বৰ্তমান সময়ত ওজন কমোৱাৰ বাবে পুৱাৰ আহাৰত প্ৰটিনযুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে। মেদবহুলতা দূৰ কৰিবলৈ একাংশই বিদেশী আৰু দামী ফল, যেনে- কিৱি, ষ্ট্ৰবেৰী বা এভোকাডো আদিৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়। কিন্তু এই বিদেশী ফলৰ ভিৰত প্ৰায়ে অৱহেলিত হৈ ৰয় আমাৰ থলুৱা আৰু সহজলভ্য ফল মধুৰীআম। অতি কম কেলৰি আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা ফাইবাৰযুক্ত এই ফলবিধে ওজন কমোৱাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মধুৰীআম খালে বহু সময়লৈকে পেট ভৰি থাকে, যাৰ ফলত সঘনাই ভোক লগা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ই শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে ৰক্তত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে। সেয়েহে ডায়েবেটিছ ৰোগীসকলেও নিৰ্ভয়ে এই ফল গ্ৰহণ কৰিব পাৰে। পুৱাৰ জলপান হিচাপে মধুৰীআমক বিভিন্ন স্বাস্থ্যসন্মত উপায়েৰে নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি।
পুৱাৰ আহাৰৰ বাবে মধুৰীআম আৰু অটছৰ স্মুদি এক উৎকৃষ্ট বিকল্প হ‘ব পাৰে। ইয়াৰ বাবে এটা পকা মধুৰীআমৰ গুটিবোৰ আঁতৰাই পেষ্ট বনাই ল’ব লাগে। তাৰ পিছত শুকান কেৰাহীত ভজা অটছৰ গুড়ি আৰু একাপ দৈৰ সৈতে এই পেষ্টখিনি মিক্সাৰত ভালদৰে মিহলাই লৈ তাৰ ওপৰত সামান্য দালচেনিৰ গুড়ি ছটিয়াই দিলেই এই স্বাস্থ্যকৰ স্মুদি প্ৰস্তুত হৈ উঠিব। আনহাতে, ব্ৰাউন ব্ৰেড আৰু পনীৰৰ সৈতে মধুৰীআমৰ চেণ্ডউইচো পুৱাৰ জলপান হিচাপে খাব পাৰি। দুখন ব্ৰাউন ব্ৰেডত পিনাট বাটাৰ সানি তাৰ মাজত পাতলকৈ কটা মধুৰীআম আৰু পনীৰৰ টুকুৰা দি সোৱাদ অনুসৰি নিমখ আৰু জালুকৰ গুড়ি ছটিয়াই ল’ব লাগে। তাৰ পিছত ব্ৰেডকেইখন পাতলকৈ সেকি ল’লেই পুষ্টিগুণেৰে ভৰপূৰ এই চেণ্ডউইচ খাবলৈ সাজু হৈ পৰে।
ইয়াৰ উপৰি, যিসকলে পুৱা সালাদ খাবলৈ ভাল পায়, তেওঁলোকে মধুৰীআমেৰে অতি সহজে সুস্বাদু সালাদ প্ৰস্তুত কৰিব পাৰে। এটা পকা মধুৰীআম সৰু সৰুকৈ কাটি তাৰ সৈতে তিয়ঁহ আৰু কেপচিকাম মিহলাই ল’ব লাগে। শেষত সামান্য নিমখ আৰু আধাটুকুৰা নেমুৰ ৰস মিহলাই দিলেই এই সালাদ প্ৰস্তুত হৈ উঠিব। ওজন কমাবলৈ আৰু স্বাস্থ্য সুস্থিৰ কৰি ৰাখিবলৈ ডায়েবেটিছ ৰোগীৰ পৰা আৰম্ভ কৰি স্বাস্থ্য সচেতন সকলো ব্যক্তিয়ে নিজৰ পুৱাৰ জলপানত এইদৰে থলুৱা ফল মধুৰীআমক স্থান দিব পাৰে।





