• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ভিডিঅ’ গোচৰ: ১৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 5:55 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে অহা ১৬ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল হোৱা কেবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এটা বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য সম্বলিত এটা ভিডিঅ‘ৰ ওপৰত ভিত্তি কৰিয়েই এই আবেদনসমূহ দাখিল কৰা হৈছে।

আদালতৰ সূত্ৰ অনুসৰি, মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ এক বিচাৰপীঠে এই বিষয়টোৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। চি.পি.আই.(এম.) নেতা নিজাম পাছাই ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ দাবী জনাই এখন আবেদন দাখিল কৰিছে।

Apply Now

উল্লেখ্য যে, শীৰ্ষ আদালতে পূৰ্বতেই এই আবেদনসমূহ তালিকাভুক্ত কৰাৰ ইংগিত দিছিল। অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি বিচাৰপীঠখনে পৰ্যবেক্ষণ কৰিছিল যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বহু বিতৰ্কিত অংশ প্ৰায়েই আদালতৰ মজিয়া পায়হি।

এই বিতৰ্কৰ সূত্ৰপাত হৈছিল এখন নিৰ্বাচনী সভাত ৰেকৰ্ডিং কৰা এটা ভিডিঅ‘ৰ পৰা, য‘ত দুজন ব্যক্তিক লক্ষ্য কৰি গুলীবৰ্ষণৰ কথা কোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। যোৱা ৭ ফেব্ৰুৱাৰীত অসম বিজেপিৰ চৰকাৰী ছচিয়েল মিডিয়া একাউণ্টত এই ভিডিঅ‘ প্ৰচাৰ কৰাৰ পিছতে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যদিও পৰৱৰ্তী সময়ত পোষ্টটো মচি পেলোৱা হৈছিল, তথাপিও ইতিমধ্যে বহু লোকে ইয়াক ডাউনলোড কৰি সামাজিক মাধ্যমত বিয়পাই দিছিল।

আনহাতে, চি.পি.আই.(এম.) আৰু দলটোৰ নেত্ৰী এনী ৰাজাই সাম্প্ৰদায়িক মেৰুকৰণৰ উদ্দেশ্যে দিয়া ঘৃণা ভাষণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি এজাহাৰ পঞ্জীয়নৰ দাবীত পৃথক আবেদন দাখিল কৰিছে। আবেদনকাৰীসকলে এক বিশেষ তদন্তকাৰী দল (SIT) গঠনৰো দাবী জনাইছে। তেওঁলোকৰ মতে, ৰাজ্যিক বা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত সম্ভৱ নহয়।

ইয়াৰ উপৰি, পূৰ্বে ১২ জন ব্যক্তিয়ে আন এক আবেদন দাখিল কৰি সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলক বিভাজনমূলক মন্তব্য কৰাৰ পৰা বিৰত ৰাখিবলৈ আদালতৰ নিৰ্দেশনা বিচাৰিছিল।

একেদৰে, বিশিষ্ট বুদ্ধিজীৱী ড°হীৰেন গোহাঁই, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ আৰু জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰেও মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একে অভিযোগত সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ত এখন সুকীয়া লেখ আবেদন দাখিল কৰিছে, যিখন জৰুৰী শুনানিৰ বাবে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd