নিৰ্বাচনৰ কেইমাহমান পূৰ্বে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্য চৰকাৰে নিজে ব্যৱহাৰ কৰিব নোৱাৰা কয়লা চালিত শক্তিৰ বাবে আদানী গ্ৰুপক ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি দ্য ৰিপ’ৰ্টাৰ্ছ কালেকটিভে লাভ কৰা আভ্যন্তৰীণ আৰু ৰাজহুৱাভাৱে উপলব্ধ চৰকাৰী নথি-পত্ৰত প্ৰকাশ পাইছে।
ৰাজ্য চৰকাৰে ২০২৫ চনৰ নৱেম্বৰ মাহত আদানী গ্ৰুপক কামৰ অনুমোদন পত্ৰ (লেটাৰ অফ ক্ৰেডিট) প্ৰদান কৰিছিল। হিচাপ অনুসৰি এই চুক্তিৰ অধীনত অতিৰিক্ত শক্তি ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে ৰাজ্য চৰকাৰে পাঁচ বছৰৰ ভিতৰত ১২,৫০০ কোটিতকৈ অধিক টকা দিব লাগিব।
এই হিচাপসমূহ অসম চৰকাৰ আৰু কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ নথি-পত্ৰৰ ভিত্তিত কৰা হৈছে। এই অনুমান যথেষ্ট ৰক্ষণশীল; আগন্তুক দশকত ৰাজ্যখনে উচ্চ অৰ্থনৈতিক বিকাশৰ সাক্ষী হ’ব বুলি অসম চৰকাৰৰ দাবীৰ ওপৰত বহুলাংশে ভিত্তি কৰিয়েই এইটো কৰা হৈছে।
অসম চৰকাৰৰ অভিলাষী অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান যদিহে শেষত অবাস্তৱ বুলি প্ৰমাণিত হয়, তেন্তে অতিৰিক্ত শক্তি ক্ৰয় নকৰাৰ বিনিময়ত অসমে আদানী গ্ৰুপক দিবলগীয়া ধনৰাশি একেখিনি সময়ছোৱাত ১৯,০০০ কোটি টকালৈ বৃদ্ধি পাব পাৰে।
আদানী গ্ৰুপৰ সৈতে হোৱা ৩২০০ মেগাৱাটৰ কয়লা চালিত বিদ্যুৎ চুক্তিৰ বিশেষ দফা স্বীকাৰ কৰি অসম শক্তি বিভাগৰ এগৰাকী সচিবৰ পত্ৰ ৰিপ’ৰ্টাৰ্ছ কালেকটিভে লাভ কৰিছে, য’ত অসমে প্ৰকৃততে ব্যৱহাৰ নকৰা বিদ্যুতৰ বাবে ধন দিব লাগিব।
ৰিপ’ৰ্টাৰ্ছ কালেকটিভে পৰ্যালোচনা কৰা সম্পদ পৰ্যাপ্ততা পৰিকল্পনাত (Resource Adequacy Plans) উল্লেখ কৰা হৈছে যে—ৰাজ্যৰ অর্থনৈতিক বিকাশৰ উত্থান হ’লেও—অসমৰ সমগ্র শক্তি প্রয়োজন পূৰণৰ বাবে ২০৩৫-৩৬ চনৰ ভিতৰত অতিৰিক্ত কয়লা চালিত শক্তিৰ প্রয়োজন হ’ব মাত্ৰ ২,৮২৯ মেগাৱাট৷ ইয়াৰ বিপৰীতে অসমে এতিয়া আদানী গ্ৰুপৰ পৰা ৩২০০ মেগাৱাট শক্তি ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে, যিটো ২০২০ চনৰ পৰা পৰ্যায়ক্ৰমে কাৰ্যকৰী হ’ব।
‘সম্পদ পৰ্যাপ্ততা পৰিকল্পনা’ হৈছে এটা বাধ্যতামূলক আৰু অতি বিশদ প্ৰতিবেদন যিয়ে এখন ৰাজ্যৰ ভৱিষ্যতৰ শক্তিৰ চাহিদাৰ পূৰ্বাভাস দিয়ে। কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষই ৰাজ্যসমূহৰ লগত আলোচনা কৰি এই পৰিকল্পনাসমূহ প্ৰস্তুত কৰে আৰু বিদ্যুৎ ক্ৰয় চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত ৰাজ্যসমূহে পৰিকল্পনাৰ নিৰ্দেশনাসমূহ মানি চলিব লাগে।
নথি-পত্ৰসমূহ পৰ্যালোচনা কৰিলে দেখা যায় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ বা আলোচনাৰ সময়ত ৰাজ্য চৰকাৰে বিদ্যুতৰ চাহিদাক ব্যাপকভাৱে অতিৰঞ্জিত কৰি দেখুৱাইছিল। অসম বিদ্যুৎ যোগান কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰক জনাইছিল যে ৰাজ্যখনত কয়লা চালিত বিদ্যুৎ উৎপাদন ক্ষমতাৰ অতিৰিক্ত ৬,০০০ মেগাৱাটৰ প্ৰয়োজন। অসমৰ বাবে যি ক্ষমতাৰ প্ৰয়োজন হ’ব বুলি কেন্দ্ৰীয় বিদ্যুত কৰ্তৃপক্ষই (চি ই এ) অনুমান কৰিছিল তাৰ দুগুণতকৈও অধিক।
এই নিবিদাত কেইবাটাও অসাধাৰণ ৰেহাইৰো ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত বিজয়ী নিবিদাকাৰীক ভূমি অধিগ্ৰহণ আৰু বনাঞ্চল নিষ্কাশনৰ সাধাৰণ চৰ্তৰ পৰা ৰেহাই দিয়া হয়। অসম চৰকাৰে আদানী গ্ৰুপৰ হৈ এই কাম হাতত লোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত আদানী গ্ৰুপৰ নিৰ্মাণ ব্যয় আৰু অধিক হ্ৰাস পাব।
আনহাতে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেও এই চুক্তিক অধিক সুবিধাজনক কৰি তুলিছে। প্ৰস্তাৱিত নতুন বিদ্যুৎ কেন্দ্ৰটো কয়লা খনিৰ পৰা যথেষ্ট দূৰত অৱস্থিত হোৱাৰ পিছতো (যিটোৱে সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ নীতি অনুসৰি প্ৰকল্প এটাক কয়লা যোগানৰ বাবে অযোগ্য কৰি তোলে) কেন্দ্ৰীয় কয়লা আৰু শক্তি সচিব আৰু চিইএৰ মুৰব্বীৰে গঠিত এখন ক্ষমতাপ্ৰাপ্ত সমিতিয়ে প্ৰকল্পটোক বিশেষ ৰেহাই প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই বিশেষ ৰেহাইৰ আঁৰৰ যুক্তি ৰাজহুৱা কৰা নাই।
আমোদজনক কথাটো হ’ল অসমৰ শীৰ্ষ আমোলা বা মুখ্য সচিব ৰবি কোটাই এনে দীৰ্ঘম্যাদী আৰু বাধ্যতামূলক কয়লা ভিত্তিক শক্তি ক্ৰয় চুক্তিক ৰাজহুৱাভাৱে সমালোচনা কৰিছে। যোৱা ১৩ ফেব্ৰুৱাৰীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰবন্ধত তেওঁ উল্লেখ কৰে যে এই চুক্তিসমূহে চৰকাৰী শক্তি বিতৰণ কোম্পানীসমূহৰ ওপৰত “বিত্তীয় চাপ” আৰু “চুক্তিগত জটিলতা” জাপি দিয়ে, যাৰ ফলত তেওঁলোকৰ নবীকৰণযোগ্য শক্তি ক্ৰয় কৰাৰ ক্ষমতাত বাধাৰ সৃষ্টি হয়। প্ৰবন্ধটোত কোৱা হৈছে যে, “আচল প্ৰত্যাহ্বানটো হ’ল আমাৰ উদ্বৃত্ত শক্তিক দক্ষতাৰে ব্যৱহাৰ কৰা। তেওঁ লগতে আলোকপাত কৰে যে নতুন প্ৰত্যাহ্বান হৈছে বিদ্যুতৰ নাটনি নহয় বৰঞ্চ উদ্বৃত্ত শক্তি পৰিচালনা কৰাটোহে।
কোটাই কয়লা ভিত্তিক বিদ্যুৎ ক্ৰয় চুক্তি স্বাক্ষৰ কৰা ৰাজ্যসমূহৰ ভিতৰত এখন ৰাজ্য হিচাপে অসমক বিশেষভাৱে উল্লেখ কৰা নাই যদিও তেওঁৰ বৰ্ণনা তেওঁৰ নিজৰ ৰাজ্য চৰকাৰে স্বাক্ষৰিত চুক্তিৰ সৈতে বহুত মিল আছে। আন এক কাকতলীয়া ঘটনা হ’ল আদানী গ্ৰুপৰ সৈতে হোৱা চুক্তিয়ে চৰকাৰৰ ভিতৰত উদ্বৃত্ত শক্তিৰ ফলত হোৱা আৰ্থিক লোকচানৰ বিষয়েও আলোচনাৰ সূচনা কৰিছে।
বিদ্যুৎ খণ্ডৰ পৰ্যবেক্ষকসকলে বছৰ বছৰ ধৰি এনে দশকজোৰা বিদ্যুৎ ক্ৰয় চুক্তি, বিশেষকৈ কয়লা ভিত্তিক বিদ্যুৎ ক্ৰয় চুক্তিৰ তীব্ৰ সমালোচনা কৰি আহিছে। তেওঁলোকৰ মতে ইয়াৰ ফলত বিদ্যুতৰ উৎপাদন ব্যয় বৃদ্ধি পায় আৰু এনে সময়ত ৰাজ্যসমূহ “প্ৰদূষণকাৰী কয়লা ভিত্তিক বিদ্যুত”ৰ ফান্দত পৰে যেতিয়া নেকি ভাৰতে আন্তৰ্জাতিক আৰু আভ্যন্তৰীণ উভয়ক্ষেত্ৰতে নবীকৰণযোগ্য শক্তি ব্যৱহাৰ বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
তথাপি অৱশেষত এই চুক্তিত এতিয়া ৰাজ্যৰ বিদ্যুৎ নিয়ন্ত্ৰকে কৰ্তৃপক্ষই অনুমোদন জনাইছে।
ৰিপ’ৰ্টাৰ্ছ কালেকটিভে অসম চৰকাৰ আৰু ইয়াৰ মুখ্য সচিব, আদানী গ্ৰুপ, ৰাজ্যৰ বিদ্যুৎ নিয়ন্ত্ৰক কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয় কয়লা আৰু শক্তি মন্ত্ৰালয়লৈ বিতং প্ৰশ্নসমূহ প্ৰেৰণ কৰিছিল। বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো মুখ্য সচিব ৰবি কোটাৰ বাহিৰে কোনোৱেই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ নিদিলে। আদানী শক্তি প্ৰকল্পৰ বাবে উদ্বৃত্ত বিদ্যুৎ সৃষ্টিৰ ওপৰত নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘এই (৩,২০০ মেগাৱাট) ক্ষমতাই দীৰ্ঘম্যাদী বিদ্যুতৰ উদ্বৃত্ত সৃষ্টি কৰিব বুলি লোৱা সিদ্ধান্ত ৰাজ্যখনৰ শক্তি নিয়ন্ত্ৰক কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰৰ বাবে উপলব্ধ শক্তিৰ চাহিদাৰ হিচাপৰ সৈতে সামঞ্জস্যপূৰ্ণ যেন নালাগে।
কোটাই লগতে তেওঁৰ মূল মতামতধৰ্মী নিবন্ধটোত অসম-আদানী বিদ্যুৎ চুক্তিৰ কথা উল্লেখ কৰি আৰু কয়, “সেই প্ৰবন্ধটোৱে এটা বৃহত্তৰ ৰাষ্ট্ৰীয় বিষয়ক তুলি ধৰিছে- ভাৰতে নবীকৰণযোগ্য শক্তিৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে সমগ্ৰ দেশৰ শক্তি বিতৰণ কোম্পানীসমূহে তীব্ৰ বিদ্যুৎ নাটনিৰ সময়ছোৱাত স্বাক্ষৰিত দীৰ্ঘম্যাদী, পুৰণি চুক্তিৰ পৰা উদ্ভৱ হোৱা গাঁথনিগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।”




