• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2026 7:53 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰযোগে দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

কংগ্ৰেছ সভাপতিগৰাকীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত সাংসদ বৰদলৈয়ে গভীৰ দুখ আৰু আক্ষেপেৰে দল ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ‘ৰাত চলি থকা আভ্যন্তৰীণ কন্দল আৰু অসন্তুষ্টিৰ মাজতেই এই পদত্যাগৰ ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে অসমৰ এআইচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ লিখা এখন পত্ৰত তেওঁ দলীয় নেতৃত্বৰ পৰা সন্মুখীন হোৱা অৱহেলা আৰু অপমানৰ কথা প্ৰকাশ কৰিছিল। ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে জড়িত ব্যক্তিক লাহৰীঘাটৰ বিধায়ক আচিফ নাজাৰে সমৰ্থন কৰা বুলি বৰদলৈয়ে অভিযোগ উত্থাপন কৰিছিল। সাংসদগৰাকীৰ মতে, তেওঁৰ এই অভিযোগ উত্তৰ প্ৰদেশৰ সাংসদ ইমৰান মাছুদে অগ্ৰাহ্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও সমগ্ৰ বিষয়টোক লৈ মৌনতা অৱলম্বন কৰিছিল।

Apply Now

সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰদলৈয়ে কয় যে এই সমগ্ৰ ঘটনাই তেওঁৰ আত্মসন্মানত গভীৰ আঘাত হানিছে। বিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা কংগ্ৰেছৰ সৈতে জড়িত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ দেহত কংগ্ৰেছৰ ডিএনএ আছে যদিও সাম্প্ৰতিক পৰিস্থিতিয়ে তেওঁক মৰ্মাহত কৰিছে। পদত্যাগৰ ঠিক পূৰ্বে দিয়া এক সাক্ষাৎকাৰত জ্যেষ্ঠ নেতাগৰাকীয়ে দলৰ ভিতৰত কৰ্ম পৰিৱেশ সংকুচিত হোৱা বুলি মন্তব্য কৰি এখন মুক্ত কৰ্ম পৰিৱেশৰ সন্ধান কৰাৰ কথা ব্যক্ত কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে অসমৰ স্বাৰ্থ তেওঁৰ বাবে সদায় সৰ্বোপৰি আৰু যদিহে কোনো স্থানত তেওঁক বাধা প্ৰদান কৰা হয়, তেন্তে তেওঁ ৰাজ্যখনৰ হকে অৱদান আগবঢ়াব পৰা এক নতুন স্থান বিচাৰি ল‘ব।

প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পিছতেই তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত বৰদলৈক বিজেপিত স্থান দিয়াৰ সংকেত দি তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিশ্চিতভাৱে আসন এৰি দিয়া হ’ব বুলি মন্তব্য কৰিছিল। বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ বৈঠকৰ ঠিক পূৰ্বেই এই ৰাজনৈতিক পট পৰিৱৰ্তন সংঘটিত হৈছে, য’ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ কথা আছে।

বিধানসভা নিৰ্বাচন সমাগত হোৱাৰ সময়তে বৰদলৈৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাৰ প্ৰস্থানে অসম কংগ্ৰেছৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা দলৰ আভ্যন্তৰীণ বিসম্বাদৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। ইফালে, প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিলেও তেওঁৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd