• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূগোলবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতীৰ ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 10:06 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশনৰ উদ্যোগত শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বিশিষ্ট স্বনামধন্য ভূগোলবিদ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত গ্ৰন্থ ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই গ্ৰন্থখন উন্মোচন কৰি লেখক অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীদেৱক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে, “গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস, ঐতিহ্য, বৌদ্ধিক পৰিৱেশ আৰু স্মৃতিৰ সৈতে গভীৰভাৱে জড়িত বহু মূল্যবান অভিজ্ঞতা এই গ্ৰন্থখনত সুন্দৰভাৱে লিপিবদ্ধ হৈছে। ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ কেৱল এখন সাহিত্যিক সৃষ্টি নহয়, ই বিশ্ববিদ্যালয়ৰ বিকাশ, সাংস্কৃতিক পৰিসৰ আৰু শৈক্ষিক যাত্ৰাৰ এক মূল্যবান দলিল হিচাপে আগন্তুক প্ৰজন্মৰ বাবে পথপ্ৰদৰ্শক হ’ব।”

Apply Now

গ্ৰন্থখনৰ লেখক অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়েও এই উপলক্ষে নিজৰ অনুভৱ ব্যক্ত কৰি কয় , “গুৱাহাটী বিশ্ববিদ্যালয় মোৰ বাবে কেৱল কৰ্মক্ষেত্ৰ নহয়, ই মোৰ জীৱনৰ এক অমূল্য অধ্যায়। চাকৰিকালত বহু দশক ধৰি বিশ্ববিদ্যালয় চৌহদত দেখা-শুনা কৰা অভিজ্ঞতা, স্মৃতি, ব্যক্তি, পৰিৱেশ আৰু সময়ৰ বহু ঘটনাক এই গ্ৰন্থখনৰ মাজেৰে লিপিবদ্ধ কৰাৰ এক আন্তৰিক প্ৰয়াস কৰা হৈছে। আশা কৰিছোঁ, সমূহ পাঠকে উক্ত গ্ৰন্থখন আঁকোৱালি ল’ব।”

উল্লেখযোগ্য যে, ‘গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ডায়েৰী’ গ্ৰন্থখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক পটভূমি, বিশ্ববিদ্যালয় জীৱনৰ নানা স্মৃতি, শিক্ষাৰ্থী-শিক্ষক সমাজৰ আন্তৰিক সম্পৰ্ক, বিভিন্ন সময়ৰ উল্লেখযোগ্য ঘটনা আৰু বিশ্ববিদ্যালয়ৰ বৌদ্ধিক-সাংস্কৃতিক পৰিৱেশৰ এক জীৱন্ত চিত্ৰ অংকিত হৈছে। লেখকৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু গভীৰ অনুভৱৰ সমাহাৰে গ্ৰন্থখন বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু স্মৃতিচাৰণৰ এক গুৰুত্বপূর্ণ দলিল হিচাপে বিবেচিত হ’ব বুলি সকলোৱে আশা কৰিছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, কলাগুৰু অধ্যাপক এম. কামালুদ্দিন আহমেদৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত সকলে গ্ৰন্থখনক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস, পৰিসৰ আৰু স্মৃতিৰ এক মূল্যবান সংৰক্ষণ বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd