পশ্চিম এছিয়া সংঘাতৰ প্ৰভাৱ এতিয়া শক্তি বা বাণিজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, ইয়াৰ প্ৰভাৱ ক্ৰমান্বয়ে ভাৰতৰ স্বাস্থ্য সেৱাৰ ওপৰত পৰিছে। এই পৰ্যন্ত চিকিৎসালয়সমূহত দৈনিক চিকিৎসা সেৱাত ব্যাঘাত জন্মাব পৰা নাই যদিও এই সংঘাত দীৰ্ঘদিন ধৰি থাকিলে সাধাৰণ ৰোগীয়ে অসুবিধাৰ সন্মুখীন হ’ব বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে। কাৰণ গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ বিশেষকৈ হৰমুজ প্ৰণালী বন্ধ হৈ গ’লে ঔষধ প্ৰস্তুতৰ বাবে চিকিৎসা সঁজুলি আৰু কেঁচামালৰ আমদানিৰ ক্ষেত্ৰত বাধা আহিব, যাৰ ফলত খৰচ বৃদ্ধি পাব।
ভাৰতৰ চিকিৎসা সঁজুলি আৰু ঔষধ উদ্যোগ বহুলাংশে আমদানিৰ ওপৰত নিৰ্ভৰশীল। চিৰিঞ্জ, গ্লভছ, কেথেটাৰৰ পৰা আৰম্ভ কৰি উচ্চমানৰ উপাদানলৈকে – সকলো ক্ষেত্ৰতে কেঁচামালৰ এটা বৃহৎ অংশ বিদেশৰ পৰা আহে। যুদ্ধৰ বাবে জাহাজ চলোৱাত বিলম্ব, ভাড়া বৃদ্ধি, আৰু ইন্ধনৰ দামৰ উঠা-নমা – এই সকলোবোৰেই নিৰ্মাতাসকলৰ বাবে ব্যয় বৃদ্ধি কৰে। ফলত বহু কোম্পানীয়ে সঁজুলি লাভ কৰিবলৈ আগতকৈ বেছি সময় লৈছে আৰু খৰচো বৃদ্ধি পাইছে যদিও এতিয়াও ডাঙৰ নাটনি হোৱা নাই।
ব্লুম আইভিএফৰ শীৰ্ষ কাৰ্যবাহীগৰাকীয়ে কয় যে চিকিৎসাৰ খৰচ বৰ্তমান বৃদ্ধি হোৱা নাই, কাৰণ কোম্পানীসমূহৰ পূৰ্বৰ ষ্টক আছে। কিন্তু যদি সংকট চলি থাকে তেন্তে আমদানি নিৰ্ভৰশীল সঁজুলিৰ খৰচ বৃদ্ধি পাব আৰু সেই চাপ শেষত ৰোগীৰ ওপৰত পৰিব।
ষ্টেৰিছ হেল্থকেয়াৰৰ অধ্যক্ষগৰাকীয়ে কয় যে ভাৰতীয় ফাৰ্মা উদ্যোগটো বহু পৰিমাণে এপিআই, মধ্যৱৰ্তী ৰাসায়নিক পদাৰ্থ আৰু পেট্ৰ’কেমিকেল ভিত্তিক পেকেজিং সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। যদিহে যুদ্ধ দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে ঔষধ নিৰ্মাণৰ খৰচো বৃদ্ধি পাব, যাৰ ফলত মূল্যবৃদ্ধিৰ প্ৰবল আশংকা আছে।
যুদ্ধৰ উত্তেজনাৰ বাবে চিকিৎসা সঁজুলি, চিকিৎসা মানৰ প্লাষ্টিক, আৰু বিভিন্ন কেঁচামালৰ পেকেজিঙৰ খৰচ ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। কোম্পানীসমূহে এতিয়াও ৰোগীৰ খৰচ বৃদ্ধিৰ পৰা বিৰত আছে যদিও দাম বৃদ্ধিৰ প্ৰয়োজন হ’লে তেওঁলোকৰো সহযোগিতা কৰিব লাগিব বুলি একাংশ বিশেষজ্ঞৰ মত।
স্বাস্থ্য পৰ্যটন খণ্ডতো প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে৷ জিয়ন লাইফছায়েন্সেছৰ সুৰেশ গাৰ্গে কয় যে ভিটামিন আৰু চাপ্লিমেণ্টৰ কেঁচামাল আকাশলংঘী মূল্যত উপনীত হৈছে, কিছুমান ক্ষেত্ৰত ২৫০ শতাংশ পৰ্যন্ত। পেকেজিঙৰ খৰচো বৃদ্ধি পাইছে, যাৰ ফলত কোম্পানীসমূহৰ উৎপাদন আৰু যোগানৰ ওপৰত হেঁচা পৰিছে। ফলত ভৱিষ্যতে বজাৰত কিছুমান সামগ্ৰীৰ নাটনি হোৱাৰ আশংকা দেখা যায়।
চিকিৎসা পৰ্যটনতো ক্ষতিগ্ৰস্ত হৈছে। গ্ল’বেলকেয়াৰ হেল্থৰ ৰাজীৱ তানেজাই কয় যে বহু বিদেশী ৰোগীয়ে এতিয়া চিকিৎসা স্থগিত ৰাখিছে। বৰ্তমান তেওঁলোকে অনলাইন কনচালটেচন লৈ পৰিস্থিতি সুস্থিৰ হোৱালৈ অপেক্ষা কৰি আছে। অৱশ্যে ভাৰতৰ দক্ষ চিকিৎসক আৰু উন্নত চিকিৎসালয়ৰ প্ৰতি তেওঁলোকৰ বিশ্বাস অদম্য।
যুদ্ধ চলি থাকিলে ৰোগীৰ ওপৰত যুদ্ধৰ কি প্ৰভাৱ পৰিব পাৰে?
• চিকিৎসা সঁজুলি আৰু কিছুমান ঔষধৰ দাম ক্ৰমান্বয়ে বৃদ্ধি পাব পাৰে
• বিদেশী উপাদানৰ যোগানত বিলম্ব, যাৰ ফলত চিকিৎসালয়ৰ সেৱাত পলম হ’ব পাৰে
• চিকিৎসা পৰ্যটনত ভ্ৰমণৰ পৰিৱৰ্তন বা পলম
• যদি যোগানৰ ব্যাঘাত দীৰ্ঘদিন ধৰি থাকে, তেন্তে উৎপাদনৰ খৰচ বৃদ্ধি পাব আৰু সেই চাপে ৰোগীৰ খৰচত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব।
বিশেষজ্ঞসকলৰ মতে যুদ্ধ যিমানেই দীঘলীয়া হ’ব সিমানেই স্বাস্থ্যসেৱাৰ ওপৰত হেঁচা অব্যাহত থাকিব। এতিয়া কোম্পানীসমূহে খৰচ নিয়ন্ত্ৰণ কৰি আছে, কিন্তু দীৰ্ঘম্যাদীভাৱে ইয়াক বজাই ৰখাটো কঠিন – ফলত সাধাৰণ ৰোগীয়ে শেষত অধিক খৰচৰ বোজা বহন কৰিবলগীয়া হ’ব পাৰে।





