয়’ বুলি ভোট দিছে। ৮৬৯,০০০,৫৮৮ জনেই ‘না’ (নো) বুলি ভোট দিলে। বাংলাদেশত কেৱল এখন নতুন চৰকাৰ ক্ষমতালৈ অহাই নহয়, ৰাষ্ট্ৰৰ ক্ষেত্ৰতো দেশখনৰ আমূল পৰিৱৰ্তন হ’ব পাৰে। কিন্তু গণভোটৰ ফলাফলৰ ভিত্তিত যিবোৰ সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰ ৰূপায়ণ হ’ব লাগে সেয়া নিশ্চিতভাৱে নতুন সংসদ আৰু শাসকীয় চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। সংস্কাৰ প্ৰক্ৰিয়াৰ কেইবাটাও দিশত বিএনপিয়ে আপত্তি পঞ্জীয়ন কৰিছে।

যিহেতু আশা কৰা মতে বিএনপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, সেয়েহে চৰকাৰ গঠনৰ ক্ষেত্ৰত কোনো অনিশ্চয়তা নাথাকিল। ভোটদানৰ পূৰ্বে ৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে । এই জল্পনা-কল্পনাৰ আৰম্ভণি হৈছিল যেতিয়া জামাত আমিৰে নিজেই ৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছিল। অৱশ্যে ভোটদানৰ তিনিদিন পূৰ্বে দিয়া এক সাক্ষাৎকাৰত বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানে ৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ সম্ভাৱনাক খাৰিজ কৰে। তাৰিকে বগুৰা আৰু ঢাকা দুয়োখন আসন দখল কৰিছে।

আনহাতে, জামাত-ই-ইছলামীয়ে এই পৰ্যন্ত ৭০খন আসন লাভ কৰিছে যদিও তেওঁলোকে লাভ কৰা ১০০খন আসন অতিক্ৰম কৰাটো যে কঠিন হ’ব সেয়া স্পষ্ট। ভবা হৈছিল যে জামাত ১০০ খনতকৈও অধিক আসন লাভ কৰি শক্তিশালী বিৰোধী দল হ’ব। অৱশ্যে আশা কৰা ধৰণৰ আসন নাপালেও জামাতৰ শক্তি বৃদ্ধি অতি তাৎপৰ্যপূৰ্ণ।

১৯৯১ চনৰ নিৰ্বাচনত তেওঁলোকে সৰ্বাধিক ১৮খন আসন লাভ কৰিছিল। শেষবাৰৰ বাবে তেওঁলোকৰ ভাল ফলাফল আছিল ২০০১ চনৰ নিৰ্বাচনত। সেইবাৰ ১৭খন আসন লাভ কৰিছিল। অৱশ্যে সেই ফলাফল আছিল বিএনপিৰ সৈতে মিত্ৰতা কৰি। এইবাৰ জামাতে ১১টা দলৰ মিত্ৰতাৰ নেতৃত্ব দিছে। তেওঁলোকৰ অতীতৰ ফলাফলৰ পৰা বিচাৰ কৰিলে জামাত-ই-ইছলামীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰা বুলি ক’ব পাৰি।

একাধিক সূত্ৰৰ মতে, যদিও জামাতৰ আসন আশা কৰা ধৰণে নহ’ল, তথাপিও তেওঁলোকে যথেষ্ট সংখ্যক ভোট লাভ কৰে। ফলত ৰাজনৈতিক মহলে এই নিৰ্বাচনৰ জৰিয়তে জামাতে সমগ্ৰ বাংলাদেশতে নিজৰ প্ৰভাৱ প্ৰতিষ্ঠা কৰিছে বুলি ধাৰণা কৰে।

তাৰিকে ৰহমানৰ মাতৃ খালেদা জিয়া ১৯৯১ চনত বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল। তাৰ পিছত তেওঁ আৰু দুবাৰ দেশৰ প্ৰধানমন্ত্ৰী হয়। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৱামী লীগৰ ক্ষমতা আছিল। সেই নিৰ্বাচনত আৱামি লীগৰ সভাপতি শ্বেখ হাছিনা প্ৰথম বাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছিল। শেষবাৰৰ বাবে এজন পুৰুষ প্ৰধানমন্ত্ৰী কাজী জাফৰ আহমেদ আছিল ১৯৮৮ চনত।

২০০১ চনৰ পৰা ২০০৬ চনলৈ বিএনপিৰ শেষ চৰকাৰ আছিল। খালেদা প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ পিছত বাংলাদেশ দুবছৰ ধৰি তত্ত্বাৱধায়ক চৰকাৰৰ অধীনত আছিল। ২০০৮ চনৰ নিৰ্বাচনত নিৰংকুশ জয়েৰে পুনৰ ক্ষমতালৈ আহে আৱামী লীগ। তাৰ পিছৰে পৰা ২০২৪ চনৰ ৫ আগষ্টলৈকে হাছিনা প্ৰধানমন্ত্ৰী হৈ আছিল। তাৰ পিছত ডেৰ বছৰ ধৰি অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত থকা বাংলাদেশ এতিয়া পুনৰ নিৰ্বাচিত চৰকাৰৰ হাতলৈ যাবলৈ ওলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd