অসম, পশ্চিম বংগ, তামিলনাডু, কেৰেলা আৰু পডুচেৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল কালি ওলাল। ইয়াৰে দুখন ৰাজ্য অসম আৰু পশ্চিম বংগৰ নিৰ্বাচনী ফলাফলে মোক স্তম্ভিত কৰিছে। এই ফলাফলে মোৰ মনত ভালেমান প্ৰশ্নৰ জন্ম দিছে। পশ্চিম বংগ বিজেপিয়ে দখল কৰিবলৈ উঠি-পৰি লাগিছিল। তাৰ কাৰণে তেওঁলোকে কি কৰা নাছিল? তাত ‘এচ আৰ’ কৰিছিল। তাৰ ৰাজ্যপাল সলনি কৰিছিল, পুলিচ প্ৰধান সলনি কৰিছিল।
তাত কেন্দ্ৰীয় সুৰক্ষা বাহিনী এনেদৰে মোতায়েন কৰা হৈছিল যে পশ্চিম বংগত নিৰ্বাচন নহয় যেন কিবা এখন যুদ্ধহে লাগিছিল। আৰু কি হ’ল? তেওঁলোকে কৈছিল যে তেওঁলোকে ২০০ আসন পাব; তেওঁলোকে সেই সংখ্যাও অতিক্ৰম কৰিলে। অসমত তেওঁলোকে যিমান আসন পাম বুলি কৈছিল, ঠিক সিমান আসন পালে। অসমত এইবোৰ কৰাৰ প্ৰয়োজন নাছিল, কিয়নো ইয়াত সকলো তেওঁলোকৰ নিয়ন্ত্ৰণতে আছিল। পশ্চিম বংগ আৰু অসম সম্পৰ্কে তেওঁলোকে যি কৈছিল, সেইটো কেনেকৈ আখৰে আখৰে ফলিয়ালে দেখিলে? মনত আছেনে ইয়াৰ আগয়ে যেতিয়া হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল, ঠিক একেই অৱস্থা হোৱা নাছিলনে? এই তিনিওখন ৰাজ্যতে বিৰোধীৰ তেওঁলোকে অৱস্থা নোহোৱা কৰি দিছিল। অসম আৰু পশ্চিম বংগত এইবাৰ তাৰেই পুনৰাবৃত্তি আমি দেখা পোৱা নাইনে? এই গোটেই কেইখন ৰাজ্যত বিজেপিৰ জয়ৰ আৰ্হিটো একে নহয়নে?
আচলতে হৈছে কি? আমি কি দেখিছোঁ? আমি এফালে দেখিছোঁ নিৰ্বাচনী ফলাফল বিজেপিয়ে যি হোৱাটো বিচাৰিছে ঠিক সেইটোৱে হৈছে। মানে নিৰ্বাচনী ফলাফল সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণত। তাৰ বিপৰীতে বিৰোধীৰ কোনো নিয়ন্ত্ৰণ নাই। বিৰোধীয়ে যি ভাবে, বাস্তৱ পৰিস্থিতি তাৰ ওচৰেৰেও নাযায়। এটা কথা ঠিক যে তেওঁলোকে শাসনত অহাৰ পিছদিনাৰ পৰাই পিছৰ নিৰ্বাচনটো কেনেকৈ জিকিব পাৰি তাৰ চিন্তা কৰে আৰু তাৰ কাৰণে পৰিকল্পনা কৰে। তাৰ বিপৰীতে বিৰোধীৰ মাজত নিৰ্বাচন আহি পদূলিমুখ পোৱালৈকে মিত্ৰতাৰ আলাপ-আলোচনা চলি থাকে।
এইটোও ঠিক যে তেওঁলোকৰ হাতত কেন্দ্ৰীয় চৰকাৰ আছে, নিৰ্বাচন আয়োগ আছে, প্ৰচাৰ মাধ্যম, কৰ্পোৰেট গোষ্ঠী আছে আৰু তেওঁলোকৰ টকা-পইচা অজস্ৰ। বিৰোধীৰ তাৰ এটাও নাই। কিন্তু তৎসত্ত্বেও যাদু-মন্ত্ৰৰ দৰে তেওঁলোকে যি কয় তাকে কেনেকৈ ইমান আখৰে আখৰে ফলিয়ায়? এইবোৰ বৰ আচৰিত আৰু অবিশ্বাস্য কথা নহয়নে? আৰু নীতি-অনীতিৰ কথাটো চাওক। ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ কথা ভাবক। তেওঁলোক বিজেপিলৈ যাওঁতে মানুহে কি কৈছিল! আৰু আজি দুয়োগৰাকী জিকি আহিল। এতিয়া হয়তো মন্ত্ৰীও হ’ব। মানে নীতি-অনীতিৰ কথা নাই, বিজেপিত সকলো সিদ্ধ। আৰু অসমত কি হ’ল? হিমন্ত বিশ্বই ইমানদিনে যি কৈ আছিল কংগ্ৰেছৰ বিষয়ে সেইটো কৰি দেখুৱালে। কংগ্ৰেছে ৯৯% আসন পালে ক’ত? সংখ্যালঘু অধ্যুষিত অঞ্চলত। গতিকে কংগ্ৰেছ যে ‘মিঞাৰ পাৰ্টি’, তাত হিমন্ত বিশ্ব আৰু বিজেপিয়ে ছিল-মোহৰ মাৰি দিলে। ঠিক সেইটোৱে তেওঁলোকে পশ্চিম বংগত মমতাৰ ক্ষেত্ৰতো কৰিলে— মানে পূৰা মেৰু বিভাজন। যি কৰিব বিচাৰিছে সেইটোৱে কৰি দেখুৱাইছে।
এইবোৰ দেখি শুনি কম ধতুৱা মানুহ ঠিতাতে ঢলি পৰিবও পাৰে। আকৌ দক্ষিণ ভাৰতত কি হ’ল? দক্ষিণ ভাৰতত যেন সকলো স্বাভাৱিক। যি হ’ব লাগে ঠিক তেনেকৈ হৈছে। কেৰেলাত বামপন্থী জোঁটে দুবাৰ শাসন কৰিলে, গতিকে এইবাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ আহিল। তামিলনাডুত ডি এম কে যোৱাবাৰ শাসনত আছিল, এইবাৰ তেওঁলোক গ’ল, বেলেগ পাৰ্টি আহিল। কৰ্ণাটকৰ বাহিৰে দক্ষিণৰ কোনো ৰাজ্যতে বিজেপিৰ কোনো খোপনি নাই। গতিকে তাত লটৰ-পটৰ কৰিলে কথাটো বৰ বেয়া দেখুৱাব। এনেও দুই-চাৰিখন ৰাজ্য বেলেগৰ হাতত থাকিলে গণতন্ত্ৰ ঠিকে-ঠিকে চলি থকা বুলি দেখুৱাবলৈ সহজ।
এইবাৰ অসম বিধানসভাত কি হ’ব জনা আছে। অখিল-হিমন্তৰ তৰ্ক-বিতৰ্কই ৰাইজক হাঁহিৰ খোৰাক যোগাব। হিমন্ত বিশ্ব শৰ্মাই যি কৰিব বিচাৰে তাকেই হ’ব। ঠিক সেইটোৱে হ’ব পশ্চিম বংগ বিধানসভাত। বিজেপিয়ে কেতিয়াৰ পৰা এনেদৰে নিৰ্বাচনৰ ‘ৰায় নিৰ্মাণ’ত একাণপতীয়াকৈ লাগিছে আপোনালোকে মন কৰিছেনে? সেইটো আৰম্ভ হৈছিল ২০২৩ চনৰ সংসদীয় নিৰ্বাচনৰ সময়ৰ পৰা। তাৰ পিছত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলবোৰ চাওক। গতিকে কথাটো কি হ’ল— ভাৰতবৰ্ষ এখন সম্পূৰ্ণৰূপে ‘নিৰ্বাচিত কৰ্তৃত্ববাদী’, ইংৰাজীত যাক ‘Elected Autocracy’ বুলি কয়, তেনে এখন দেশত পৰিণত হ’ল। এতিয়া গণতন্ত্ৰ, ব্যক্তি স্বাধীনতা, প্ৰচাৰ মাধ্যমৰ স্বাধীনতা, সামাজিক মাধ্যম, নাগৰিক সমাজ— এইবোৰ অসাৰ আৰু নিৰৰ্থক। এই পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পৰা যাব? এইটো এটা জটিল প্ৰশ্ন। কিন্তু আমি তাৰ উত্তৰ বিচাৰিবই লাগিব।





