• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ পৰ্যটন খণ্ডত নতুন সংযোজন: ঐতিহ্যমণ্ডিত ‘বননি বঙলা’ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিল অত্যাধুনিক ‘কাজিৰঙা হেৰিটেজ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2026 9:18 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনেস্ক’ৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ৰাজ্যৰ পৰ্যটন খণ্ডক অধিক গতিশীল আৰু বহনক্ষম কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩ মাৰ্চ তাৰিখে ‘কাজিৰঙা হেৰিটেজ’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অসম পৰ্যটন উন্নয়ন নিগম আৰু চেন্টাৰ পইণ্ট হস্পিটেলিটী গ্ৰুপৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা এই প্ৰকল্পটো হৈছে ঐতিহ্যমণ্ডিত আতিথ্য (heritage hospitality) খণ্ডত ৰাজ্যৰ প্ৰথমটো বৃহৎ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বা পিপিপি (PPP) প্ৰকল্প।

ব্ৰহ্মপুত্ৰৰ বানপানী প্লাৱিত অঞ্চল আৰু কহঁৰা নদীৰ পাৰত অৱস্থিত এই ঐতিহ্যমণ্ডিত প্ৰকল্পটোত ঔপনিৱেশিক যুগৰ স্থাপত্য আৰু আধুনিক আৱাসিক সুবিধাৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটিছে। এই প্ৰকল্পৰ মূল কেন্দ্ৰবিন্দু হৈছে ১৯৩৮ চনত নিৰ্মিত ‘বননি বঙলা’, যাৰ অতিথিপঞ্জীয়ে কাজিৰঙা এক সাধাৰণ ঘাঁহনিৰ পৰা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰিত হোৱাৰ গৌৰৱোজ্জ্বল ইতিহাস বহন কৰে।

Apply Now

দেশ-বিদেশৰ পৰ্যটকৰ সুবিধাৰ বাবে এই প্ৰকল্পত মুঠ ২৮ টা সুসজ্জিত কোঠাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ১০ টা কোঠা ঐতিহ্যমণ্ডিত ‘বননি বঙলা’ত থকাৰ বিপৰীতে, ৮ টা কোঠা ‘বনশ্ৰী’ত ৰখা হৈছে। বনশ্ৰীত অসমৰ পৰিৱেশ আৰু বৈষ্ণৱ পৰম্পৰাৰ সৈতে জড়িত কলা-সাহিত্যৰ সুন্দৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰিও কহঁৰা নদীৰ পাৰত ৬ টা নৈপৰীয়া কুটীৰ আৰু অৰ্কিড পাৰ্কৰ মনোমহা দৃশ্য উপভোগ কৰিব পৰাকৈ আছুতীয়া পুখুৰীসহ (plunge pools) ৪ টা বিলাসী চুইট নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

প্ৰকল্পটোৰ চৌহদত থকা ৪৮ খন আসনযুক্ত ৰেষ্টুৰেণ্টখনত খৰিৰ চৌকা ব্যৱহাৰ কৰি পৰম্পৰাগত অসমীয়া ব্যঞ্জন প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হৈছে, য’ত স্থানীয় খাদ্যসামগ্ৰীৰ লগতে দক্ষিণ-পূব এছিয়াৰ খাদ্যশৈলীৰো সামান্য প্ৰভাৱ দেখিবলৈ পোৱা যায়। চিৰামিক শিল্পী জয়া বড়োৰ দ্বাৰা নিৰ্মিত আৰু তামৰ কলচীৰে সুশোভিত জাপিৰ আৰ্হিৰ চালখনে অতিথিসকললৈ অসমীয়া সমাজৰ উষ্ম আদৰণিৰ প্ৰতীক বহন কৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰকল্পটোৰ চৌহদত শিল্পী মৃদু মৌচম বৰাৰ তুলিকাত প্ৰাণ পাই উঠা বৈষ্ণৱ নৃত্য আৰু কাজিৰঙাৰ বন্যপ্ৰাণীৰ চিত্ৰকৰ্ম, লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সৃষ্টিৰাজিও সন্নিৱিষ্ট কৰা হৈছে সদৰী কৰে।

স্থানীয় স্থপতিবিদ, শিল্পী, ইতিহাসবিদ আৰু কাৰিকৰসকলৰ নিপুণ হাতৰ পৰশত গঢ় লৈ উঠা এই প্ৰকল্পটোৱে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক সজীৱ কৰি ৰাখিছে। চৰকাৰী বিষয়াসকলে এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিক বহনক্ষম পৰ্যটনৰ এক আদৰ্শ হিচাপে অভিহিত কৰিছে। প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট নকৰাকৈ কাজিৰঙাৰ এশ বছৰীয়া সংৰক্ষণৰ কাহিনী পৰ্যটকসকলৰ মাজত তুলি ধৰাৰ ক্ষেত্ৰত ‘কাজিৰঙা হেৰিটেজ’ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd