আজি পবিত্ৰ ফাকুৱা উপলক্ষে বৰপেটা সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘোষণা কৰে। বৰপেটা সত্ৰত আশীৰ্বাদ ল’বলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে কাইলৈ অৰ্থাৎ ৫ মাৰ্চ বৃহস্পতিবাৰে ৩ গৰাকী কংগ্ৰেছ বিধায়কে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে ৰহাৰ বিধায়ক শশীকান্ত দাস, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে কাইলৈ গেৰুৱা বসন পিন্ধিব। এই ঘোষণাই এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে।
ৰাজ্যত নিৰ্বাচনী গৰম বৃদ্ধি পোৱাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ মিত্ৰতাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে বিপিএফৰ সৈতে মিত্ৰতাৰ চৰ্তসমূহ আজি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে আৰু আগন্তুক এদিন বা দুদিনৰ ভিতৰত অগপৰ সৈতে আসন বুজাবুজিৰ বিষয়েও চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। বড়ো ৰাজনীতিৰ প্ৰসংগত তেওঁ কয় যে বিপিএফ আৰু ইউপিপিএল দুয়োটা দল এনডিএৰ মিত্ৰ শক্তি, গতিকে তেওঁলোকে আসন বুজাবুজিৰ ক্ষেত্ৰত এক সহমতত উপনীত হোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে কাইলৈৰ পৰা পুনৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ’ব।
উন্নয়নমূলক কাম-কাজৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি গুৱাহাটীৰ ভৰলুমুখ-শান্তিপুৰ উৰণীয়া সেতুখন উদ্বোধন কৰা হ’ব। এই পবিত্ৰ দৌল উৎসৱৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও বৰপেটা সত্ৰত উপস্থিত থাকে। ৰাইজৰ সৈতে ফাকু খেলি আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ছচিয়েল মিডিয়াতো তেওঁৰ অনুভৱ শ্বেয়াৰ কৰে। তেওঁ সত্ৰত প্ৰাৰ্থনা জনোৱাৰ লগতে সকলোৰে মংগল কামনা কৰে আৰু ৰাইজৰ মৰম আৰু আন্তৰিকতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।





