• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেউলীয়া পাকিস্তানে ৫০ বছৰৰ পাছত ল’লে ডাঙৰ সিদ্ধান্ত, অৰ্থনীতি উদ্ধাৰৰ বাবে পুনাৰম্ভ কৰিলে সুৰা ৰপ্তানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:22 am
107
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় পাঁচ দশকৰ মূৰত পাকিস্তানৰ একমাত্ৰ স্থানীয় সুৰা কোম্পানী মুৰী ব্ৰুৱাৰীয়ে পুনৰ সুৰা ৰপ্তানি আৰম্ভ কৰিছে। যদিও দেশখনৰ মুছলমান জনসংখ্যাৰ বাবে সুৰা পান কৰা নিষিদ্ধ, তথাপিও এই কোম্পানীটোৱে অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো-অপাৰেচন বা অ‘আইচিৰ অন্তৰ্গত নোহোৱা দেশসমূহলৈ বিয়েৰ আৰু অন্যান্য সুৰা ৰপ্তানি কৰিবলৈ লৈছে। কোম্পানীটোৰ ৰপ্তানি প্ৰবন্ধক ৰমিজ শ্বাহে জানিবলৈ দিয়া মতে, যোৱা এপ্ৰিল মাহত যুক্তৰাজ্য, জাপান, পৰ্তুগাল আৰু থাইলেণ্ড আদি দেশলৈ সুৰা প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বেও কোম্পানীটোৱে পেকেজড জুচ, মিনাৰেল ৱাটাৰ আৰু ফলৰ সোৱাদযুক্ত পানীয় ৰপ্তানি কৰি আহিছে।

২০২৫ চনত পাকিস্তান চৰকাৰৰ পৰা সুৰা ৰপ্তানিৰ বাবে এই কোম্পানীটোৱে আনুষ্ঠানিক অনুমতি লাভ কৰিছিল। ১৮৬০ চনত ব্ৰিটিছ সৈন্যক বিয়েৰ যোগান ধৰাৰ উদ্দেশ্যেৰে এডৱাৰ্ড ডায়াৰ আৰু এডৱাৰ্ড হোৱাইম্পাৰ নামৰ দুজন ব্ৰিটিছ উদ্যোগীয়ে এই মুৰী ব্ৰুৱাৰী স্থাপন কৰিছিল। ১৯৪৭ চনৰ দেশ বিভাজনৰ পূৰ্বে এটা পাৰ্চী পৰিয়ালে এই কোম্পানীটো ক্ৰয় কৰিছিল। বৰ্তমান ইছফান্যৰ ভাণ্ডাৰাই এই কোম্পানীটো পৰিচালনা কৰি আছে। তেওঁ পাকিস্তানৰ নেশ্যনেল এছেম্বলীৰ এজন সদস্য হোৱাৰ লগতে এই ৰপ্তানি অনুজ্ঞাপত্ৰ লাভ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Apply Now

ইয়াৰ পূৰ্বে ২০২১ চনত পাকিস্তান চৰকাৰে বেলুচিস্তানত চীনৰ দ্বাৰা পৰিচালিত এটা কোম্পানীক সুৰা উৎপাদনৰ অনুমতি দিছিল। এইটো ঘাইকৈ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰকে ধৰি বিভিন্ন প্ৰকল্পত নিয়োজিত হাজাৰ হাজাৰ চীনা শ্ৰমিকৰ চাহিদা পূৰণৰ বাবে কৰা হৈছিল। উল্লেখযোগ্য যে, ১৯৭৭ চনলৈকে পাকিস্তানৰ সকলো নাগৰিকৰ বাবে সুৰা উপলব্ধ আছিল। কিন্তু ইছলামিক সংগঠনসমূহৰ হেঁচাত পৰি তেতিয়াৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৱে ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। তাৰ পাছৰ পৰা মুৰী ব্ৰুৱাৰীয়ে কেৱল অ-মুছলমান নাগৰিক আৰু বিদেশীসকলকহে অনুজ্ঞাপত্ৰ থকা দোকানৰ জৰিয়তে সুৰা বিক্ৰী কৰিব পাৰিছিল। এই নিষেধাঞ্জাৰ পূৰ্বে কোম্পানীটোৱে ভাৰত, আফগানিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈকো সুৰা ৰপ্তানি কৰিছিল।

ৰপ্তানিৰ অনুমতি পোৱাৰ পাছত মুৰী ব্ৰুৱাৰীয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় বিতৰকসকলৰ সৈতে কাম কৰি আছে। কোম্পানীটোৱে প্ৰথমে এক শক্তিশালী ৰপ্তানি নেটৱৰ্ক গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে আৰু তাৰ পাছত উৎপাদন বৃদ্ধি কৰিব বিচাৰিছে। যোৱা কেইবছৰমানত কোম্পানীটোৱে সুৰাবিহীন পানীয়ৰ পৰা যথেষ্ট ধন উপাৰ্জন কৰিছে আৰু যোৱা বিত্তীয় বৰ্ষত প্ৰায় ১০০ মিলিয়ন ডলাৰ ৰাজহ সংগ্ৰহ কৰিছে। এতিয়া কোম্পানীটোৱে সমগ্ৰ বিশ্বতে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি অধিক বিদেশী মুদ্ৰা অৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd