শুকুৰবাৰে টীয়কৰ বাদুলী পুখুৰীত সংঘটিত হয় এক অতি শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুগৰাকী মহিলাই।
এই দুৰ্ঘটনাত মৃত্যু হোৱা মহিলা দুগৰাকী উমাবাৰী অঞ্চলৰ কুসুম গোৱালা আৰু জোনমণি গোৱালা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি মহিলা দুগৰাকীয়ে এএছ ০৩ এএন ৪৬৮৯ নম্বৰৰ এখন স্কুটীৰে যোৰহাটৰ দিশে গৈ আছিল। সেই একে সময়তে একে দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে তেওঁলোকক পিছফালৰ পৰা খুন্দা মাৰে। ট্ৰাকখনৰ খুন্দা ইমানেই ভয়ংকৰ আছিল যে স্কুটীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে আৰু থিতাতে দুই মহিলাৰ মৃত্যু হয়।
ইফালে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতে ট্ৰাকখন লৈ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পলাতক ট্ৰাকখন আৰু চালকজনক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যাতে দোষীক উচিত শাস্তি প্ৰদান কৰিব পৰা যায়।





