• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গুৱাহাটীত দৈনিক উৎপন্ন হোৱা ৬০০ টন আৱৰ্জনাৰ ৩৭০ টনেই প্লাষ্টিকৰ আৱৰ্জনা

ভৱেশ মেধি by ভৱেশ মেধি
June 18, 2018 4:32 pm
PlasticGarbage

গুৱাহাটীৰ পানীৰ নলাত জমা হৈ থকা প্লাষ্টিকৰ বটলৰ আৱৰ্জনা।

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱ সভ্যতাৰ এৰাব নোৱাৰা অংগ হৈ পৰা প্লাষ্টিকৰ অপব্যৱহাৰে শেহতীয়াভাৱে পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ‘ডাউন টু আৰ্থ’ আলোচনীৰ শেহতীয়া এক প্ৰতিবেদন মতে,  দেশত প্ৰতি বছৰে দহ শতাংশকৈ প্লাষ্টিকৰ ব্যৱহাৰ বাঢ়ি গৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ২০১৭ চনৰ ছেপ্টেম্বৰত প্ৰকাশ কৰা তথ্য মতে,  দেশৰ ৬০খন গুৰুত্বপূৰ্ণ নগৰ-মহানগৰত দৈনিক ৫০,৫৯২ টন  আৱৰ্জনা উৎপন্ন হয়। ইয়াৰে ২৫,৯৪০ টন প্লাষ্টিকৰ আৱৰ্জনা।

তথ্য মতে, দেশত দৈনিক উৎপন্ন হোৱা ২৫,৯৪০ টন প্লাষ্টিক আৱৰ্জনাৰ মাত্ৰ ৪,০৫৯.১৮ টন প্লাষ্টিক আৱৰ্জনাহে দৈনিক সংগ্ৰহ হয়। দেশৰ ভিতৰত সৰ্বাধিক প্লাষ্টিক আৱৰ্জনা চেন্নাইত সংগ্ৰহ হয়। চেন্নাইত দৈনিক ৪২৯.৩৯টন প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ হয়।

Apply Now

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীতে দৈনিক সৰ্বাধিক আৱৰ্জনা সৃষ্টি হয়। গুৱাহাটীত  দৈনিক ৬০০ টন আৱৰ্জনা উৎপন্ন হয়। এনভাইৰন নামৰ এটা বেচৰকাৰী সংস্থাই চলোৱা সমীক্ষা মতে, গুৱাহাটীৰ পৌৰ নিগম এলেকাত দৈনিক ৩৭০টন প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়। সংস্থাটোৰ সমীক্ষা মতে,  ৰাজ্য তথা গুৱাহাটীত যোৱা ১৪ বছৰত প্লাষ্টিকৰ আৱৰ্জনা ভয়াৱহ ৰূপত বাঢ়িছে।

সমীক্ষা মতে,  ২০০৪ চনত অসমত দৈনিক ৫০০ টন প্লাষ্টিক আৱৰ্জনা দৈনিক উৎপন্ন হোৱাৰ বিপৰীতে গুৱাহাটীত দৈনিক ৫০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হৈছিল। এতিয়া এই পৰিমাণ বৃদ্ধি হৈ অসমত দৈনিক ২৯৯০ টন আৱৰ্জনা আৰু গুৱাহাটীত দৈনিক ৩৭০ টন আৱৰ্জনা উৎপন্ন হয়।

গুৱাহাটীত দৈনিক উৎপন্ন হোৱা মুঠ প্লাষ্টিক আৱৰ্জনাৰ ৬০ শতাংশ পৰিশোধনযোগ্য আৰু ৪০ শতাংশ পৰিশোধন কৰিব নোৱাৰা প্লাষ্টিক। এই সন্দৰ্ভত এনভাইৰনৰ সভাপতি ড০ অমৰজ্যোতি কাশ্যপে কয় যে পৰিশোধন কৰিব নোৱৰা বৰ্জিত প্লাষ্টিক পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি অতি ভয়াৱহ! তেওঁ কয় যে বৰ্জিত পলিথিনৰ বেগ, পানীৰ বটল পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে অতি হানিকাৰক যদিও তাতকৈ অধিক হানিকাৰক বিস্কুট, চিপছ, তেল, নিমখ,  গুটখাৰ পেকেট আদি। এইবোৰ প্লাষ্টিক পৰিশোধন কৰিব নোৱাৰি। তেওঁ কয় যে চৰকাৰে আৰু ৰাইজে এই ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী হ্ৰাস কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন। বিস্কুট,  চকলেট, গুটখা, তেল আৰু নিমখৰ পেকেট প্ৰস্তুত কৰা প্লাষ্টিকবোৰ পৰিশোধন কৰিব পৰাকৈ নিৰ্মাণ কৰা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কোনো গুৰুত্ব নাই। অকল টাটা নিমখৰ পেকেটৰ প্লাষ্টিক পৰিশোধনযোগ্য। বাকী সকলো খাদ্য-সামগ্ৰীৰে পেকেজিঙৰ প্লাষ্টিক পৰিশোধন কৰিব নোৱৰা।

ইণ্ডিয়া ফাউণ্ডেইশ্যন নামৰ এটা সৰ্বভাৰতীয় অনুষ্ঠানে শেহতীয়াভাৱে চলোৱা তথ্য মতে,  দেশত ব্যৱহাৰ কৰা প্লাষ্টিকৰ ৪৩ শতাংশ প্লাষ্টিক পেকেজিঙৰ কামত ব্যৱহাৰ কৰা হয়। লগতে এবাৰ মাত্ৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ আৱৰ্জনাই সাম্প্ৰতিক সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বুলি ক’লে, পানীৰ বটল, কাপ, শীতল পানীয় খোৱা পাইপ (ষ্ট্ৰ),  বেগ আদিক বুজায়। এইধৰণৰ প্লাষ্টিকে বৰ্তমান সময়ত পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। কাৰণ জাবৰ সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰা লোকে এই ধৰণৰ বৰ্জিত প্লাষ্টিকৰ বজাৰ মূল্য কম হোৱাৰ বাবে সংগ্ৰহ নকৰে।

আকৌ এইবোৰ পৰিশোধন কৰাৰ পিছত বিশেষ লাভ নহয় বাবে বৰ্জিত প্লাষ্টিক পৰিশোধন কৰা কোম্পানীবোৰে এইবোৰ প্লাষ্টিক সংগ্ৰহ কৰাৰ পৰা বিৰত থাকে। তথ্য মতে, দেশত বৰ্তমান ৭,৫০০টা বৰ্জিত প্লাষ্টিক পৰিশোধন কৰা কোম্পানী আছে। ইয়াৰে অধিকাংশ কোম্পানীয়ে অসংগঠিত।

স্বচ্ছ ভাৰত অভিযান আৰু আৱৰ্জনা নিষ্কাশন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত গঢ়ি তোলাৰ বাবে ২০১৪ চনতে স্বচ্ছ ভাৰত অভিযান শীৰ্ষক এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিৰ ভিত্তিত জাবৰ ভাগ ভাগ কৰি সংগ্ৰহ কৰা বিষয়ক এখন আইন, ২০১৬ চনত গ্ৰহণ কৰিছিল। অৰ্থাৎ মূল উৎসৰ পৰা সংগ্ৰহ কৰা আৱৰ্জনাবোৰ আৰ্দ্ৰ আৰু শুকান দুটা ভাগত সংগ্ৰহ কৰিব লাগে। আৰ্দ্ৰ জাবৰ পৰিশোধন কৰি সাৰ উৎপাদন কৰাৰ লগতে শুকান জাবৰবোৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিব লাগে। এই প্লাষ্টিকৰ আৱৰ্জনা পৰিশোধনৰ ব্যৱস্থা কৰিব লাগে।

কিন্তু শেহতীয়া চৰকাৰী সমীক্ষা মতে, দেশৰ ৫০খন চহৰৰ ৯০ শতাংশ চহৰতে আৱৰ্জনা ভাগ ভাগ কৰি সংগ্ৰহ কৰা ব্যৱস্থা গঢ়ি উঠা নাই। লগতে জাবৰ পেলোৱা স্থানডোখৰ বিজ্ঞানসন্মত নহয়। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীও আছে। গুৱাহাটীত এতিয়াও জাবৰ সংগ্ৰহ কৰা আৰু পৰিশোধন কৰা ব্যৱস্থাটো শৃংখলিত হোৱা নাই। গুৱাহাটী পৌৰ নিগমে ব্যক্তিগত সংস্থাৰ জৰিয়তে মানুহৰ ঘৰে ঘৰে আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা জাবৰবোৰ ভাগ ভাগ কৰি সংগ্ৰহ কৰা নহয়। ফলত গুৱাহাটীত জাবৰ নিষ্কাশনৰ ব্যৱস্থাটো শৃংখলিত আৰু  বিজ্ঞানসন্মত হৈ উঠা নাই।

পৌৰ নিগমে গুৱাহাটীৰ বৰাগাঁৱৰ জাবৰ পেলোৱা স্থানত দৈনিক মাত্ৰ ৫০ টন জাবৰৰ পৰা সাৰ উৎপাদন কৰি আছে। য’ত গুৱাহাটীত দৈনিক ৬০০টন জাবৰ উৎপন্ন হয়। প্লাষ্টিকৰ বৰ্জিত আৱৰ্জনা পৰিশোধন কৰাৰ ব্যৱস্থা আজিও গুৱাহাটীত  গঢ়ি উঠা নাই। চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্জিত প্লাষ্টিকে গুৱাহাটীত পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি অদূৰ ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd