ঘৰ ক্ৰেতাসকলৰ স্বাৰ্থত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আদালতৰ স্পষ্ট নিৰ্দেশ অনুসৰি, যদি এজন বিল্ডাৰ বা ডেভেলপাৰে উপযুক্ত অকুপেন্সি চাৰ্টিফিকেট বা দখলৰ প্ৰমাণপত্ৰ দেখুৱাব নোৱাৰে, তেন্তে কোনো গ্ৰাহককে সেই ঘৰ বা ফ্লেটৰ দখল ল’বলৈ বাধ্য কৰিব পৰা নাযাব। ন্যায়াধীশ বি ভি নাগাৰথ্না আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে এই সন্দৰ্ভত কয় যে দখলৰ প্ৰমাণপত্ৰ অবিহনে ঘৰ হস্তান্তৰ কৰাটো একপ্ৰকাৰৰ সেৱাৰ বিসংগতি আৰু ইয়াৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। আদালতৰ মতে, এখন বৈধ প্ৰমাণপত্ৰ লাভ কৰাটোৱেই হৈছে ঘৰটো আইনগতভাৱে গ্ৰাহকক গতাই দিয়াৰ মূল চৰ্ত।
এই সমগ্ৰ বিতৰ্কৰ আৰম্ভণি হৈছিল গুৰগাঁৱৰ ৫৩ নং ছেক্টৰৰ পাৰ্বনাথ এক্স’টিকা নামৰ এটা হাউছিং প্ৰকল্পক কেন্দ্ৰ কৰি। য’ত ক্ৰেতাসকলে ২০০৭ চনৰ পৰা ২০১১ চনৰ ভিতৰত ফ্লেট বুকিং কৰি প্ৰায় সকলো ধন পৰিশোধ কৰিছিল। চুক্তি অনুসৰি কাম আৰম্ভ হোৱাৰ ৩৬ মাহৰ ভিতৰত তেওঁলোকক ঘৰ হস্তান্তৰ কৰিব লাগিছিল যদিও বিল্ডাৰে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইয়াৰ পাছতে গ্ৰাহকসকলে গ্ৰাহক আদালতৰ দ্বাৰস্থ হয় আৰু এনচিডিআৰচিয়ে বিল্ডাৰক দখলৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে পলম হোৱাৰ বাবে বছৰি ৮ শতাংশ হাৰত সুতসহ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।
ডেভেলপাৰে এই নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিছিল যদিও আদালতে তেওঁলোকৰ যুক্তি নাকচ কৰে। আদালতে কয় যে চুক্তিপত্ৰত যিয়েই নাথাকক কিয়, গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত কৰাটো আদালতৰ দায়িত্ব। নিৰ্ধাৰিত সময়ত ঘৰ গতাব নোৱাৰিলে বা প্ৰমাণপত্ৰ অবিহনে ঘৰ ল’বলৈ হেঁচা দিলে সেয়া আইনগতভাৱে অপৰাধ হিচাপে গণ্য হ’ব। যিহেতু গ্ৰাহকে তেওঁলোকৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰে, গতিকে তেওঁলোকে মানসিক যন্ত্ৰণা আৰু আৰ্থিক লোকচানৰ বাবে ক্ষতিপূৰণ পোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া।
উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বৰ কেইবাটাও ৰায়দানৰ উদাহৰণ দি কয় যে ক্ষতিপূৰণৰ পৰিমাণ সদায় যুক্তিপূৰ্ণ আৰু গ্ৰাহকৰ দুৰ্ভোগৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগে। যদি গ্ৰাহকে শেষত ঘৰটো লাভ কৰে তেন্তে ক্ষতিপূৰণ কিছু কম হ’ব পাৰে, কিন্তু যদি কোনোবাই কেৱল ধন ঘূৰাই পায় তেন্তে তেওঁ অধিক ক্ষতিপূৰণ পাব লাগে কাৰণ তেওঁ সম্পত্তিৰ মূল্য বৃদ্ধিৰ লাভৰ পৰা বঞ্চিত হয়। এই ৰায়ৰ জৰিয়তে আদালতে পুনৰবাৰ প্ৰমাণ কৰিলে যে ৰিয়েল এষ্টেট ক্ষেত্ৰত গ্ৰাহকৰ সুৰক্ষাই সৰ্বোপৰি। আদালতে বিল্ডাৰক আগন্তুক ছমাহৰ ভিতৰত যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰি গ্ৰাহকক ক্ষতিপূৰণসহ ঘৰ হস্তান্তৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।





