মুম্বাইৰ কেকে ক্ৰিয়েট নামৰ এটা কন্টেন্ট ক্ৰিয়েচন প্ৰতিষ্ঠানৰ এক আজৱ নিয়ম বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই কাৰ্যালয়ত প্ৰতিদিনাই কামৰ ব্যস্ততাৰ মাজতে দুপৰীয়া সকলোৱে মিলি এক ঘণ্টাৰ বাবে বনভোজ বা পিকনিকৰ আয়োজন কৰে। যেতিয়াই দুপৰীয়া হয়, সকলো কৰ্মীয়ে নিজৰ কাম পেলাই থৈ একগোট হয়। এই গোট খোৱাটো কোনো মিটিং বা নতুন আঁচনিৰ বাবে নহয়, বৰঞ্চ সকলোৱে মিলি একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈহে তেওঁলোক একগোট হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই সংস্থাটোৰ প্ৰতিষ্ঠাপক কাভ্যা কৰ্ণাটকে নিজেও তেওঁৰ কৰ্মচাৰীসকলৰ সৈতে বহি একেলগে আহাৰ গ্ৰহণ কৰে।
সংস্থাটোৰ চিইঅ’ কাভ্যা কৰ্ণাটকে শেহতীয়াকৈ তেওঁৰ লিঙ্কডইন একাউণ্টত এটা ফটো শ্বেয়াৰ কৰিছে য’ত দেখা গৈছে যে তেওঁ নিজৰ সহকৰ্মীসকলৰ সৈতে মাটিত বহি খাবলৈ বহিছে। সকলোৱে এটা বৃত্তৰ দৰে ঘূৰণীয়াকৈ বহিছে আৰু মাজত থকা এখন মেজত সকলোৰে ঘৰৰ পৰা অনা বিভিন্ন খাদ্যবস্তু ৰখা হৈছে। ইয়াত কোনেও অকলে নাখায় আৰু সকলোৱে ইজনে সিজনৰ খাদ্য ভগাই লয়। কাভ্যাৰ মতে তেওঁলোকৰ অফিচত প্ৰায় ৪০ জন লোকে কাম কৰে আৰু প্ৰতিদিনে কামৰ প্ৰবল চাপ থাকে। সেইবাবেই দুপৰীয়া ২ বজাত এক ঘণ্টাৰ বাবে কামৰ পৰা জিৰণি লৈ তেওঁলোকে নিজৰ মাজত ব্যক্তিগত কথা-বতৰা পাতে। এই এক ঘণ্টাৰ পিকনিকটো তেওঁলোকৰ অফিচত বাধ্যতামূলক কৰা হৈছে।
কাভ্যাই তেওঁৰ পোষ্টটোত উল্লেখ কৰিছে যে এই আহাৰৰ মেজখনত কোনো সৰু-বৰ বা উচ্চ-নীচৰ ভেদাভেদ নাই। অভিজ্ঞতাৰ ফালৰ পৰা কোনোবা হয়তো ওপৰত হ’ব পাৰে, কিন্তু খোৱাৰ সময়ত সকলো সমান। তেওঁলোকৰ মাজত ধৰ্ম, লিংগ বা জাতিৰ কোনো প্ৰভেদ নাই। আনকি বহু সময়ত দেখা যায় যে অফিচৰ এজন মেনেজাৰে এজন ইণ্টাৰ্ণৰ পাতৰ পৰা চাটনি লৈ খাইছে আৰু নিজৰ টিফিনৰ পৰা আলুর পৰঠা তেওঁক দি দিছে। কেতিয়াবা আকৌ এই এসাজ খোৱাৰ সময় এঘণ্টাতকৈও অধিক হৈ যায়। কৰ্মচাৰীসকলে খোৱাৰ লগতে বিভিন্ন ধৰণৰ খেলতো অংশগ্ৰহণ কৰে। কাভ্যাৰ মতে এই সময়ছোৱাত তেওঁলোকৰ এনেকুৱা লাগে যেন তেওঁলোকে অফিচত নহয়, বৰঞ্চ নিজৰ পৰিয়ালৰ সৈতেহে বহি আছে।
এই বিশেষ নিয়মটোৰ কথা পোহৰলৈ অহাৰ পিছতে নেটিজেনসকলে ইয়াক প্ৰশংসাৰে উপচাই পেলাইছে। বহুতৰে মতে বৰ্তমানৰ যুগত কৰ্মক্ষেত্ৰত এনেকুৱা এটা সুন্দৰ পৰিৱেশ দেখাটো বিৰল। সাধাৰণতে উচ্চ পদস্থ বিষয়াসকলে নিম্নবৰ্গৰ কৰ্মচাৰীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা দেখা যায়, কিন্তু এই কাৰ্যালয়ত মালিকৰ কোনো অহংকাৰ নাই। বহুতে মন্তব্য কৰিছে যে এনেদৰে মিলি-জুলি থাকিলে কৰ্মচাৰীসকলৰ মন ফৰকাল হৈ থাকে আৰু তেওঁলোকৰ কাম কৰাৰ শক্তি বা উৎসাহ বহুগুণে বৃদ্ধি পায়। মুঠতে কৰ্মক্ষেত্ৰৰ এই মানবিকতাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।





