অসমত অবৈধ বিদেশী বহিষ্কাৰৰ শেহতীয়া পৰিসংখ্যা আৰু সীমান্ত সুৰক্ষাৰ ব্যৱস্থা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য সদনত দাঙি ধৰিছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই। বুধবাৰে বিধানসভাৰ মজিয়াত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত মুঠ ১,৪২১ জন অবৈধ বিদেশীক দেশৰ পৰা উভতাই পঠিওৱা হৈছে। এই বহিষ্কাৰ প্ৰক্ৰিয়া গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি সম্পন্ন কৰা হৈছে। ইয়াৰ উপৰিও ২০২৫ চনৰ ২০ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত আৰু ৫২ জন ব্যক্তিক ১৯৫০ চনৰ অভিবাসী আইনৰ অধীনত বহিষ্কাৰ কৰা হৈছে য’ত ৫১ জন ঘোষিত বিদেশী আৰু এজন নতুনকৈ চিনাক্ত হোৱা অনুপ্ৰৱেশকাৰী আছিল।
অসম চুক্তিৰ আধাৰত ৰাজ্যখনত চলি থকা চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে এতিয়ালৈকে ৰাজ্যত ১.৭০ লাখতকৈ অধিক অবৈধ বিদেশী ধৰা পৰিছে। যোৱা চাৰিটা দশকত প্ৰায় ৩১ হাজাৰ অবৈধ বিদেশীক ভাৰতীয় সীমাৰ পৰা পিছুৱাই ঠেলি দিয়া হৈছে। ইয়াৰ ভিতৰত এক বিস্তৃত শ্ৰেণীবিভাজন আগবঢ়াই তেওঁ কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত সোমোৱা ১,৩৭,১৫২ জন লোকক আৰু ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অহা আন ৩৩,৪৮৫ জনক অবৈধ বিদেশী বুলি চিনাক্ত কৰা হৈছে। ১৯৮৫ চনৰ পৰা ২০১৩ চনৰ ১২ মাৰ্চলৈকে মুঠ ২৯,৬৬৩ জনক পুছ বেক কৰা হৈছিল আৰু ২০১৩ চনৰ ১৩ মাৰ্চৰ পৰা ২০২৬ চনৰ ৩১ জানুৱাৰীলৈ বিতাড়ন প্ৰক্ৰিয়াৰ জৰিয়তে ৪৬৮ জনক উভতাই পঠিওৱা হৈছে।
সীমান্তৰ সুৰক্ষা আৰু বেৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে। তেওঁ জনায় যে বাংলাদেশৰ সৈতে থকা অসমৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। কেৱল শ্ৰীভূমি জিলাৰ ৪.৩৫ কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে আপত্তি কৰাৰ বাবে কামটো থমকি ৰৈছে। বৰ্তমানলৈকে ২২৮.৫৪১ কিলোমিটাৰ এলেকাত বেৰ দিয়া হৈছে। যিবোৰ নদীৰ পাৰৰ অংশত বেৰ দিয়া সম্ভৱ নহয় সেইবোৰ অঞ্চলত বিএছএফৰ দ্বাৰা বিশেষ সংহত সীমান্ত ব্যৱস্থাপনা ব্যৱস্থাৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণ চলাই থকা হৈছে। ধুবুৰী, দক্ষিণ ছালমাৰা, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ মাজেৰে অসমৰ বাংলাদেশৰ সৈতে মুঠ ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা আছে।
আনহাতে বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে জনায় যে সীমান্তত ৯১টা বিএছএফ আউটপোষ্টে পহৰা দি থকাৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ ১৪টা আউটপোষ্টে দ্বিতীয় স্তৰৰ সুৰক্ষা প্ৰদান কৰি আছে। ইয়াৰ লগতে ১৪খন টহল চকীও সক্ৰিয় হৈ আছে। চৰকাৰে সীমান্তৰ সুৰক্ষা অধিক কটকটীয়া কৰিবলৈ অসম আৰক্ষীৰ অধীনত অতিৰিক্ত ১৩টা আউটপোষ্ট আৰু ১২খন সীমান্ত আৰক্ষী থানা স্থাপনৰ বাবেও কাম কৰি আছে।
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰি দিয়ে যে ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰদান কৰা ৬৭টা পৰামৰ্শৰ ভিতৰত ৫২টা ৰাজ্য চৰকাৰৰ আওতাত পৰে। এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বাকী ১৫টা পৰামৰ্শৰ বিষয়ে কেন্দ্ৰৰ সৈতে আলোচনা চলি আছে। এই দফাটোৱে অসমৰ থলুৱা লোকক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।





