কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই আজি নতুন দিল্লীস্থিত এআইচিচিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
খেৰাই দাবী কৰে যে ৰিনিকি ভূঞা শৰ্মাৰ হাতত ইজিপ্ত, ইউ এ ই, আৰু এন্টিগুয়া এণ্ড বাৰ্বুডা- তিনিখন দেশৰ সক্ৰিয় পাছপ’ৰ্ট আছে। ইয়াৰ ফলত ভাৰতীয় আইন অনুসৰি নিষিদ্ধ দ্বৈত বা বহু নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। খেৰাই কয়, ‘ভাৰতৰ নাগৰিকে তিনিখন ভিন্ন দেশৰ পাছপ’ৰ্ট কেনেকৈ ৰাখিব পাৰে, চৰকাৰে এই কথা তৎকালীনভাৱে স্পষ্ট কৰিব লাগিব।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে অভিযোগ কৰে যে ৰিনিকী ভূঞা শৰ্মাৰ ডুবাইত এনে সম্পত্তি আছে যিবোৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী শপতনামাত প্ৰকাশ কৰা হোৱা নাছিল। খেৰাৰ মতে, এটা সম্পত্তি এম গ্ৰুপৰ সৈতে জড়িত, আৰু আন এটা সম্পত্তি ৰিনিকি ভূঞা শৰ্মাৰ নামত পঞ্জীয়ন কৰা হৈছে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে মনোনয়ন প্ৰক্ৰিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় এই সম্পত্তিসমূহ প্ৰকাশ নকৰিলে।
খেৰাই লগতে আমেৰিকাৰ ৱাইমিং ৰাজ্যত পঞ্জীয়নভুক্ত এচেট কালেকটিভ এল এল চি নামৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পুত্ৰৰ অংশীদাৰিত্ব থকা এটা কোম্পানীৰ বিষয়টোও পোহৰলৈ আনিছে। হোটেল প্ৰকল্পত বিনিয়োগ কৰাৰ পৰিকল্পনাৰে কোম্পানীটোৰ বাজেট ৩৪৬৭ কোটি মাৰ্কিন ডলাৰ বুলি জানিব পৰা গৈছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ প্ৰায় ৫২,০০০ কোটি টকা। খেৰাই ইয়াৰ কৰমুক্ত সুবিধাৰ কথা উল্লেখ কৰি ৱাইমিংত কিয় এনে কোম্পানী পঞ্জীয়ন কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে আৰু ইয়াৰ স্বচ্ছতা প্ৰকাশৰ আহ্বান জনায়।
নৈতিক আৰু আইনী উদ্বেগ ব্যক্ত কৰি খেৰাই কয় যে নিৰ্বাচন আয়োগে এই অভিযোগসমূহ লক্ষ্য কৰি পুংখানুপুংখভাৱে তদন্ত কৰিব লাগে। তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়, ‘অসমৰ ৰাইজে ইয়াৰ স্পষ্টতা লাভ কৰাৰ অধিকাৰ আছে। ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত কেনেকৈ একাধিক বিদেশী পাছপ’ৰ্ট আৰু বুজন পৰিমানৰ বিদেশী সম্পত্তি থাকিব পাৰে?”





