অহা ১৬ এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হ’ব সংসদৰ অধিৱেশন। এই সময়ত বিজেপি নেতৃত্বাধীন এন ডি এয়ে মহিলা সুৰক্ষা আইন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় সংশোধনী গৃহীত কৰিব বিচাৰিছে। কিন্তু আনফালে বিৰোধীয়ে বিজেপিক হেঁচা প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ১৫ এপ্ৰিলত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত এনে ৰণনীতিৰ সিদ্ধান্ত লোৱা হ’ব।
বিৰোধী দলৰ এটা অংশই চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সাজু হৈছে। বাতৰি অনুসৰি এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰক প্ৰশ্ন কৰিব পাৰে যে ২০১১ চনৰ লোকপিয়লৰ তথ্য সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ বাবে কিয় ব্যৱহাৰ কৰা হৈছে? ইচ্ছা কৰিলে চৰকাৰে ২০২১ চনৰ লোকপিয়লৰ ফলাফললৈ অপেক্ষা কৰিব পাৰিলেহেঁতেন।
কেৱল সেয়াই নহয়, আপ, আৰজেডি, ডিএমকেৰ দৰে দলসমূহে ২০২১ চনৰ লোকপিয়লৰ তথ্যক সমষ্টি সীমা নিৰ্ধাৰণৰ ভিত্তি হিচাপে গ্ৰহণ কৰাৰ বাবে হেঁচা দিব পাৰে।
এই দলসমূহৰ শীৰ্ষ সূত্ৰই ইণ্ডিয়া টুডেক নিশ্চিত কৰিছে যে সমাজবাদী পাৰ্টি আৰু আৰজেডিয়েও সীমা নিৰ্ধাৰণৰ লগতে ‘সংৰক্ষণৰ ভিতৰত সংৰক্ষণ’ৰ পুৰণি দাবীৰ ওপৰতো চৰকাৰৰ পৰা স্পষ্টতা বিচাৰিব।
বিভিন্ন বিৰোধী দলৰ সূত্ৰ অনুসৰি কাইলৈ ১৫ এপ্ৰিলত ইণ্ডিয়া ব্লকৰ দল আৰু আপকে ধৰি তেওঁলোকৰ সমভাৱাপন্ন মিত্ৰসকলে বৈঠকত মিলিত হৈ কৌশল ৰচনা কৰিব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দিল্লীস্থিত বাসগৃহত অনুষ্ঠিত হ’ব এই বৈঠক।
নিজৰ নিজৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ব্যস্ত থকাৰ পাছতো তৃণমূল কংগ্ৰেছ আৰু ডি এম কেৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে কয় যে আমি আজি আমাৰ কৌশল প্ৰকাশ নকৰো।আমি বৈঠকলৈ গৈ আলোচনা কৰিম। তেওঁ যুক্তি আগবঢ়ায় যে প্ৰস্তাৱিত সংশোধনীৰ সৈতে মহিলা সংৰক্ষণ আইন ৰূপায়ণৰ কোনো সম্পৰ্ক নাই। তেওঁ প্ৰশ্ন কৰে, “১৬ এপ্ৰিলত সংবিধান সংশোধনী বিধেয়ক গ্ৰহণ কৰা হ’ব। বিধেয়কসমূহৰ প্ৰতিলিপি ক’ত আছে?”
তেওঁ আৰু দাবী কৰে যে বিৰোধী দলসমূহক লগত নোলোৱাকৈ এই সাংবিধানিক সংশোধনীসমূহ গৃহীত কৰিব পৰাকৈ বিজেপিৰ হাতত সংখ্যা বা যাদুকৰী নম্বৰ নাই।
মনত ৰখা উচিত যে সংবিধানৰ ১৭০(১) অনুচ্ছেদৰ সংশোধনীকে ধৰি সাংবিধানিক সংশোধনী গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। আৰু সেয়াই বিৰোধীৰ বাবে প্লাছ পইণ্ট।
উল্লেখযোগ্য যে এই প্ৰস্তাৱিত সংশোধনী সন্দৰ্ভত বিৰোধীৰ স্থিতি আপে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। আপৰ সংসদীয় দলৰ মুৰব্বী সঞ্জয় সিঙে ইণ্ডিয়া টুডেক কয়, “চৰকাৰে ইচ্ছা কৰিলে এতিয়াই মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰিব পাৰিলেহেঁতেন। বৰ্তমানৰ ৫৪৩খন লোকসভাৰ আসনতে এই কাম অবিলম্বে কৰা সম্ভৱ।”



