• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ হ’ল পবিত্ৰ চাৰধাম যাত্ৰাৰ অনলাইন পঞ্জীয়ন : জানক কেনেকৈ কৰিব আবেদন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 8:58 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু ধৰ্মাৱলম্বীসকলৰ অতি পবিত্ৰ তীৰ্থস্থান হিচাপে পৰিচিত চাৰধাম যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। চৰকাৰী তথ্য অনুসৰি শুকুৰবাৰে পুৱা ৭ বজাৰ পৰাই এই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

এইবাৰ ১৯ এপ্ৰিলত অক্ষয় তৃতীয়াৰ পবিত্ৰ দিনটোৰ পৰাই চাৰধাম যাত্ৰা আৰম্ভ হ’ব। সেইদিনাই ভক্তসকলৰ বাবে গঙ্গোত্ৰী আৰু যমুনোত্ৰী ধামৰ দুৱাৰ মুকলি কৰা হ’ব। ইয়াৰ পিছতে ২২ এপ্ৰিলত কেদাৰনাথ আৰু ২৩ এপ্ৰিলত বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব।

Apply Now

তীৰ্থযাত্ৰীসকলে এতিয়াৰে পৰা নিজৰ মোবাইলৰ জৰিয়তে অনলাইন পদ্ধতিৰে এই পঞ্জীয়ন সম্পন্ন কৰিব পাৰিব। ইয়াৰ বাবে চৰকাৰী চাৰধাম যাত্ৰা প’ৰ্টেললৈ গৈ অথবা নিৰ্দিষ্ট মোবাইল এপ ডাউনলোড কৰি আবেদন জনাব লাগিব।

পঞ্জীয়নৰ বাবে প্ৰথমে নিজৰ মোবাইল নম্বৰ দি এটা একাউণ্ট খুলিব লাগিব আৰু তাৰ পিছত নাম, পৰিচয় পত্ৰৰ তথ্য, যাত্ৰাৰ দিন আৰু ক’ৰ পৰা যাত্ৰা আৰম্ভ কৰিব সেই সকলো বিৱৰণ দি ফৰ্মখন জমা দিব লাগিব। এই সকলো তথ্য সঠিকভাৱে দি ফৰ্মখন চাবমিট কৰিলেই পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

অনলাইনৰ উপৰি অফলাইন যোগেও পঞ্জীয়ন কৰাৰ সুবিধা উপলব্ধ থাকিব। যাত্ৰা আৰম্ভ হোৱাৰ দুদিন আগত অৰ্থাৎ ১৭ এপ্ৰিলৰ পৰা হৃষীকেশ, হৰিদ্বাৰ আৰু ডেৰাডুনত থকা চৰকাৰী কাউণ্টাৰসমূহৰ পৰা পঞ্জীয়ন কৰিব পৰা যাব। উত্তৰাখণ্ড চৰকাৰে আশা কৰিছে যে যোৱা বছৰৰ দৰে এইবাৰো চাৰধাম যাত্ৰাত দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হ’ব। চৰকাৰীভাৱে পঞ্জীয়ন কৰিবলৈ কোনো ধৰণৰ টকাৰ প্ৰয়োজন নহয় যদিও পৰিবহণ, হেলিকপ্টাৰ সেৱা আৰু বিশেষ দৰ্শনৰ সুবিধা ল’বলৈ হ’লে ভক্তসকলে অতিৰিক্ত ধন খৰচ কৰিব লাগিব।

বিশেষকৈ বৃদ্ধ যাত্ৰীসকলৰ সুবিধাৰ বাবে চৰকাৰে হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছে। কেদাৰনাথলৈ হেলিকপ্টাৰেৰে যোৱাৰ বাবে প্ৰতিজন যাত্ৰীয়ে ৬০০০ টকাৰ পৰা ৯০০০ টকা পৰ্যন্ত খৰচ কৰিব লাগিব। এই খৰচ যাত্ৰীৰ চাহিদাৰ ওপৰত ভিত্তি কৰি কিছু সালসলনিও হ’ব পাৰে।

মন কৰিবলগীয়া যে বছৰটোৰ প্ৰায় ছয় মাহ ধৰি চাৰধামৰ এই মন্দিৰসমূহ বন্ধ হৈ থাকে। সাধাৰণতে গ্ৰীষ্মকালত মন্দিৰসমূহ খোলা হয় আৰু শীতকালত পুনৰ বন্ধ কৰি দিয়া হয়। এই যাত্ৰা পোনপ্ৰথমে যমুনোত্ৰীৰ পৰা আৰম্ভ কৰি ক্ৰমে গঙ্গোত্ৰী, কেদাৰনাথ আৰু শেষত বদ্ৰীনাথ দৰ্শনেৰে সমাপ্ত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd