দীৰ্ঘ সময়ৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত শ্বিলং ভাৰতৰ ১০০খন স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত হোৱাৰ বাট মুকলি হৈছে। মেঘালয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এটা প্ৰস্তাৱক এপেক্স কমিটি ফ’ৰ স্মাৰ্ট চিটিজৰ এখন আলোচনাচক্ৰত শ্বিলঙক স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্ভুক্ত কৰা হৈছে।
আজি নতুন দিল্লীত অনুষ্ঠিত এখন সভাত মেঘালয়ৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৰাজ্যখনৰ নগৰ পৰিক্ৰমা সচিব ই খাৰমালকিয়ে।
উল্লেখ্য যে স্মাৰ্ট চিটিৰ অন্তৰ্গত শ্বিলং শেহতীয়া নগৰেই নহয়, শ্বিলং হৈছে স্মাৰ্ট চিটিৰ অন্তৰ্গত ১০০ সংখ্যক নগৰ।
পূৰ্বে স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্গত ৯৯খন নগৰক ৪ ৰাউণ্ড প্ৰতিযোগিতাৰ পৰা বাচনি কৰা হৈছিল। ২০খন নগৰক ২০১৬ৰ জানুৱাৰিত বাচনি কৰা হৈছিল আৰু ১৩খন নগৰক একেই বছৰৰ মে’ মাহত বৈআচনি কৰা হৈছিল।
আন ২৭খন নগৰ ছেপ্টেম্বৰত আৰু ৩০খনক ২০১৭ৰ জুনত আৰু ৯খনক ২০১৬ৰ জানুৱাৰিত বাচনি কৰা হৈছিল। শ্বিলঙৰ সৈতে স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্গত ১০০খন নগৰৰ তালিকাখন সম্পূৰ্ণ হৈছে।
বৰ্তমান ১০০খন স্মাৰ্ট চিটিৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ২,০৫,০১৮ কোটি টকা।
শ্বিলঙক স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্যখনৰ নগৰ পৰিক্ৰমা মন্ত্ৰী হেমলেটছন ডহলিঙে কেন্দ্ৰ চৰকাৰক ধন্যবাদ জনায়।
স্মাৰ্ট চিটিৰ অন্তৰ্গত কেইটামান প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত ডহলিঙে কয় যে সৌৰ লাইট, অত্যন্ত প্ৰদূষিত হৈ পৰা উমখ্ৰা নদীৰ পুনঃঅভিযান্ত্ৰিকীকৰণ, পাৰ্কিং স্থান স্কাই-ৱাক নিৰ্মাণ, লাইটুমখ্ৰাত বজাৰ নিৰ্মাণ, সমগ্ৰ শ্বিলঙতে বিনামূলীয়া ৱাইফাইৰ ব্যৱস্থা কৰা ইত্যাদি।
স্মাৰ্ট চিটি প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে কেনেদৰে সমলসমূহৰ উপযোগ কৰা হ’ব তাৰ উত্তৰত ডহলিঙে কয় যে এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় পুঁজিৰ সম্পৰ্কে পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব। কিন্তু বিকাশৰ সৈতে জড়িত স্মাৰ্ট চিটিৰ ধাৰণাটো বাস্তৱায়িত কৰা হ’বই।