অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ ‘দায়িত্বজ্ঞানহীন’ মন্তব্যত লজ্জানত হৈ পৰিছে ভাৰত। হিমন্তৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত তাৰিক ৰহমান চৰকাৰে ঢাকাৰ ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্ত পৱন বাধেক তলব কৰিছে।
বৃহস্পতিবাৰে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে পৱন বাধেক চমন কৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান (দক্ষিণ এছিয়া) ইছৰাত জাহানে ঢাকাৰ ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্তক ঢাকাৰ স্থিতি অৱগত কৰে।
শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবাদ মাধ্যমত ‘বাংলাদেশ বিৰোধী’ মন্তব্য কৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল, “আমি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে মহম্মদ ইউনুছৰ সময়ত যি পৰিস্থিতি আছিল, সেয়াই যেন থাকে। (ভাৰত-বাংলাদেশ) সম্পৰ্ক যাতে উন্নত নহয়।” পুছ-বেকৰ বিষয়টো উত্থাপন কৰি হিমন্তই কয়, “ৰাতিৰ আন্ধাৰত বাংলাদেশৰ পৰা ভাৰতলৈ পুছ বেক কৰা হয়।”
গেৰুৱা নেতাগৰাকীৰ এনে দায়িত্বহীন মন্তব্যত ঢাকা অত্যন্ত ক্ষুব্ধ। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ইছৰাত জাহানে এই বিষয়ত ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্ত পৱন বাধেক মতাই নি নিজৰ স্থিতি প্ৰকাশ কৰে।
সূত্ৰ অনুসৰি বাংলাদেশে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক বাংলাদেশ-ভাৰতৰ সম্পৰ্কক অপমান কৰা বুলি অভিহিত কৰিছে। লগতে বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টিও প্ৰকাশ কৰিছে।





